সোণাপুৰেই হ’ব পাৰে জুবিন গাৰ্গৰ অন্তিম ঠিকনা, পত্নী গৰিমাৰ ইচ্ছা প্ৰকাশ…

Zubeen Garg Last Rites: গুৱাহাটীৰ সোণাপুৰত জুবিন গাৰ্গৰ শেষকৃত্য হোৱাটো বিচাৰিছে পত্নী গৰিমা গাৰ্গে।ইতিমধ্যে জুবিনৰ অন্তিম শয়নৰ বাবে দিয়া হৈছে ভূমিৰ প্ৰস্তাৱ। যোৰহাটবাসীৰ লগতে উজনিৰ জুবিন অনুৰাগীয়ে দাবী কৰিছে যে,জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া যোৰহাটত সম্পন্ন হওক।

সোণাপুৰেই হব পাৰে জুবিন গাৰ্গৰ অন্তিম ঠিকনা, পত্নী গৰিমাৰ ইচ্ছা প্ৰকাশ...

অন্তিম শয়ন ক'ত হ'ব গৰিমাৰ প্ৰাণৰ গ'ল্ডিৰ?

Updated On: 

20 Sep 2025 21:47 PM

গুৱাহাটীতে সম্পন্ন হোৱা সম্ভাৱনা জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া। সোণাপুৰত শেষকৃত্য হোৱাটো বিচাৰিছে পত্নী গৰিমা গাৰ্গে। ইতিমধ্যে জুবিনৰ অন্তিম শয়নৰ বাবে দিয়া হৈছে ভূমিৰ প্ৰস্তাৱ। যোৰহাটবাসীৰ লগতে উজনিৰ জুবিন অনুৰাগীয়ে দাবী কৰিছে যে,জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া যোৰহাটত সম্পন্ন হওক। কিন্তু এই সিদ্ধান্ত পৰিয়ালৰ আৰু ৰাইজৰ ওপৰত এৰি দিছিল মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰীয়ে তেওঁ কয় যে, “এই বিষয়ত যোৱা কালি কোৱা হৈছে যে, চৰকাৰে অকলে সিদ্ধান্ত ল’ব খোজা নাই। অসম সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থা বা শিল্পী সমাজৰ লগত আমি আলোচনা কৰিম। পৰিয়ালৰ ইচ্ছা আটাইতকৈ গুৰুত্বপূৰ্ণ যে, পৰিয়ালে কি বিচাৰে? গতিকে এই সকলো কথা আলোচনা কৰাৰ পিছত জুবিনৰ অন্ত্যেষ্টিক্ৰিয়াৰ সিদ্ধান্ত লোৱা হ’ব।”

ইফালে, জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ যোৰহাটতে হোৱাটো বিচাৰিছে অসম কৃষি বিশ্ববিদ্যালয়ে। সেই বাবে জুবিন গাৰ্গৰ অন্তিম সৎকাৰৰ বাবে ভূমি দান সিদ্ধান্ত লৈছে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ে। অসম চৰকাৰক প্ৰস্তাৱ দিছে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই।

কাইলৈ পুৱতি নিশা গুৱাহাটী পাবহি জুবিনৰ নশ্বৰদেহ। জুবিনৰ নশ্বৰদেহ লৈ ছিংগাপুৰৰ পৰা দিল্লীলৈ ৰাওনা হৈছে বিমান।  ভাৰতীয় সময় অনুসৰি ৬.২২ বজাত ৰাওনা হৈছে বিমানখন। দিল্লীত অৱতৰণ কৰাৰ নিৰ্ধাৰিত সময় আজি নিশা ১১.২৭ বজাত। Air India-2116 বিমানেৰে আহিছে জুবিনৰ নশ্বদেহ।

দিল্লী বিমান বন্দৰত নশ্বৰদেহ গ্ৰহণ কৰিব অসমৰ মুখ্যমন্ত্ৰীয়ে। ইতিমধ্যে দিল্লীলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰী।  লগত থাকিব কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। ইয়াৰ পিছতেই ছাৰ্টাৰ্ড বিমানযোগে গুৱাহাটীলৈ অনা হ’ব নশ্বৰদেহ। দিল্লীৰ পৰা নশ্বৰদেহৰ সৈতে একেলগে আহিব পবিত্ৰ মাৰ্ঘেৰিটা।

গুৱাহাটীত অৱতৰণৰ নিৰ্ধাৰিত সময় পুৱতি নিশা ২.৩০ বজাত। বিমানবন্দৰৰ পৰা কাহিলিপাৰাৰ ঘৰলৈ অনা হ’ব নশ্বৰদেহ।  কাহিলিপাৰাৰ বাসগৃহলৈ অনুৰাগীসকলক নাযাবলৈ আহ্বান জিলা আয়ুক্তৰ। তাত জুবিনৰ সৈতে কেৱল পৰিয়ালৰ লোকসকল থাকিব।

লগতে পঢ়ক: জুবিন দাৰ অন্ত্যেষ্টিক্ৰিয়া লৈ অপেক্ষা কৰি আছো, আমাক হিচাপ লাগিব: জিতেন দত্ত

জুবিনে বান্দৰটোৰ নাম দিছিল মধুসূদন, বগলীৰ নাম উদাসীনী গাৰ্গী!
আওকাণ নকৰিব, বৃক্কৰ সমস্যা বৃদ্ধিৰ আঁৰৰ মূল কাৰণসমূহ জানক
অত্যধিক চাহ খোৱা লোকৰ কোনবোৰ ৰোগ হ’ব পাৰে? জানক...
আপোনাৰ ঘৰৰ বাৰীত নাৰিকলৰ গছ আছে নেকি? ই শুভ নে অশুভ ! জানক