Zubeen garg: আজি ওৰে নিশা…কেতিয়ালৈ অনুৰাগীয়ে জুবিনক জনাব পাৰিব শেষ শ্ৰদ্ধা? ক’লে মুখ্যমন্ত্ৰীয়ে…

Zubeen garg: আজি ওৰে নিশা আৰু কাইলৈ সৰুসজাইত ৰখা হ'ব জুবিনৰ নশ্বৰ দেহ। তাতেই জুবিনক সকলোৱে জনাব পাৰিব শেষ শ্ৰদ্ধা। সামাজিক মাধ্যমযোগে এই ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

Zubeen garg: আজি ওৰে নিশা...কেতিয়ালৈ অনুৰাগীয়ে জুবিনক জনাব পাৰিব শেষ শ্ৰদ্ধা? কলে মুখ্যমন্ত্ৰীয়ে...

জুবিন গাৰ্গ

Updated On: 

21 Sep 2025 | 03:45 PM

আজি (২১ ছেপ্টেম্বৰ) ওৰে নিশা সৰুসজাইত অনুৰাগীয়ে শেষ শ্ৰদ্ধা জনাব পাৰিব মৰমৰ জুবিন গাৰ্গ। আজি ৯ বজাৰ পৰা সৰুসজাইত জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰাৰ কথা আছিল যদিও সেয়া হৈ নুঠিল। ৰাজপথত হোৱা জনসমুদ্ৰৰ বাবে বিমান বন্দৰৰ পৰা কাহিলীপাৰা পোৱালৈ প্ৰায় ৭ ঘন্টা সময় লাগে। পুৱা প্ৰায় ৬.৪০ বজাতে জুবিনৰ নশ্বৰ দেহ অসম আহি পাই যদিও দুুপৰীয়া প্ৰায় ২.৩০ বজাত কাহিলীপাৰা আহি পায়।

যাৰ বাবে এতিয়া শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময় সাল-সলনি কৰা হৈছে। কাহিলীপাৰাত জুবিনৰ পিতৃ, আত্মীয়-স্বজনে তেওঁক শ্ৰদ্ধাঞ্জলি জনাই আৰু তাৰ পাছতে তেওঁৰ নশ্বৰ দেহ সৰুসজালৈ লৈ যোৱা হ’ব। আজি ওৰে নিশা আৰু কাইলৈ জুবিনৰ নশ্বৰ দেহ সৰুসজাইত ৰখা হ’ব।

 

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত লিখে যে- “বহু লোকে আমাৰ মৰমৰ জুবিনক শেষবাৰৰ বাবে চাবলৈ ইচ্ছা কৰি আছে। আমি এই আবেগবোৰ বুজি পাওঁ। সেয়ে আজি ওৰে নিশা অৰ্জুন ভোগেশ্বৰ বৰুৱা ষ্টেডিয়াম (সৰুসজাই) খোলা থাকিব যাতে জুবিনক সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰে। কাইলৈও জুবিনৰ পাৰ্থিৱ শৰীৰ সৰুসজাইত ৰখা হ’ব”।

উল্লেখ্য যে, জুবিনক শেষবাৰৰ বাবে দেখা কৰিবলৈ লাখ লাখ লোকে ভিৰ কৰিছে। বিভিন্ন তথ্য অনুসৰি প্ৰায় ৮-৯ লাখ লোকৰ আজি গুৱাহাটীলৈ সমাগম হয়।সকলোৰে লক্ষ্য মাত্ৰ এটাই, জুবিনক শেষবাৰৰ বাবে এবাৰ চোৱাৰ। বিমান বন্দৰৰ পৰা তেওঁৰ মৃতদেহ ঘৰলৈ লৈ অহাৰ সময়তে বহুতে তেওঁক দূৰৈৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কিন্তু এতিয়াও সৰুসজাই, গুৱাহাটীৰ বিভিন্ন প্ৰান্তত জুবিনৰ লাখ লাখ অনুৰাগী ৰৈ আছে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ।

 

অন্য খবৰ পঢ়কঃ Zubeen garg: সোণাপুৰৰ হাতীমূৰা হ’ব জুবিন গাৰ্গৰ শেষ ঠিকনা! স্থান পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...