প্ৰেমিকৰ সৈতে ব্যস্ত আছিল পত্নী, হঠাৎ ঘৰত উপস্থিত স্বামী! পাছত সংঘটিত এক ভয়ংকৰ ঘটনা…

ৰাজ্যত বৃদ্ধি পাই আহিছে অপৰাধজনিত ঘটনা। পুনৰ পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা। জানিব পৰা মতে, এগৰাকী মহিলাৰ এজন যুৱকৰ সৈতে পৰকীয়া প্ৰেমৰ সম্পৰ্ক আছিল।

প্ৰেমিকৰ সৈতে ব্যস্ত আছিল পত্নী, হঠাৎ ঘৰত উপস্থিত স্বামী! পাছত সংঘটিত এক ভয়ংকৰ ঘটনা...

মহিলাগৰাকী

Published: 

21 May 2025 14:08 PM

ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা।  প্ৰেমৰ নামত প্ৰায় প্ৰতিটো দিনতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু অনাকাংক্ষিত ঘটনা সংঘটিত হোৱা দেখা যায়। পুনৰ কামপুৰৰ পৰা এনে এক ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে, পৰকীয়া প্ৰেমৰ বাবে প্ৰাণ হেৰুৱাবলগীয়া হয় এগৰাকী মহিলা আৰু তেওঁৰ প্ৰেমিকে। পুনৰ পৰকীয়া প্ৰেমে প্ৰাণ কাঢ়িলে দুজনকৈ লোকৰ।  এই ঘটনাই সমগ্ৰ অঞ্চলত এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, কামপুৰত পৰকীয়া প্ৰেমৰ বাবে সংঘটিত হৈছে নৃশংস হত্যাকাণ্ডৰ ঘটনা। পত্নী আৰু পত্নীৰ অবৈধ প্ৰেমিকক হত্যা কৰিলে জয়কান্ত দাস নামৰ এজন লোকে। মঙলবাৰে নিশা সংঘটিত হৈছে এই ঘটনা।

ঘটনাৰ বিৱৰণী অনুসৰি, জয়কান্ত দাসৰ পত্নীৰ অন্য এজন যুৱকৰ সৈতে আছিল পৰকীয়া প্ৰেমৰ সম্পৰ্ক। স্বামী ঘৰত নথকা অৱস্থাত প্ৰায়ে প্ৰেমিকৰ সৈতে ব্যস্ত থাকে মহিলাগৰাকী। জানিব পৰা মতে, জয়কান্ত দাস আৰু পত্নী এটা ভাড়াঘৰত আছিল। ঘটনাৰ দিনা স্বামী ঘৰত নথকা অৱস্থাত প্ৰেম বিনিময়ত ব্যস্ত হৈ আছিল মহিলাগৰাকী আৰু তেওঁৰ প্ৰেমিক তথা টেট শিক্ষক ভাস্কৰ নাথ।

কিন্তু সেইদিনা হঠাতে ঘৰত উপস্থিত হয় মহিলাগৰাকীৰ স্বামী জয়কান্ত দাস । পত্নী আৰু যুৱকজনক একেটা কোঠাতে দেখি ক্ষোভিত হৈ পৰে জয়কান্ত দাস। তাৰ পাছতে তিনিওৰে মাজত কাজিয়াৰ সূত্ৰপাত হয়। এই কাজিয়াৰ পৰিণতিতে জয়কান্ত দাসে পত্নী গীতাৰাণী দাস আৰু পৰকীয়া প্ৰেমিক ভাস্কৰ নাথক লোহাৰ ৰদেৰে মৰিয়াই মৰিয়াই হত্যা কৰে। ইয়াৰ পাছতে কামপুৰ আৰক্ষী থানাত আত্মসমৰ্পন কৰে জয়কান্ত দাসে।

জানিব পৰা মতে, জয়কান্ত দাস নামৰ লোকজন কৰ্মসূত্ৰে কামপুৰৰ বাহিৰত থাকে। ইয়াৰ বিপৰীতে কামপুৰত ভাড়া কৰি আছিল তেওঁৰ পৰিয়াল। সেই ভাড়াঘৰৰ একেটা চৌহদতে বাস কৰিছিল টেট শিক্ষক ভাস্কৰ নাথ। এনেকৈ লাহে লাহে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল আৰু পাছলৈ ইয়াৰ বাবে দুয়ো প্ৰাণ হেৰুৱাবলগীয়া হয়।

ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পাছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ইয়াৰ বিপৰীতে জয়কান্ত দাসৰ জেৰা কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। তদন্তৰ অন্ততহে ঘটনা সন্দৰ্ভত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

অন্য খবৰ পঢ়কঃ গুৱাহাটীৰ ভাড়াঘৰত ৰহস্যজনক মৃত্যু ৪ মাহৰ গৰ্ভৱতী মহিলাৰ, পৰিয়ালৰ ডাঙৰ অভিযোগ…

দৰমহা ৩০ কোটি, পাছে কিয় বহুতে নিবিচাৰে এই চাকৰি? কাৰণ শুনিলে হ'ব আচৰিত...
পুনৰ কোৰোনা! ক'ভিড-১৯ ৰ JN.1 ভেৰিয়েন্টৰ লক্ষণসমূহ জানেনে? জানক...
আমেৰিকা নে ৰাছিয়া ? কাৰ পাৰমাণৱিক শক্তি বেছি ? ভাৰতৰ শক্তি কিমান ?
শত্ৰুক কি কৰা উচিত ? ক্ষমা নে প্ৰতিশোধ ! এই ক্ষেত্ৰত চাণক্যই কি পৰামৰ্শ দিছে জানক...