জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাঃ ৫ অভিযুক্তক আদালতত হাজিৰ, কি সিদ্ধান্ত ল’লে ন্যায়ালয়ে…

Zubeen Garg Death Case: জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা ৫ অভিযুক্তক পুনৰ হাজিৰ কৰোৱা হয় আদালতত। তেওঁলোকক আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাঃ ৫ অভিযুক্তক আদালতত হাজিৰ, কি সিদ্ধান্ত ললে ন্যায়ালয়ে...

৫ অভিযুক্ত

Published: 

28 Oct 2025 | 11:26 AM

জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত ৫ অভিযুক্তৰ ন্যায়িক জিম্মা বৃদ্ধি। সোমবাৰে আটাইকেইজন অভিযুক্তক ভাৰ্চুৱেলী হাজিৰ কৰোৱা হৈছিল আদালতত। আদালতে আটাইকেইজনক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। পুনৰ ন্যায়িক জিম্মা বৃদ্ধি কৰাসকলৰ ভিতৰত আছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সান্দীপন  গাৰ্গ, ২ পি এছ অ পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা। ষট পূজাৰ বন্ধৰ বাবে এদিন আগতে আটাইকেইজনক আদালতত হাজিৰ কৰোৱা হয়।

যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত ৰহস্যজনক মৃত্যুক সাৱতি লৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গে। ইয়াৰ পাছতে গ্ৰেপ্তাৰ হৈছিল কেইবাজন লোক। জানিব পৰা মতে, শ্যামকানু মহন্তই নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ গৈছিল। ইফালে জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত তেওঁৰ সৈতে একলগে আছিল সিদ্ধাৰ্থ শৰ্মা আৰু সন্দীপন গাৰ্গ। ইয়াৰ বিপৰীতে জুবিন গাৰ্গৰ দুই ব্যক্তিগত দেহাৰক্ষীৰ পৰা আৰক্ষীয়ে কোটি কোটি টকা লেনদেনৰ তথ্য লাভ কৰিছিল।

যাৰ বাবে আটাইকেইজনক গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ লগতে বৰ্তমান জেলত আছে শেখৰ গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত। এই সমগ্ৰ কাণ্ড সন্দৰ্ভত বৰ্তমান এছ আই টিয়ে তদন্ত কৰি আছে। প্ৰতিদিনে বহু মানুহক এছ আই টিয়ে জেৰা চলাই আছে। আজি তদন্তকাৰী সংস্থাই জেৰা কৰিব লেখিকা ৰীতা চৌধুৰীক। কিয়নো তেওঁৰ সৈতে জুবিনে শেষৰটো সাক্ষাৎকাৰ কৰিছিল।

প্ৰায় সমূহ অসমবাসীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আছে। সামাজিক মাধ্যমৰ পৰা ৰাজপথলৈ, সকলোতে কেৱল অনুৰাগীয়ে প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায় দাবী কৰি আছে। গতিকে এছ আই টিৰ তদন্তত কি কি তথ্য় পোহৰলৈ আহে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

 

অন্য খবৰ পঢ়কঃ নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰিলে ডিভাইডাৰত! জাগীৰোডত থিতাতে মৃত্যু ৩ জনৰ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...