Morning Headlines: ৰাজ্যৰ পৰা বিশ্বলৈ… পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- ৰাজ্যৰ সাংস্কৃতিক জগতৰ বাবে দুঃখবৰ। জনপ্রিয় অভিনেতা ফেইলাও বসুমতাৰী (বসু দা)ৰ দেহাৱসান। মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাজনে। ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিছিল ফেইলাও বসুমতাৰীয়ে।
- ধুবুৰীত ৰাইজৰ ৰোষৰ বলি আৰক্ষী জোৱান। উন্মত্ত লোকৰ এটা দলে আক্ৰমণ চলালে আৰক্ষী জোৱানৰ ওপৰত। আৰক্ষী ছাউনীৰ পৰা উলিয়াই আনি আব্বাছ আলী মণ্ডল নামৰ জোৱানক আক্ৰমণ। ইয়াকে লৈ ধুবুৰী আৰক্ষী ছাউনীৰ সন্মুখত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।
- মঙলবাৰে ঘোষণা কৰা হয় ২০২৪ বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগ (UPSC)ৰ পৰীক্ষাৰ ফলাফল৷ মুঠ ১০০৯ জন প্ৰাৰ্থীৰ ফলাফল প্ৰকাশ কৰিছে আয়োগে। এই পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছে শক্তি ডুবেই । UPSCৰ ফলাফলত ৪৭৪ সংখ্যক স্থানত জিলিকিল অসম সন্তান ভাস্বত শইকীয়া।
- অসমত আদানি প্ৰকল্পৰ সঞ্চালক জিৎ আদানি। অসমত নিৰ্মাণ হ’বলগীয়া প্ৰকল্প পৰিদৰ্শন কৰে আদানি গ্ৰুপে। জিৎ আদানিৰ সৈতে ১৩ জনীয়া দল উপস্থিত হয় অসমত। ৰূপসী বিমান বন্দৰত অৱতৰণ কৰে জিৎ আদানিৰ বিশেষ বিমানে।
- মঙলবাৰে জম্মু-কাশ্মীৰৰ পহলগামত পৰ্যটকৰ ওপৰত এক বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হয়। এই আক্ৰমণত প্ৰায় ৩০ জন লোকৰ মৃত্যুৰ আশংকা ব্যক্ত কৰা হৈছে। অৱশ্যে স্থানীয় প্ৰশাসনে প্ৰকাশ কৰিছে মৃত ১৬ আৰু আহত ১০ জনৰ তালিকা। ইফালে বিশ্বজুৰি তীব্ৰ নিন্দিত হৈছে এই আক্ৰমণক। ইয়াৰ মাজতে চৌদি আৰৱ ভ্ৰমণ আধাতে এৰি দিল্লীলৈ উভতি আহিছে প্ৰধানমন্ত্ৰী মোদী। উভতি আহিয়ে জয়শংকৰ-ডোভালৰ সৈতে বিমানবন্দৰত বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ।
- পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক বিশ্বজুৰি গৰিহণা দিয়া হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন, ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নী, ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুকে ধৰি বহু নেতাই এই আক্ৰমণক লৈ শোক প্ৰকাশ কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতৰ সৈতে থিয় দিব বুলি উল্লেখ কৰে।
- জম্মু-কাশ্মীৰৰ পহলগামৰ আক্ৰমণক লৈ গৃহমন্ত্ৰালয়ত জৰুৰী বৈঠক আহ্বান৷ বৈঠকত আছিল চোৰাংচোৱাৰ শীৰ্ষ বিষয়াসকল৷ বৈঠকত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
লগতে পঢ়ক: কেনে যাব আপোনাৰ বুধবাৰৰ দিনটো? চাওক কি আছে আজিৰ ৰাশিফলত…