Nalbari Raas Mahotsav 2025: নলবাৰীৰ ৰাস মহোৎসৱ কেতিয়া? ঘোষণা কৰিলে তাৰিখ…

কৃষ্ণভক্তিৰ মূৰ্চনাত মুখৰিত হৈ পৰিব হৰিমন্দিৰ প্ৰাংগণ তথা ৰাসথলী। এইবেলিও মহামিলনৰ পবিত্ৰথলীত ৰূপান্ত্ৰিত হৈ পৰিব নলবাৰী।

Nalbari Raas Mahotsav 2025: নলবাৰীৰ ৰাস মহোৎসৱ কেতিয়া? ঘোষণা কৰিলে তাৰিখ...

নলবাৰীৰ ৰাস কেতিয়া?

Published: 

08 Oct 2025 20:30 PM

‘শৰত কালৰ ৰাত্ৰি অতি বিতোপন, ৰাসক্রীড়া কৰিতে কৃষ্ণৰ ভৈলা মন..’। সমাগত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। প্ৰতিবছৰে আঘোন মাহৰ পূৰ্ণিমাত ৰাসোৎসৱ পালন কৰা হয়। দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈ পৰে ৰাজ্যৰ চৌদিশ। বিভিন্ন স্থানত জীৱন্ত ৰাস অনুষ্ঠিত হোৱাৰ বিপৰীতে আন কিছু স্থানত মূৰ্তি ৰাস অনুষ্ঠিত হয়।

উজনি-নামনি ৰাসৰ ভিন্নতা আছে। নামনি অসমৰ অন্যতম নলবাৰীৰ ৰাস মহোৎসৱ। অৱশেষত ঘোষণা কৰা হ’ল নলবাৰীৰ ৰাস মহোৎসৱৰ তাৰিখ। ১৩ দিনীয়াকৈ অনুষ্ঠিত হ’ব ৯২ সংখ্যক নলবাৰী ৰাস মহোৎসৱ। বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ ৫ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’ব। ইয়াৰ বাবে ইতিমধ্যে হৰি মন্দিৰত আৰম্ভ হৈছে প্ৰস্তুতি। এইবাৰ কেইবাখনো ভ্ৰাম্যমাণ নাট্যদলে নাট মঞ্চস্থ কৰিব।ইয়াৰ সমান্তৰালকৈ থাকিব যাদু, চাৰ্কাছ, গ্ৰন্থমেলাৰ লগতে আন বহুতো। সমগ্ৰ অসম বিখ্যাত নলবাৰীৰ এই হৰি মন্দিৰ। এই মন্দিৰটো ভগৱান কৃষ্ণক উৎসৰ্গিত। ইয়াত উদযাপন কৰা বাৰ্ষিক ৰাস মহোৎসৱ সমগ্ৰ ৰাজ্যতে বিখ্যাত।

কৃষ্ণভক্তিৰ মূৰ্চনাত মুখৰিত হৈ পৰিব হৰিমন্দিৰ প্ৰাংগণ তথা ৰাসথলী। এইবেলিও মহামিলনৰ পবিত্ৰথলীত ৰূপান্ত্ৰিত হৈ পৰিব নলবাৰী। আধুনিক কালত অসমৰ সাংস্কৃতিক সমন্বয়ৰ মিলনভূমি হৈ উঠা নলবাৰীৰ শ্ৰীশ্ৰীহৰি মন্দিৰৰ ৰাস মহোৎসৱ ভক্তিপ্ৰাণ ৰাইজৰ আধ্যাত্মিক আকৰ্ষণৰ এটি অন্যতম কেন্দ্ৰবিন্দু। ৰাসোৎসৱ হৈছে এনে এটি উৎসৱ, য’ত ভগৱান শ্ৰীকৃষ্ণৰ জীৱনলীলাক উপভোগ্য কৰি প্ৰদৰ্শন কৰা হৈছে। ই মূলতঃ হৈছে এটি ধৰ্মীয় উৎসৱ। অসমৰ বিভিন্ন প্ৰান্তত এই উৎসৱ উদ্‌যাপিত হয়। ভগৱান শ্ৰীকৃষ্ণই মৰ্ত্যত কৰা কৰ্মৰাজিক ৰাসোৎসৱৰ জৰিয়তে প্ৰতিফলিত কৰা হয়। তেওঁৰ ৰসপূৰ্ণ অৰ্থাৎ তাত্ত্বিক ৰসেৰে সমৃদ্ধ কথাবস্তুক ৰাসলীলাৰ মাধ্যমেৰে আত্মাৰ পৰা পৰমাত্মালৈ, দৈনন্দিন জীৱনৰ সুখানুভূতিক আধ্যাত্মিকতালৈ আৰু কাম প্ৰবৃত্তিসমূহক কলাত্মক ৰূপ প্ৰদান কৰি ৰাসলীলাত অংকন কৰা হৈছে।

 

প্ৰ’ষ্টেট কৰ্কট ৰোগীয়ে সঘনাই প্ৰস্ৰাৱৰ অনুভৱ কৰে, কিদৰে থাকিব সাৱধান?
Dhanteras 2025: ধনতেৰাচত কি কি বস্তু কিনিলে শুভ ফল পোৱা যায়
পাকঘৰৰ এই ৫ বস্তু হ'ব পাৰে হৃদযন্ত্ৰৰ সমস্যাৰ মূল কাৰণ! জানক...
ছালত দেখা দিছে নেকি এই লক্ষণ? হ'ব পাৰে এই ডাঙৰ সমস্যাৰ সংকেত...