“ক’বলৈ শব্দ নাই, আমি এক অমূল্য সম্পদ হেৰুৱালোঁ”, হাৰ্টথ্ৰম জুনিব গাৰ্গৰ মৃত্যুত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ

প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে বিটিচি নিৰ্বাচনী প্ৰচাৰ বাতিল কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। তেওঁ কয়, "কি কম ! ক'বলৈ একো শব্দই বিচাৰি পোৱা নাই। এয়া জাতিটোৰ এক অপূৰণীয় ক্ষতি, আমি এক অমূল্য সম্পদ হেৰুৱালোঁ। "

কবলৈ শব্দ নাই, আমি এক অমূল্য সম্পদ হেৰুৱালোঁ, হাৰ্টথ্ৰম জুনিব গাৰ্গৰ মৃত্যুত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ

জুবিন গাৰ্গ

Published: 

19 Sep 2025 15:59 PM

যাওঁ বুলিয়ে গ’ল গৈ তেওঁ ! কাকো খাতিৰ নকৰিলে। এক ভাৱিব নোৱাৰা এটা খবৰ। অসমবাসীয়ে বুজিব নোৱাৰা খবৰ। ৫২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে। “অমানিশা সাৰে আছে, আৰু সাৰে আছো মই…” সেইগৰাকী জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই।

এই খবৰ লাভ কৰাৰ লগে লগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে বিটিচি নিৰ্বাচনী প্ৰচাৰ বাতিল কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। তেওঁ কয়, “কি কম ! ক’বলৈ একো শব্দই বিচাৰি পোৱা নাই। এয়া জাতিটোৰ এক অপূৰণীয় ক্ষতি, আমি এক অমূল্য সম্পদ হেৰুৱালোঁ। ”

সংবাদ মাধ্যমৰ আগত তেওঁ কয়, “পবিত্ৰ মাৰ্ঘেৰিটাই এই মাত্ৰ মোক জনাইছে যে, আমাৰ মৰমৰ জুবিন এই সংসাৰত নাই। বৰ মৰ্মান্তিক ঘটনা। আজি বিজেপি দলে নিৰ্বাচনী প্ৰচাৰ নকৰাৰ সিদ্ধান্ত লৈছে। অতি সোনকালে গুৱাহাটীলৈ উভতি যাম। গুৱাহাটীত গৈ তেখেতৰ সৎকাৰ বা কি ধৰণে গুৱাহাটীলৈ তেখেতক অনা হয়, সেই সন্দৰ্ভত আলোচনা কৰিম।”

উল্লেখ্য যে, নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অংশগ্ৰহণৰ বাবে ছিংগাপুৰলৈ গৈছিল অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে। খবৰ অনুসৰি, ইয়াৰ মাজতে তেওঁ স্কুবা ডাইভিং কৰিবলৈ গৈছিল জুবিন। সেই সময়তে তেওঁ অসুস্থ হৈ অচেতন হৈ পৰে। ইয়াৰ পাছত জুবিন গাৰ্গক তাৎক্ষণিভাৱে হাস্পতালত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰে।

খাতিৰ নকৰাকৈ গ'লগৈ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ...
ওজন বৃদ্ধি, আৰু ভাগৰ... এয়া বৃক্কজনীত সমস্যাৰ লক্ষণ নেকি?
১০ বছৰ পাছত বিৰল সংযোগ! নৱেম্বৰত কপাল ফুলিব এই ৰাশিৰ লোকৰ...
প্ৰথম প্ৰতিদ্বন্দীয়েই হ’ব পাকিস্তান, এছিয়া কাপ ছুপাৰ-৪ত কেতিয়া ভাৰতৰ মেচ!