যোৰহাটৰ টীয়কত যুৱতীৰ মৃতদেহ উদ্ধাৰ! ৬ দিন ধৰি সন্ধানহীন হৈ আছিল যুৱতীগৰাকী

৩ নৱেম্বৰত বৰবৰুৱাৰ পৰা নিৰুদ্দেশ হৈ আছিল যুৱতীগৰাকী । ৬টা দিনে সন্ধানহীন হৈ থকা যুৱতী গৰাকীকলৈ চিন্তিত হৈ পৰিছিল পৰিয়ালৰ লোক । ঘটনাৰ সন্দৰ্ভত বৰবৰুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল পংকজ গগৈ নামৰ টিয়কৰ এজন যুৱকক। পিছত পুনৰ তিনিদিনৰ বাবে নিজৰ জিম্বাত আনি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

যোৰহাটৰ টীয়কত যুৱতীৰ মৃতদেহ উদ্ধাৰ! ৬ দিন ধৰি সন্ধানহীন হৈ আছিল যুৱতীগৰাকী

যোৰহাটৰ টীয়কত যুৱতীৰ মৃতদেহ উদ্ধাৰ!

Updated On: 

09 Nov 2024 15:49 PM

৬ দিনে নিৰুদ্দিষ্ট যোৰহাটৰ টীয়কৰ যুৱতী মধুস্মিতা বৰুৱাৰ মৃতদেহ উদ্ধাৰ। চেঁচা নৈত উদ্ধাৰ যুৱতীগৰাকীৰ মৃতদেহ । ডিব্ৰুগড়ৰ লেপেতকটাৰ পৰা ৬ দিনে নিৰুদ্দেশ হৈছিল যুৱতীগৰাকী।
লেপেটাকটা আৰক্ষী চকীৰ অন্তৰ্গত কোটোহা আলিয়াচুকৰ চেঁচা নদীত উদ্ধাৰ হয় মৃতদেহ ।

৩ নৱেম্বৰত বৰবৰুৱাৰ পৰা নিৰুদ্দেশ হৈ আছিল যুৱতীগৰাকী । ৬ টা দিনে সন্ধানহীন হৈ থকা যুৱতী গৰাকীকলৈ চিন্তিত হৈ পৰিছিল পৰিয়ালৰ লোক । ঘটনাৰ সন্দৰ্ভত বৰবৰুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল পংকজ গগৈ নামৰ টিয়কৰ এজন যুৱকক। পিছত পুনৰ তিনিদিনৰ বাবে নিজৰ জিম্বাত আনি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

লেপেটকটা ঘূৰণীয়াত এটা কোম্পানীত কৰ্মৰত আছিল মধুস্মীতা বৰুৱা । বায়েকৰ সৈতে আছিল মধুস্মীতা। টিয়কৰ পংকজ নামৰ যুৱক এজনে মৰাণ অইলত চাকৰি কৰো বুলি মিছা প্ৰলোভন দি প্ৰেমৰ সম্পৰ্ক গঢ়িছিল মধুস্মীতাৰ সৈতে । ৩ নৱেম্বৰৰ দিনা মৰাণ ছ্যুকাফা নগৰত দুয়ো এৰাতি থকাৰ পিছত পংকজে মধুস্মীতাক ট্ৰেভেলাৰ গাড়ীত উঠাই পঠিয়াইছিল। তাৰ পিছৰ পৰা নিৰুদ্দেশ হৈ আছিল যুৱতীগৰাকী ।

যুৱতীগৰাকীৰ বায়েকৰ ভাষ্য মতে সন্ধানহীন হোৱাৰ দিনা নিশা পংকজ গগৈৰ সৈতে আছিল মধুস্মিতা। কিন্তু নিশা ১২:৩০ বজালৈ ম’বাইল অফ কৰি ৰাখিছিল পংকজে।  মধুস্মিতাৰ পৰিয়ালে পংকজক যোগাযোগ কৰিবলৈ বহু চেষ্টা কৰিও ব্যৰ্থ হৈছিল । পুৱা ৫.৩০ বজাত মোবাইল অন হোৱাত মধুস্মিতাৰ ভায়েকে ফোন কৰিছিল পংকজ গগৈলৈ। ফোনত মধুস্মিতাৰ ভায়েকক পংকজ গগৈয়ে বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে। ইফালে আৰক্ষীয়ে আটক কৰাৰ পিছতে পংকজৰ পৰিয়ালৰ লোকে মধুস্মিতাৰ পৰিয়ালক গোচৰ উঠাই ল’বলৈ হেঁচা প্ৰয়োগ কৰিছিল।

তাৰ পাছতে আজি স্থানীয় লোকে চেঁচা নদীত প্ৰত্যক্ষ কৰে এগৰাকী যুৱতীৰ মৃতদেহ। তাৰ পাছতে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত লেপেটকটা আৰক্ষী। ঘটনাস্থলীত দণ্ডাধীশ উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে।  এয়া হত্যা নে আন কিবা? এতিয়া আৰক্ষীৰ তদন্তৰ পাছত হে প্ৰকৃত তথ্য পোহৰলৈ আহিব।

ইফালে গুৱাহাটী মহানগৰীতো সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। মহানগৰীৰ চানমাৰীস্থিত অসম খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ চৌহদৰ ভিতৰত থকা ল’জৰ পৰা পৰি মৃত্যু ঘটিছে এজন যুৱকৰ। এই ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰকাশিত খবৰ অনুসৰি যোৱা নিশা প্ৰায় ১.৩০ বজাত এই ঘটনা সংঘটিত হৈছে। ঘটনাৰ বিষয়ে খবৰ লাভ কৰাৰ পিছতে মহানগৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে। এই ঘটনাত প্ৰাণ হেৰুওৱা যুৱকজনক বিকাশ অধিকাৰী বুলি চিনাক্ত কৰা হৈছে। নিহত বিকাশ অধিকাৰীৰ ঘৰ গোৰেশ্বৰত বুলি জানিব পৰা গৈছে। কৰ্মসূত্ৰে গুৱাহাটীত আছিল নিহত বিকাশ অধিকাৰীৰ।

মহানগৰীৰ আদাবাৰীত সংঘটিত হৈছে আন এক অঘটন। আদাবাৰীৰ এটা নৱনিৰ্মিত অট্টালিকাৰ পৰা তললৈ পৰি মৃত্যু হৈছে এজন শ্ৰমিকৰ। নৱনিৰ্মিত ‘আশী মাৰ্গ’ নামৰ অট্টালিকাটোৰ পৰা পৰি এইদৰে শোকাৱহভাৱে প্ৰাণ হেৰুৱাই শ্রমিকজনে। ১৬ মহলীয়া অট্টালিকাটোত কাম কৰি থকা অৱস্থাতে তললৈ বাগৰি পৰে শ্ৰমিকজন আৰু থিতাতে প্ৰাণ হেৰুৱায়। নিহত শ্ৰমিকজনক ছাদিক আখটাৰ বুলি চিনাক্ত কৰা হৈছে।

ব্ৰা নিপিন্ধে উৰ্ফিয়ে! আঁৰৰ কাৰণ শুনিলে আচৰিত হোৱাৰ লগতে ভাবুক হ’ব আপুনিও….
দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey