Zubeen garg: কণ্ঠশিল্পী জুবিন গাৰ্গলৈ USTM ৰ ডক্টৰেট ডিগ্ৰী!

বানপানী বছৰ বছৰ ধৰি হৈ আছে। মেঘালয়, অৰুণাচল বুলি একো নাই, এয়া ৰাজনৈতিক কথা, ইয়াৰ সমাধান উলিওৱাৰ প্ৰয়োজন বুলি মন্তব্য কৰিছিল জুবিন গাৰ্গে। তাৰ পাছতে USTM য়ে জুবিনক ডক্টৰেট সন্মানেৰে বিভূষিত কৰাৰ কথা ঘোষণা কৰিছিল।

Zubeen garg: কণ্ঠশিল্পী জুবিন গাৰ্গলৈ USTM ৰ ডক্টৰেট ডিগ্ৰী!

জুবিন গাৰ্গ

Edited By: 

Barasha Misra | Updated On: 27 Aug 2024 | 11:46 PM

USTM কলৈ চলি থকা বিতৰ্কৰ মাজতেই বিশ্ববিদ্যালয়খনৰ পৰা ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰিলে কণ্ঠশিল্পী জুবিন গাৰ্গে। মঙলবাৰে (২৭ আগষ্টঃ অনুষ্ঠিত হোৱা বিশ্ববিদ্যালয়ৰ ১০ সংখ্যক দীক্ষান্ত সমাৰোহত কণ্ঠশিল্পীগৰাকীক প্ৰদান কৰে ডক্টৰেট ডিগ্ৰী। তেওঁৰ লগতে মেঘালয়ৰ সংগীত শিল্পী লু মঝাওকো ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়। প্ৰায় ২ দিন আগত বিশ্ববিদ্যালখনে ঘোষণা কৰিছিল যে জুবিন গাৰ্গক সন্মানপূৰ্বক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হ’ব। এই পোষ্ট ছ’চিয়েল মিডিয়াত শ্বেয়াৰো কৰিছিল জুবিনে। লগতে লিখিছিল যে- সন্মানিত। ধন্যবাদ USTM, মেঘালয়। (মোক কনভোকেচন গাউন পিন্ধা দেখি মায়ে সঁচাকৈয়ে সুখী হ’লহেঁতেন)

উল্লেখ্য যে, কিছুদিনৰ পৰা অসমত USTM বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযোগ কৰিছিল যে মেঘালয়ৰ পৰা বৈ অহা পানীয়ে গুৱাহাটীত বানপানীৰ সৃষ্টি কৰে। ইমানেই নহয়, শৰ্মাই কৈছিল- USTM  কৰ্তৃপক্ষই জানি বুজি অসমৰ পিনৰ পাহাৰবোৰ কাটি পানীৰ ঢল গুৱাহাটীৰ পিনে বোৱাই দিছে, যাৰ ফলত প্লাবিত হৈ পৰে গুৱাহাটী। এক অৰ্থত USTM য়ে ফ্লাড জিহাদ কৰি আছে। পৰৱৰ্তী সময়ত শৰ্মাৰ এই মন্তব্যই ৰাজ্যত তোলপাৰ লগাইছিল। দল, সংগঠনকে ধৰি বিভিন্নজনে প্ৰতিক্ৰিয়া আগবঢ়াইছিল।

USTM ৰ শিক্ষা ব্যৱস্থাটাকো টানি আনি শৰ্মাই কৈছিল যে, USTMত টকা দি পঢ়াতকৈ অসমত বিনামূলীয়াকৈ পঢ়িব লাগে।  USTM ত অধ্যয়ন কৰা ল’ৰা ছোৱালীয়ে অসমত চাকৰি পাবলৈ হ’লে অন্য এটা পৰীক্ষা দিব লাগিব বুলিও শৰ্মাই কৈছিল। হিমন্ত বিশ্বই কৈছিল- USTM ৰ পৰা পাছ কৰা ল’ৰা- ছোৱালীয়ে যাতে অসমৰ পৰীক্ষাত যোগদান নকৰে। কাৰণ USTM  বেলেগ ৰাজ্যত আছে। USTM ত পাছ কৰা ল’ৰা-  ছোৱালীয়ে অসমত চাকৰি বিচাৰিলে আৰু এটা পৰীক্ষা দিব লাগিব। এই পদক্ষেপ কৰ্ণাটক, মহাৰাষ্ট্ৰ আদি সকলো ৰাজ্য়ৰ ক্ষেত্ৰতে লোৱা হ’ব ।  কিন্তু USTM ৰ ওপৰত মোৰ খং বেছি। কাৰণ তেওঁলোকে  পানী পেলাই আছে আমাৰ ওপৰত। ৰোগী নোহোৱাকৈ মেডিকেল কলেজ খুলি আছে এতিয়া।

শৰ্মাৰ এই মন্তব্যৰ পাছতেই এই সন্দৰ্ভত মাত মাতিছিল কণ্ঠশিল্পী জুবিন গাৰ্গে। তেওঁ কৈছিল যে, বানপানী বছৰ বছৰ ধৰি হৈ আছে। মেঘালয়, অৰুণাচল বুলি একো নাই। এয়া ৰাজনৈতিক কথা। ইয়াৰ সমাধান উলিওৱাৰ প্ৰয়োজন বুলি কৈছিল জুবিন গাৰ্গে। তাৰ পাছতে USTM য়ে জুবিনক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব