Morning News: পলকতে পঢ়ক পুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ…
ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

পুৱাৰ খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৭ সংখ্যক তিৰোভাৱ তিথি। গুৰুজনাৰ শিল্প, সাহিত্য, সংস্কৃতিৰ মাৰ্গদৰ্শক হোৱাৰ উপৰিও অসমীয়া আধ্যাত্মিক জীৱনৰ এক ভেটি নিৰ্মাতা। বৃহত্তৰ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা গুৰুজনাই আধ্যাত্মিক-সাংস্কৃতিক প্ৰমূল্যবোধ তথা নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ জীৱনক একত্ৰিত কৰিছিল। এই পবিত্ৰ দিনটোত গুৰু বন্দনাৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ-নামঘৰ। পুৱাৰে পৰা নামঘৰত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শ শ ভক্তপ্ৰাণ ৰাইজৰ সমাগম হোৱা দেখা গৈছে।
- পুনৰ ৰাজ্যত সংঘটিত এক মৰেল পুলিচিঙৰ ঘটনা। অভিযোগ অনুসৰি ২৩ বছৰীয়া এজন যুৱকক মৰিয়াই মৰিয়াই হত্যা কৰিলে একাংশ লোকে। জানিব পৰা মতে, তামুলপুৰ জিলাৰ সুৱগপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ভৰালী চ’কত যোৱা ২০ আগষ্টৰ আবেলি সংঘটিত সংঘটিত হয় এক ভয়ংকৰ ঘটিনা। তামুলপুৰৰ কচুকাটাৰ অৱসৰপ্ৰাপ্ত সেনা দীপক দাসৰ পুত্ৰ অভিষেক দাস (২৩)ক নৃশংসভাৱে হত্যা কৰে একাংশ লোকে।
- পুনৰ গুৱাহাটীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। বন্ধ কোঠাৰ ভিতৰত এগৰাকী মহিলাৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ। মহানগৰীৰ লংকেশ্বৰৰ কৈলাশ পুৰত এটা বন্ধ কোঠাত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়। স্থানীয় লোকৰ মতে, ঘৰটোৰ পৰা বেয়া গোন্ধ ওলাই আছিল। তাৰ পাছতে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে।
- বীৰ লাচিত সেনাৰ পৰা অব্যাহতি যোৰহাট জিলাৰ সভাপতিক। সভাপতি আদিত্য সাগৰ পানীফুকন আৰু সচিব সুজিত দত্তক অব্যাহতি দিয়া হয়।
- নেঘেৰিবিলৰ উচ্ছেদস্থলীত খৰ্গহস্ত বন বিভাগৰ বিশেষ মুখ্য সচিব। মেৰাপানী আঞ্চলিক বন বিষয়াক তাৎক্ষণিকভাবে নিলম্বনৰ নিৰ্দেশ। বন বিষয়াৰ কাৰ্যালয়ৰ সকলো কৰ্মচাৰীক নিলম্বনৰ নিৰ্দেশ। বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ কাণ্ডত ক্ষুব্ধ এম কে যাদৱ।
- কৰ্ণাটক কংগ্ৰেছৰ বিধায়ক কে চি বীৰেন্দ্ৰক শনিবাৰে ছিকিমৰ পৰা ED-এ গ্ৰেপ্তাৰ কৰে। ইয়াৰ পিছত কংগ্ৰেছৰ বিধায়ক কে চি বীৰেন্দ্ৰক লৈ বহু গুৰুত্বপূৰ্ণ প্ৰকাশ হৈছে। এই তদন্তত ক’লা ধনক বগা ধনলৈ ৰূপান্তৰিত কৰাৰ সমগ্ৰ খেলখন পোহৰলৈ আহিছে।কোৱা হৈছে যে কে চি বীৰেন্দ্ৰ দ্বিতীয় পত্নীৰ সৈতে বেংগালুৰুত থাকে। নগদ ধনেৰে পোৱা ক’লা ধন বগা বুলি দেখুৱাব পৰাকৈ বহু ভুৱা (শ্বেল) কোম্পানী খুলিছে।
- দেওবাৰে ইজৰাইলে য়েমেনৰ ৰাজধানী ছানাত থকা হাউথী বিদ্ৰোহীৰ স্থানত বিমান আক্ৰমণ চলায়। এই আক্ৰমণত ৬ জন নিহত আৰু ৮৬ জন আহত হয়। ইজৰাইলে মূলতঃ মধ্য ছানাৰ এটা অট্টালিকা, শক্তি কেন্দ্ৰ আৰু গেছ ষ্টেচনক লক্ষ্য কৰি লৈছিল।
লগতে পঢ়ক: আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি, হৰিনামেৰে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰ