Zubeen garg: কেতিয়া অসমলৈ অনা হ’ব জুবিনৰ নশ্বৰ দেহ?

Zubeen garg death: মাত্ৰ ৫২ বছৰ বয়সত সকলোকে কন্দুৱাই এই পৃথিৱীৰ পৰা বিদায় মাগিলে জুবিন গাৰ্গে। বৰ্তমান ছিংগাপুৰতে আছে জুবিনৰ নশ্বৰ দেহ। জুবিনৰ মৃতদেহ অসমলৈ অনাৰ ইতিমধ্যে যো জা চলাই আছে।

Zubeen garg: কেতিয়া অসমলৈ অনা হব জুবিনৰ নশ্বৰ দেহ?

জুবিন গাৰ্গ

Updated On: 

19 Sep 2025 | 08:07 PM

অসমীয়াৰ বাবে এক দুখবৰ। ১৯ ছেপ্টেম্বৰত মৃত্যুক সাৱতি লয় অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে। সাগৰত সাঁতুৰি থকাৰ সময়ত হঠাতে অসুস্থ হৈ পৰে জুবিন। লগে লগে তেওঁক হাস্পাতালত ভৰ্তি কৰোৱা হয় যদিও প্ৰাণ ৰক্ষা নপৰে। সকলোকে কন্দুৱাই মাত্ৰ ৫২ বছৰ বয়সতে মৃত্যুক সাৱতি লয় জুবিন গাৰ্গে। জানিব পৰা মতে, চিজাৰ হৈছিল জুবিনৰ। এই মৃত্যুৰ খবৰে সমগ্ৰ অসমতে শোকৰ ছা পেলাইছে।

বৰ্তমান জুবিনৰ মৃতদেহ ছিংগাপুৰতে আছে। তেওঁৰ নশ্বৰ দেহ অসমলৈ ঘূৰাই অনাৰ যো জা কৰি আছে চৰকাৰে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, “যদি মৰণোত্তৰ পৰীক্ষা কৰা হয় তেন্তে কাইলৈ সন্ধিয়া তেওঁৰ মৃতদেহ আহি পাব। যদি তাত মৰণোত্তৰ পৰীক্ষা কৰা নহয় তেন্তে এই ক্ষেত্ৰত আলোচনা চলি আছে। চৰকাৰে ছিংগাপুৰৰ দূতবাসৰ লগত যোগাযোগ কৰি আছে। গতিকে তাৰ সকলো আনুুষ্ঠানিকতা শেষ হ’লেই ঘুৰাই অনা হ’ব”।

ইফালে জানিব পৰা মতে, জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে ছিংগাপুৰ ভ্ৰমণ বাতিল কৰিছে। এনে স্থলত আশা কৰা  হৈছে যে শনিবাৰে জুবিনৰ মৃতদেহ অসমলৈ লৈ অনা হ’ব। অসমৰ এটা সংবাদ মাধ্যমে জুবিনৰ বন্ধুৰ উধৃতি দি প্ৰকাশ কৰিছে যে- বৰ্তমান ছিংগাপুৰৰ চিভিল হাস্পাতালত চলি আছে জুবিনৰ মৰণোত্তৰ পৰীক্ষা। গতিকে শনিবাৰে বিয়লিলৈ জুবিনৰ নশ্বৰ দেহ অসমলৈ আহি পাব। চিংগাপুৰ চৰকাৰৰ আনুষ্ঠানিকতা সম্পন্ন হোৱাৰ পাছত মৃতদেহটো ঘূৰাই আনিব।

ইফালে মুখ্যমন্ত্ৰীয়ে জনাইছে যে, আজি সন্ধিয়া জুবিন সন্দৰ্ভত এক সংবাদমেল অনুষ্ঠিত কৰিব। য’ত তেওঁৰ শেষ যাত্ৰাৰ সবিশেষ উল্লেখ কৰিব। ৰাজ্যিক মৰ্যদাৰে বিদায় দিব জুবিন গাৰ্গক।

 

অন্য খবৰ পঢ়কঃ চিন্তা নকৰিবা, কৰ্ণেল পুনৰ ঘূৰি আহিব- আজিৰ দিনটোতেই ৮ বছৰ আগতে কি লিখিছিল জুবিনে?

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব