নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ পৰা পোষ্ট মেলনৰ লাইভ কনচাৰ্টলৈ দিনটোৰ শীৰ্ষ খবৰ
বৰ্তমান সময়ত চৰ্চাত আছে নূপুৰ বৰা। কিন্তু ইয়াৰ মাজতে আন এগৰাকী এ চি এছ বিষয়াৰ কু-কাণ্ডৰ কথা পোহৰলৈ আহিছে। এগৰাকী যুৱতীয়ে এজন যুৱকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। যিয়ে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

নৰেন্দ্ৰ মোদীৰ জন্মদিন উদযাপন
আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ-
১. আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি ৭৫ সংখ্যক জন্মদিন। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰে মহিলাসকলৰ বাবে এক কল্যাণমূলক অভিযান। সুস্থ নাৰী সৱল পৰিয়াল নামৰ এই অভিযানৰ অধীনত সমগ্ৰ দেশতে মহিলাৰ বাবে স্বাস্থ্য শিবিৰ আয়োজন কৰা হৈছে। য’ত বিনামূলীয়া সেৱা লাভ কৰিব মহিলাসকলে। আজিৰে পৰা ১৬ অক্টোবৰলৈ চলিব এই অভিযান।
২. ৰাজপত্ৰিত বিষয়া নূপুৰ বৰাৰ দুৰ্নীতিক লৈ ৰাজ্যত তোলপাৰ লাগি থকাৰ সময়তে এইবাৰ চৰ্চালৈ আহিছে আন এগৰাকী ৰাজপত্ৰিত বিষয়া। মানকাচৰৰ ৰাজহ চক্ৰ বিষয়া পাৰ্থ প্ৰতিম বৰ্মনৰ বিৰুদ্ধে এগৰাকী যুৱতীয়ে উত্থাপন কৰিছে ভয়ংকৰ অভিযোগ। বিভাগীয় মন্ত্ৰীলৈ প্ৰেৰণ কৰা এক পত্ৰত যুৱতীগৰাকীয়ে বৰ্মনৰ বিৰুদ্ধে প্ৰতাৰণা, যৌন শোষণ, প্ৰলোভন, ভাবুকি আদি কেবাটাও অভিযোগ তোলে।
৩. নূপুৰ বৰাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চি এম ভিজিলেঞ্চৰ ইতিহাসত এইটো আটাইতকৈ ডাঙৰ অভিযান বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। নূপুৰ বৰাৰ আয়তকৈ প্ৰায় ৪০০ গুণ অধিক সম্পত্তি জব্দ কৰিছে চি এম ভিজিলেঞ্চে। আইনী প্ৰক্ৰিয়াৰে এই ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই। ৰাজহ চক্ৰ বিষয়া নূপুৰ বৰা বৰ্তমান চি এম ভিজিলেঞ্চৰ জিম্মাত।
৪. ৰাজ্যিক বিজেপিক তীব্ৰ সমালোচনা হায়দৰাবাদৰ সাংসদ তথা AIMIM ৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিৰ। AI-ৰ দ্বাৰা প্ৰস্তুত কৰা ভিডিঅ’ৰ জৰিয়তে অসম বিজেপিয়ে সাম্প্ৰদায়িকতা বিয়পোৱাৰ অভিযোগ তুলিছে সাংসদগৰাকীয়ে। মুছলমানসকলক বিদেশী হিচাপে ভাবুকি প্ৰদান কৰা বুলিও বিজেপিৰ বিৰুদ্ধে অভিযোগ তোলে ওৱেইছিয়ে।
৫. ডিগবৈৰ বগাপানী চাহ বাগিচাত নলাত আবদ্ধ এটি প্ৰায় দুমহীয়া হাতী পোৱালি। জাকৰ পৰা আঁতৰি অহা হাতী পোৱালীটো বাগিচাৰ নলাত পৰি যোৱাৰ সন্দেহ। বন বিভাগৰ তৎপৰতাত পোৱালীটো উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰা হয়।
৬. নিলাম কৰা হ’ব নৰেন্দ্ৰ মোদীয়ে উপহাৰ হিচাপে লাভ কৰা প্ৰায় ১৩০০ সামগ্ৰী। কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰণালয়ে ঘোষণা কৰা অনুসৰি আজিৰে পৰা ২ অক্টোবৰলৈকে অনলাইনযোগে চলিব এই নিলাম প্ৰক্ৰিয়া। নতুন দিল্লীৰ নেশ্যনেল গেলেৰী অৱ মডাৰ্ণ আৰ্টৰ উদ্যোগত হ’ব এই নিলাম। নিলাম হ’বলগীয়া সামগ্ৰীসমূহৰ ভিতৰত আছে চিত্ৰ, শিল্পকৰ্ম, ভাস্কৰ্য, দেৱ-দেৱীৰ মূৰ্তিৰ লগতে কিছুমান ক্ৰীড়াৰ সামগ্ৰী।
৭. এতিয়াৰে পৰা EVMত ব্যৱহাৰ কৰা হ’ব প্ৰাৰ্থীৰ ৰঙীণ ফটো। দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিছে এই কথা। EVM বেলটত প্ৰাৰ্থীৰ ৰঙীণ ফটোৰ লগতে ক্ৰমিক নম্বৰসমূহ অধিক স্পষ্টৰূপত ছপা কৰা হ’ব। ভোটাৰৰ সুবিধা তথা নিৰ্বাচন প্ৰক্ৰিয়া স্বচ্ছ কৰাৰ বাবেই লোৱা হৈছে এই সিদ্ধান্ত। বিহাৰৰ নিৰ্বাচনৰ পৰাই কাৰ্যকৰী হ’ব এই প্ৰক্ৰিয়া।
৮. ৭৫ সংখ্যক জন্মদিনত ফোনযোগে প্ৰধানমন্ত্ৰীক শুভেচ্ছা জনালে ড’নাল্ড ট্ৰাম্পে। এই শুভেচ্ছাৰ বাবে ট্ৰাম্পক ধন্যবাদ জনায় মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ ভাৰত-আমেৰিকাৰ অংশীদাৰিত্বক নতুন উচ্চতালৈ লৈ যাব বিচাৰে। ৰাছিয়া-ইউক্ৰেইন সংঘাত নিৰ্মূলৰ বাবে ট্ৰাম্পৰ পদক্ষেপক সমৰ্থন জনোৱা বুলিও কয় নৰেন্দ্ৰ মোদীয়ে।
৯. ভাৰতত প্ৰথমটো অনুষ্ঠান পৰিবেশন কৰিবলৈ আহি আছে গ্ল’ৱেল ছুপাৰষ্টাৰ পোষ্ট মেলন। এই অনুষ্ঠান অনুষ্ঠিত হ’ব গুৱাহাটীত। অহা ৮ ডিচেম্বৰত হ’ব এই লাইভ কনচাৰ্ট। এই অনুষ্ঠানৰ বাবে বুক মাই শ্ব’ত অহা ২০ ছেপ্টেম্বৰত উপলব্ধ হ’ব টিকট।
অন্য খবৰ পঢ়কঃ জেলৰ দৰে জীৱন কটাই বিৰাট কোহলিয়ে! নাপাই আৰু কেতিয়াও এই সুখ, আঁৰৰ কাৰণ জানক…