জামিন পাব নেকি অমৃতপ্ৰভা আৰু জুবিন গাৰ্গৰ দুই দেহৰক্ষীয়ে! অধিবক্তাই আদালতত দিলে এনে যুক্তি

ইয়াৰ বিপৰীতে চৰকাৰী অধিবক্তাই আদালতত অতি সবলভাৱে বিপৰীত যুক্তি আগবঢ়ায় বুলি উল্লেখ কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। শুনানিত চৰকাৰী অধিবক্তাই অতি সুন্দৰকৈ যুক্তি তৰ্ক দৰ্শাইছে আৰু সেয়ে আত্মবিশ্বাস বৃদ্ধি পাইছে বুলি তেওঁ মন্তব্য কৰে।

জামিন পাব নেকি অমৃতপ্ৰভা আৰু জুবিন গাৰ্গৰ দুই দেহৰক্ষীয়ে! অধিবক্তাই আদালতত দিলে এনে যুক্তি

জুবিন গাৰ্গ গোচৰৰ দুই অন্যতম অভিযুক্ত

Updated On: 

22 Jan 2026 | 09:01 PM

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি অনুষ্ঠিত হয় শুনানি। এই গোচৰৰ তিনিগৰাকী অন্যতম প্ৰধান অভিযুক্ত ক্ৰমে অমৃতপ্ৰভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাই দাখিল কৰা জামিন আবেদনৰ শুনানি গ্ৰহণ কৰে আদালতে। শুনানিৰ সময়ত দুয়োপক্ষৰ অধিবক্তাৰ যুক্তি শুনাৰ পিছত আদালতে অভিযুক্তকেইগৰাকীৰ জামিন সন্দৰ্ভত ৰায়দান সংৰক্ষিত ৰাখিছে। এতিয়া অহা ৩০ জানুৱাৰীত এই সন্দৰ্ভত ৰায়দান কৰিব আদালতে।

আদালতত দুয়োপক্ষৰ যুক্তি

শুনানিৰ সময়ত অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই কয় যে অমৃতপ্ৰভা এগৰাকী কম বয়সীয়া যুৱতী আৰু তেওঁ কেৱল সাংস্কৃতিক অনুষ্ঠানৰ বাবেহে জুবিন গাৰ্গৰ সংগী আছিল। সেয়েহে তেওঁৰ জামিন মঞ্জুৰ কৰিব লাগে বুলি অধিবক্তাই যুক্তি দৰ্শায়। আনহাতে, অভিযুক্ত পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ অধিবক্তাই আদালতক জনাই যে তেওঁলোকে জুবিন গাৰ্গৰ পৰা কোনো ধন ধাৰলৈ লোৱা নাছিল, বৰঞ্চ মাটি কিনিবলৈহে ধন দিছিল।

ইয়াৰ বিপৰীতে চৰকাৰী অধিবক্তাই আদালতত অতি সবলভাৱে বিপৰীত যুক্তি আগবঢ়ায় বুলি উল্লেখ কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। শুনানিৰ পিছতে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰে গৰিমা শইকীয়া গাৰ্গে। এই সময়ত তেওঁ শুনানিত চৰকাৰী অধিবক্তাই অতি সুন্দৰকৈ যুক্তি তৰ্ক দৰ্শাইছে আৰু সেয়ে আত্মবিশ্বাস বৃদ্ধি পাইছে বুলি মন্তব্য কৰে।

আবেদন প্ৰত্যাহাৰ শ্যামকানু-সন্দীপনৰ

লক্ষণীয়ভাৱে গোচৰটোৰ অন্যতম দুই অভিযুক্ত শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গৰ অধিবক্তাই তেওঁলোকৰ জামিন আবেদন প্ৰত্যাহাৰ কৰিছে। ইফালে, শ্যামকানুৰ বেংক একাউণ্ট ডিফ্ৰীজ (Defreeze) কৰা আৰু অভিযুক্ত সিদ্ধাৰ্থৰ ফ্লেট ছীল কৰাৰ সন্দৰ্ভত SIT-এ কৰা আবেদনৰ ৰায়দান তথা শুনানিও অহা ৩০ জানুৱাৰীত অনুষ্ঠিত হ’ব।

ফাষ্টট্ৰেক আদালতৰ আহ্বান

বিচাৰ প্ৰক্ৰিয়াৰ সন্দৰ্ভত অধিবক্তা অপূৰ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত বিশেষ মন্তব্য কৰিছে। তেওঁ কয়, “জুবিন গাৰ্গ অসমৰ সকলোৰে ঘৰৰ মানুহৰ দৰে, সেয়েহে এই গোচৰটোৰ সোনকালে নিষ্পত্তি হোৱা উচিত।” তেওঁ চৰকাৰক এই গোচৰটোৰ বাবে বিশেষ আদালত বা ফাষ্টট্ৰেক আদালত গঠন কৰিবলৈ অথবা ‘Day to Day’ (প্ৰতিদিনীয়া) শুনানিৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়।

অন্যথা এই গোচৰ নিষ্পত্তি হ’বলৈ ২০ বছৰ পৰ্যন্ত সময় লাগিব পাৰে বুলি অধিবক্তাগৰাকীয়ে লগতে কয়। ইয়াৰ সমান্তৰালকৈ অধিবক্তা অপূৰ্ব শৰ্মাই এই বিচাৰ প্ৰক্ৰিয়াৰ ‘লাইভ ষ্ট্ৰীমিং’ কৰাৰো পোষকতা কৰে যাতে অসমৰ ৰাইজে আদালতত কি হৈছে সেয়া স্বচক্ষুৰে চাব পাৰে।

আজিয়েই এৰক পুৱা দেৰিলৈকে শোৱাৰ অভ্যাস, অন্যথা নিজে মাতি আনিব এই ৫টা বিপদ
অফিচৰ কামৰ সময়তো হেঁচা মাৰি ধৰে নেকি ভাগৰে? এই ৫টা মাত্ৰ সহজ টিপ্ছে দিব সকাহ
WIFI ৰ সম্পূৰ্ণ অৰ্থ কি? ইয়াৰ আৰম্ভণি কেনেকৈ হৈছে জানক
হনুমানক পূজা কৰিও ফল পোৱা নাই নেকি? তেন্তে প্ৰসন্ন কৰিবলৈ এই তেলৰ চাকি দিবলৈ নাপাহৰিব!
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...