Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

পুৱাৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- ৰাজ্যত অব্যাহত আছে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল । দেওবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা। ৩৯৭ খন জিলা পৰিষদ, আঞ্চলিক পঞ্চায়তৰ সংখ্যা ২,১৯২ খন আৰু ২১,৯২০ খন গাওঁ পঞ্চায়তৰ বাবে হৈছে ভোটগণনা। বৃহৎ জয়ৰ দিশে বিজেপি। শদিয়াৰ পৰা ধুবুৰীলৈকে চলিল হিমন্ত বিশ্ব শৰ্মাৰ মেজিক।
- পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য- ‘পঞ্চায়ত নিৰ্বাচনৰ বুৰঞ্জীত এইবাৰৰ নিচিনা বৃহৎ জয় হোৱা নাই। তুলনাহীন বিজয়ৰ দিশে গতি কৰিছে বিজেপি। আমি অতি সুন্দৰকৈ নিৰ্বাচন পৰিচালনা কৰিবলৈ সক্ষম হলো। এই ফলাফলৰ বাবে ৰাইজক কৃতজ্ঞতা জনাইছোঁ। সংগঠন পর্ব, উপ-নির্বাচনে আমাক মনোবল দিছিল।”
- গৌৰৱ গগৈক পুনৰ কটাক্ষ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয়, ‘গৌৰৱ গগৈ পাকিস্তানৰ মানুহ। তেওঁ প্ৰচাৰ চলালে কংগ্ৰেছৰ লোকচান হ’ব। যিজন সাংসদে ব’হাগ বিহুৰ সময়ত টকা দিব লাগে বুলি নাযায়। গৌৰৱ গগৈ ফিল্ডত কাম কৰা নেতা নহয়’।
- বিলাসীপাৰা সমজিলা কার্যালয় চৌহদত শোকাৱহ ঘটনা ।পঞ্চায়ত নিৰ্বাচনৰ কৰ্তব্য পালনৰ সময়তে আৰক্ষী জোৱানৰ মৃত্যু। উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ শ্রীমল চন্দ্ৰ ৰায় নামৰ জোৱানজনৰ মৃত্যু হয়। কাউন্টিং হলৰ ওচৰতে মৃত্যু হয় জোৱানজনৰ।
- এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে গুৱাহাটী মহানগৰ । অভিযোগ অনুসৰি, মাতৃৰ প্ৰেমিকৰ হত্যাৰ বলি হ’ল এটি ১০ বছৰীয়া পুত্ৰ সন্তান । এই হত্যাকাণ্ডটো ইমানে লোমহৰ্ষক আছিল যে, ১০ বছৰীয়া শিশুটিক হত্যা কৰি সেই মৃতদেহ ছুটকেছত ভৰাই পেলাই দিয়া হৈছিল এটা জোপোহাত । দেওবাৰে এই কথা সদৰী কৰিছে আৰক্ষীয়ে ।
- পাকিস্তানৰ সৈতে যুদ্ধবিৰতি চুক্তিক লৈ ছ’চিয়েল মিডিয়াত ট্ৰ’লিঙৰ সন্মুখীন হৈছে বৈদেশিক সচিব বিক্ৰম মিশ্ৰী। ইয়াৰ বাবেই তেওঁ নিজৰ এক্স একাউণ্টটো ব্যক্তিগত কৰি ল’বলগীয়া হৈছিল। একে সময়তে প্ৰাক্তন বৈদেশিক সচিব নিৰুপমা মেনন, অখিলেশ যাদৱ আৰু আছাদুদ্দিন ওৱেছিয়ে সমৰ্থন কৰিছে মিশ্ৰীক। বিক্ৰম মিশ্ৰীৰ ট্ৰ’লিঙক অত্যন্ত লজ্জাজনক বুলি অভিহিত কৰিছে প্ৰাক্তন বৈদেশিক সচিব নিৰুপমা মেননে।
- ভাৰত আৰু পাকিস্তানৰ যুদ্ধবিৰতিৰ সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নতুন পোপ লিঅ’ চতুৰ্দশে। পোপ হিচাপে দায়িত্ব বহন কৰাৰ পিছত দেওবাৰে তেওঁ প্ৰথমবাৰৰ বাবে বিশ্ববাসীক সম্বোধন কৰে। নিজৰ প্ৰথম সম্বোধনতে তেওঁ ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিক আদৰণি জনায়। আলোচনাৰ জৰিয়তে শান্তি প্ৰতিষ্ঠা হ’ব বুলি নতুন পোপ লিঅ’ চতুৰ্দশে আশা প্ৰকাশ কৰে।
লগতে পঢ়ক: কেনে যাব আপোনাৰ সোমবাৰৰ দিনটো? কোনে পাব সফলতা? চাওক আজিৰ ৰাশিফল…