Morning News: পলকতে পঢ়ক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

Morning News: পলকতে পঢ়ক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…

পুৱাৰ খবৰ

Published: 

28 Aug 2025 07:52 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট বৈঠক। য’ত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে। মুখ্যমন্ত্ৰী শৰ্মাই জনাই যে, ইণ্টাৰ ৰিলিজন লেণ্ড ট্ৰান্সফাৰৰ বাবে এক এছ অ’ পিত অনুমোদন জনাইছে কেবিনেটে। তেওঁ কয়, অন্য ধৰ্মৰ মানুহক মাটি বিক্ৰী কৰাৰ বাবে SOP জাৰি কৰা হৈছে। সেই অনুসৰি দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেৰে হৈ অন্য ধৰ্মৰ লোকক মাটি বিক্ৰী কৰিব পাৰিব।
  2. ৮ ছেপ্টেম্বৰত অসমলৈ নাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কিয়নো ৯ ছেপ্টেম্বৰত দেশত অনুষ্ঠিত হ’ব উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন। এনে ক্ষেত্ৰত মোদীৰ অসম ভ্ৰমণৰ দিন সাল-সলনি কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে জনাই কয় যে,  অহা ১৩ ছেপ্টেম্বৰত মোদী দুদুনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব।
  3. ৰঙিয়াত সংঘটিত হৈছে এক ডাঙৰ ঘটনা। অচিনাক্ত ব্যক্তিয়ে গুলীয়ালে এজন ব্যৱসায়ীক। ৰঙিয়াৰ সমীপৰ জামতোলাত সংঘটিত হৈছে এই ঘটনা। গুলীচালনাত আহত গোগমালাচাৰ মতলিব আলী ওৰফে বাবু নামৰ লোকজন। জানিব পৰা মতে,এক জাই গুলী চলাই বাইকত পলায়ন কৰে দুৰ্বৃত্তই।
  4. ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডা ডাঙৰীয়াৰ অনুমোদন মৰ্মে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক কৰ্ণধাৰ সমিতিখন ঘোষণা কৰে ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়াই। লগতে ঘোষণা কৰে বিজেপি অসম প্ৰদেশৰ অনুশাসন সমিতি।
  5. গুৱাহাটীত স্থাপন কৰা হৈছে অত্যাধুনিক প্ৰযুক্তিৰ CCTV কেমেৰা। সমগ্ৰ মহানগৰীত স্থাপন কৰা হ’ব ২০০০ টা অত্যাধুনিক প্ৰযুক্তিৰ CCTV কেমেৰা। ইফালে অক্টোবৰ মাহৰ ভিতৰত খানাপাৰাত সম্পন্ন হ’ব ইণ্টেগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰ’ল চেণ্টাৰ (ICCC)।  ইয়াৰ লগে লগে মহানগৰ আৰক্ষী আৰু গুৱাহাটী স্মাৰ্ট চিটী টেক টীমে নিৰীক্ষণ কৰিব গুৱাহাটী মহানগৰ।
  6. সমগ্ৰ দেশৰ প্ৰায় ১৭ কোটি ছাত্ৰ-ছাত্ৰীৰ বাধ্যতামূলক বায়’মেট্ৰিক্স আপডেট কৰা হোৱা নাই বুলি  অৱগত কৰিছে ভাৰতীয় ইউনিক আইডেন্টিফিকেশ্যন অথৰিটি (UIDAI)-এ। সকলো ছাত্ৰ-ছাত্ৰীৰ বায়’মেট্ৰিক আপডেট কৰিবলৈ সকলো ৰাজ্যৰ সচিবলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। বিদ্যালয়ত শিবিৰ আয়োজন কৰি বায়’মেট্ৰিক্স আপডেট কৰিবলৈ সহযোগিতা বিচৰিছে সংস্থাটোৱে।
  7. আমেৰিকাৰ মিনেছ’টাৰ মিনিয়াপলিছৰ এখন কেথলিক স্কুলত নিৰ্বিচাৰ গুলীচালনা। প্ৰাৰ্থনা কৰি থকা অৱস্থাত দুৰ্বৃত্তই শিক্ষাৰ্থীৰ ওপৰত গুলীচালনা কৰে। এই গুলীচালনাত ২ জনকৈ শিক্ষাৰ্থীৰ মৃত্যু হোৱাৰ লগতে, আৰু ১৭ জন লোক আহত হৈছে। ইয়াৰ পিছত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিৰ্দেশ দিছে যে মিনিয়াপলিছৰ কেথলিক স্কুলত সংঘটিত হোৱা গুলীচালনাৰ বলি হোৱা লোকসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে ৩১ আগষ্ট দেওবাৰে সূৰ্যাস্তলৈকে সমগ্ৰ দেশৰ হোৱাইট হাউছ আৰু অন্যান্য সকলো ৰাজহুৱা ভৱনত আমেৰিকাৰ সকলো পতাকা অৰ্ধনমিত হৈ থাকিব।

লগতে পঢ়ক: বৃহস্পতিবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…

এই ভিটামিনৰ অভাৱত দাঁতত পোক লাগে, জানক...
মাত্ৰ কেইটামান শব্দই সলনি কৰিব পাৰে আপোনাৰ ভাগ্য! জানক সকলো...
কোমল আৰু আকৰ্ষণীয় ওঁঠৰ বাবে কৰক এইকেইটা কাম!
নিশা হঠাতে উশাহ বন্ধ হৈ যায় নেকি? এয়া কি ৰোগৰ লক্ষণ...