Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

পুৱাৰ খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- সৰুপথাৰৰ অসম-নাগালেণ্ড সীমান্তৰ ৰজাপুখুৰীত নৃশংস হত্যাকাণ্ড। ফাইজুন নেচা নামৰ এগৰাকী মহিলাক দাৰে ঘপিয়াই হত্যা বিচনাথ এক্কা নামৰ যুৱকজনৰ। উৰিয়ামঘাটৰ বি ছেক্টৰৰ ৩ নং ৰজাপুখুৰীত সংঘটিত হৈছে এই হত্যাকাণ্ড। মহিলাগৰাকীৰ লগতে আন ৪ জন লোককো দাৰে ঘপিয়াই আহত কৰে যুৱকজনে। হত্যাকাৰী বিচনাথ এক্কাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
-
ভাৰতত থাকিও দেশৰ বিৰুদ্ধে মন্তব্য কৰাসকলক চিনাক্ত কৰি আটক কৰাৰ বাবে নিৰন্তৰ অভিযান চলাই আছে অসম আৰক্ষীয়ে৷ দেওবাৰে বৰপেটা আৰক্ষীয়ে আজিবুৰ ৰহমান, হোজাই আৰক্ষীয়ে জয়নাল উদ্দিন আৰু চিৰাং আৰক্ষীয়ে আশ্ৰাফুল ইছলামক আটক কৰে৷ ইয়াৰ লগে লগে এই অভিযানত গ্ৰেপ্তাৰ হোৱাসকলৰ সংখ্যা হয় ৪২ জন৷ কোনোৱে এনে দেশবিৰোধী মন্তব্য কৰা দৃষ্টিগোচৰ হ’লে প্ৰশাসনক অৱগত কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ৷
- প্রায় সমাপ্তিৰ দিশে কাজিৰঙাৰ ২০২৪-২৫ পর্যটন বর্ষ। ৰাজহ সংগ্ৰহৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে কাজিৰঙাই। এই পর্যটন বর্ষত ৫ লাখ পর্যটক আৰু ১০ কোটিৰো অধিক ৰাজহ সংগ্ৰহ।
- উত্তৰ প্ৰদেশৰ কানপুৰৰ চামন গঞ্জ থানা এলেকাৰ গান্ধী নগৰত অৱস্থিত পাঁচ মহলীয়া অট্টালিকাত দেওবাৰে নিশা বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। য’ত মৃত্যু হয় একেটা পৰিয়ালৰ পাঁচজন লোকৰ । অগ্নিকাণ্ডৰ খবৰ পোৱাৰ লগে লগে সেই স্থানত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন । উদ্ধাৰ অভিযানৰ সময়ত অট্টালিকাটোত আবদ্ধ হৈ থকা পাঁচজন লোকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। য’ত চিকিৎসকে তেওঁলোক আটাইকে মৃত ঘোষণা কৰে।
- পহলগাম আক্ৰমণৰ পিছত দেশে দেশে সহায়ৰ বাবে ভিক্ষা খুজিছে ভাৰতে গ্ৰহণ কৰা পদক্ষেপক লৈ ভয় খাই থকা পাকিস্তানে। এতিয়া তেওঁলোকে সহায় বিচাৰিছে ভাৰতৰ বন্ধুৰাষ্ট্ৰ ৰাছিয়াৰ পৰা । ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতৰ সৈতে উত্তেজনা দূৰ কৰাৰ ক্ষেত্ৰত মস্কোত থকা পাকিস্তানৰ ৰাষ্ট্ৰদূতে ৰাছিয়াৰ সহায় বিচাৰিছে।
- IPLত কলকাতা নাইট ৰাইডাৰ্ছ (KKR)ৰ ঘৰুৱা খেলপথাৰত ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগৰ বিধ্বংসী ৰূপ। ইডেন গাৰ্ডেনৰ খেলপথাৰত ৰিয়ানৰ ছয় বৰষুণ। কেকেআৰৰ বিৰুদ্ধে খেলখনত তেওঁ এটা অভাৰত ৫টা ছয়ৰ কৃতিত্ব অৰ্জন কৰে। ইয়াৰ লগতে ৰিয়ান পৰাগে ৭৮২ দিন পূৰ্বে দেখা এক সপোনক বাস্তৱলৈ ৰূপান্তৰিত কৰিলে, যাৰ বাবে তেওঁক বহুত উপহাস কৰা হৈছিল। কিন্তু তেওঁ নিজৰ দলটোক জয়ী কৰিব নোৱাৰিলে আৰু এ ৰোমাঞ্চকৰ মেচত এক ৰাণত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হ’ল আৰ আৰ।
- ইফালে দেওবাৰে অনুষ্ঠিত IPLৰ আন এখন মেচত দমনীয় প্ৰদৰ্শনেৰে লক্ষ্ণৌক ৩৭ ৰানৰ ব্যৱধানত পৰাস্ত কৰি পইণ্ট তালিকাৰ দ্বিতীয় স্থানলৈ উন্নীত হৈছে পঞ্জাৱ কিংছ। ২৩৭ ৰানৰ লক্ষ্য অনুসৰণ কৰি লক্ষ্ণৌৱে অভাৰৰ সমাপ্তিলৈ ১৯৯ ৰান ৰান সংগ্ৰহ কৰে। বাডনি আৰু ছামাদৰ বিপৰীতে দলটোৰ বেটিং বিভাগৰ আন আটাইকেইগৰাকী সদস্য ব্যৰ্থ হোৱাৰ ফলত পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হয়। আজি সন্ধিয়া ৭.৩০ বজাত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি হ’ব দিল্লী কেপিটেলছ।
লগতে পঢ়ক: কেনে যাব আপোনাৰ সোমবাৰৰ দিনটো? কাৰ ভাগ্যত কি আছে? চাওক আজিৰ ৰাশিফল…