শেষকৃত্যৰ দিনাই চৰম পন্থা জুবিন অনুৰাগীৰ, ভিডিঅ’ কৰি…

গোৱালপাৰা জিলাৰ দলগোমা কদমতলাত সংঘটিত হৈছে এই ঘটনা।  ডিঙিত চিপ লৈ আত্মহত্যা মানস দাসৰ। মৃত্যুৰ পূৰ্বে নিজৰ মোবাইলত জুবিন গাৰ্গৰ ন্যায় বিচাৰি বনাই থৈ গ'ল ভিডিঅ'।

শেষকৃত্যৰ দিনাই চৰম পন্থা জুবিন অনুৰাগীৰ, ভিডিঅ কৰি...

প্ৰতীকি ফটো

Updated On: 

23 Sep 2025 16:35 PM

চিৰদিনৰ বাবে গ’লগৈ অসমীয়া  প্ৰিয় জুবিন। লাখ-লাখ জনতাই আজি কান্দিছে। গাইছে ‘মায়াৱিনী ৰাতিৰ বুকুত’, চিঞৰিছে ‘জয় জুবিন দা’। অনুভৱ কৰিছে জুবিন গাৰ্গ অসমবাসীৰ মাজত কায়িকভাৱে নথকাৰ। সোণাপুৰৰ হাতীমূৰা এতিয়া জুবিন গাৰ্গৰ শেষ ঠিকনা। ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয় শিল্পীগৰাকীৰ। য’ত প্ৰিয় শিল্পীগৰাকীক শেষ বিদায় জনালে গুণমুগ্ধই । ইয়াৰ মাজতে সংঘটিত হৈছে এটা শোকাৱহ ঘটনা।

ইয়াৰ মাজতে চৰম পন্থা বাছি ল’লে এজন যুৱকে। জানিব পৰা মতে গোৱালপাৰা জিলাৰ দলগোমা কদমতলাত সংঘটিত হৈছে এই ঘটনা।  ডিঙিত চিপ লৈ আত্মহত্যা মানস দাসৰ। মৃত্যুৰ পূৰ্বে নিজৰ মোবাইলত জুবিন গাৰ্গৰ ন্যায় বিচাৰি বনাই থৈ গ’ল ভিডিঅ’। হিয়াৰ আমঠু শিল্পীগৰাকীৰ মৃত্যু সহজভাৱে ল’ব পৰা নাছিল তেওঁ। জুবিন গাৰ্গৰ মৃত্যুৰ শোক সহিব নোৱাৰিয়েই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি সন্দেহ পৰিয়ালৰ লোকৰ।

ভিডিঅ’টোত তেওঁ কয়,’জুবিনক বহুত ভাল পাওঁ। জুবিনৰ নিচিনা কোনো হ’ব নোৱাৰে। তেওঁৰ মৃত্যু আকষ্মিক নহয়। জুবিনক হত্যা কৰা হৈছে। তেওঁক ছিংগাপুৰত মাতি নিব নাগিছিল। তেওঁ অসুস্থ বুলি সকলোৱে জানে। ইয়াৰ উচিত তদন্ত হওক। জুবিন নাই মোৰো জীয়াই থাকিব ইচ্ছা নাই। মই মদ খাওঁ , কিন্তু জুবিনক বহুত ভাল পাও।’

উল্লেখ্য যে, দুদিন পূৰ্বে জুুবিনৰ মৃত্যু সহিব নোৱাৰি জাহাজৰ পৰা এজন যুৱকে জাপ দিছিল ব্ৰহ্মপুত্ৰত। খবৰ অনুসৰি, গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী ৰজাদূৱাৰ অভিমুখী এম ভি সুদৰ্শন নামৰ জাহাজৰ পৰা এজন যুৱকে জাপ দিছিল ব্ৰহ্মপুত্ৰত।লাইফ জেকেট পৰিধান কৰা ২২ বছৰীয়া যুৱকজনে হঠাৎ জাহাজৰ পৰা দিছিল জাপ। যুৱকজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।

ইফালে শেষ যাত্ৰাত অংশ লৈ খানাপাৰাত প্ৰতিবাদ সাব্যস্ত কৰিলে জুবিনৰ অনুৰাগীয়ে।শ্যামকানু মহন্ত আৰু সিদ্ধার্থক ৰাইজক গতাই দিয়াৰ দাবী। জুবিনে ন্যায় নাপালে ‘২৬ নিৰ্বাচনত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ।

লগতে পঢ়ক: পঞ্চভূতত বিলীন জুবিন গাৰ্গ, মায়াবিনীৰ সুৰেৰে প্ৰাণৰ শিল্পীক চিৰবিদায়

ঋতু পৰিৱৰ্তনৰ সময়ত ভাইৰাছৰ সংক্ৰমণৰ বাছি থকাৰ উপায়...
এই ৫ টা সাধাৰণ অভ্যাস হ'ব পাৰে হাৰ্ট এটেকৰ কাৰণ! জানক সকলো...
নৱৰাত্ৰিত শুভ সংযোগ, এই ৩ ৰাশিৰ ফুলিব কপাল!
খজুৱতি, বমি, প্ৰস্ৰাৱৰ ৰং সলনি...কি ৰোগৰ লক্ষণ জানেনে? জানক...