আলফাৰ কেডাৰৰ আত্মসমৰ্পণৰ পৰা তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদলৈ…পুৱাৰ খবৰ পঢ়ক

আজি ৩ ডিচেম্বৰ বুধবাৰ , ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেয়েহে পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

আলফাৰ কেডাৰৰ আত্মসমৰ্পণৰ পৰা তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদলৈ...পুৱাৰ খবৰ পঢ়ক

পুৱাৰ খবৰ

Updated On: 

03 Dec 2025 07:50 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. আজি আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস। দিব্যাংগ লোকসকলৰ অধিকাৰৰ প্ৰচাৰ আৰু কল্যাণৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ বাবে দিব্যাংগ দিৱস পালন কৰা হয়। প্ৰতি বছৰে, দিব্যাংগ লোকসকলৰ অধিকাৰৰ প্ৰচাৰ আৰু তেওঁলোকৰ কল্যাণৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ বাবে ৩ ডিচেম্বৰত আন্তৰ্জাতিক দিব্যাংগ ব্যক্তিৰ দিৱস (আই.ডি.পি.ডি.) (International Day of Persons with Disabilities (IDPD)) পালন কৰা হয়।
  2. নুমলীগড় তেল শোধনাগাৰক ‘নৱৰত্ন’ স্বীকৃতি প্ৰদান। কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে সামাজিক মাধ্যমত জনায় এই কথা।
  3. শেহতীয়াকৈ ম্যানমাৰৰ উগ্ৰপন্থী শিবিৰৰ পৰা পলায়ন কৰা নিষিদ্ধ আলফা (স্বা)ৰ দুই কেডাৰে অসম আৰক্ষীৰ আগত আত্মসমৰ্পণ কৰিছে। অস্তিত্ব অসম আৰু বাণ অসম নামৰ দুজন আলফা নেতাৰ আত্মসমৰ্পণ। ডিব্ৰুগড়ৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ ওচৰত আত্মসমৰ্পণ ২ কেডাৰৰ।
  4. তেজপুৰ বিশ্ববিদ্যালয়ত অব্যাহত আছে অচলাৱস্থা। পলাতক উপাচাৰ্য্যৰ অপসাৰণৰ দাবীত উত্তাল তেজপুৰ বিশ্ববিদ্যালয়। ছাত্র-ছাত্রী, শিক্ষক-কৰ্মচাৰীবৃন্দ একেলগে প্রতিবাদত। উপাচাৰ্য্যৰ বিৰুদ্ধে ১০০০ পৃষ্ঠাৰ অভিযোগনামা। উপাচাৰ্য শম্ভুনাথ সিঙৰ বিৰুদ্ধে আছুৰ গৰ্জন। শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ জোঁৰ সমদল। বিশ্ববিদ্যালয়খনত চলি থকা অনিয়মৰ তদন্তৰ দাবীত আছুৰ প্ৰতিবাদ।
  5. দিল্লীৰ ১২টা এমচিডি ৱাৰ্ডত অনুষ্ঠিত উপ-নিৰ্বাচনৰ ফলাফল আজি ঘোষণা কৰা হ’ব। ৩০ নৱেম্বৰত ভোটদান হোৱা ১২টা ৱাৰ্ডৰ ভিতৰত ৯টা ৱাৰ্ড পূৰ্বে ভাৰতীয় জনতা পাৰ্টিৰ আৰু বাকী তিনিটা ৱাৰ্ড আম আদমী পাৰ্টিৰ হাতত আছিল।
  6. পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ নিৰাপত্তা বাহিনীয়ে দুটা পৃথক অভিযানত টিটিপিৰ সাতজন উগ্ৰপন্থীক হত্যা কৰে। সামৰিক বাহিনীৰ সংবাদ মাধ্যমৰ শাখা আন্তঃসেৱা জনসংযোগ (আই এছ পি আৰ)ৰ মতে, উত্তৰ ৱাজিৰিষ্টান জিলাত খোৱাৰিজৰ উপস্থিতিৰ খবৰ পোৱাৰ পিছতে দুয়োটা অভিযান চলোৱা হৈছিল।

লগতে পঢ়ক: গণপতিৰ কৃপাত এইসকলৰ জিলিকিব ভাগ্য, চাওক ডিচেম্বৰৰ প্ৰথমটো বুধবাৰৰ ৰাশিফল…

এই ৪ বিধ ফলে দূৰ কৰে লিভাৰৰ সমস্যা! নহয় ৰোগ...
বগা নে ব্ৰাউন ৰঙৰ কণী বেছি উপকাৰী ? বিশেষজ্ঞৰ মতে কোনটো খাব লাগে ? জানক
কেৱল জণ্ডিচ বা পেট ফুলাই নহয় ! লিভাৰৰ সমস্যা হ'লে হাত-ভৰিত কি কি লক্ষণ দেখা যায়? জানক
এসপ্তাহ নিমখ কমকৈ খালে শৰীৰত কি কি পৰিৱৰ্তন দেখিব? জানি হ'ব আচৰিত!
প্ৰেয়সীক আনিবলৈ দৰা সাজি ৰথেৰে যাত্ৰা দৰাৰ...
লুৰিণজ্যোতি গগৈৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ...
নিশা ৰাজ্যিক চিৰিয়াখানাৰ পৰা ওলাই আহিল হৰিণ
ডিব্ৰুগড় বিমানবন্দৰত অভিনেত্রী ছানী লিয়নী