দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ...

পুৱাৰ খবৰ

Updated On: 

11 Sep 2025 07:48 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. ১০ ছেপ্টেম্বৰত এছ আই টিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত দাখিল কৰিলে সাংসদ গৌৰৱ গগৈৰ পাকিস্তানী লিংক সন্দৰ্ভত তদন্ত কৰা এক প্ৰতিবেদন। সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰে সম্ভাব্য সম্পৰ্কৰ বিষয়ে অনুসন্ধানৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰিছিল এছ আই টি। আজি সন্ধিয়া এছ আই টিয়ে লোকসেৱা ভৱনত এই প্ৰতিবেদন শৰ্মাৰ হাতত অৰ্পন কৰে।
  2. বিশেষ দিনটো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই কয় যে, “আজি ১০ ছেপ্টেম্বৰ! মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা ৭ মাহ‌ ধৰি গাই থকা গৌৰৱ গগৈৰ পাকিস্তান লিংক ফাদিল কৰাৰ দিন। কিন্তু আজি তেনে একো নহ’ল বুলি কয় শইকীয়াই। তেওঁ আমাৰ দলৰ বিৰুদ্ধে ৭ মাহ ধৰি অপপ্ৰচাৰ চলাইছে। গতিকে কংগ্ৰেছ দলকো ক্ষমা খুজিব লাগে।” এয়া গ্ৰহণযোগ্য নহয় বুলি কয় শইকীয়াই।
  3. কামৰূপ আৰক্ষীৰ বৃহৎ সাফল্য। উত্তৰ গুৱাহাটীৰ গৌৰীপুৰত আৰক্ষীৰ অভিযান। অভিযানত জব্দ ৩,৯০০ টা অবৈধ কফ ছিৰাপ বটল। গৌৰীপুৰৰ এটা গুদামৰ পৰা জব্দ কৰে কফ ছিৰাপখিনি।
  4. শিৱসাগৰৰ খাদ্য,ৰাজহুৱা বিতৰণ আৰু পৰিক্ৰমা বিভাগত ভিজিলেঞ্চ আৰু দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। ঘোচ লোৱা অৱস্থাত হাতে লোটে আটক যোগান বিভাগত অধীক্ষক নাগুইব খানক । ভিজিলেঞ্চ আৰু দুৰ্নীতি নিবাৰক শাখাৰ ৬ জনীয়া এটা দলে বিষয়াজনক কাৰ্যালয়তে সোধ-পোছ কৰে। তাৰ পিছত কাৰ্যালয়ৰ পৰা পোনে পোনে বিষয়াগৰাকীক লৈ গুৱাহাটীলৈ ৰাওনা অভিযানকাৰী দল।
  5. হোজাইৰ আজমল কলেজত ভয়ংকৰ ঘটনা। ছাত্ৰী নিৱাসত নিশা হাত-ভৰি বান্ধি এগৰাকী ছাত্ৰীক নিৰ্যাতন। নিদ্ৰাৰত অৱস্থাত পিন্ধা কাপোৰ, চুলি কাটি দিয়ে ছাত্ৰীগৰাকীৰ। একেটা কোঠাত আছিল আন দুগৰাকী ছাত্ৰী। হোজাইৰ বিষ্ণুপল্লীৰ ফাইজোল কমপ্লেক্সৰ তৃতীয় মহলাত এই ঘটনা।
  6. কটনৰ ছাত্ৰাবাসত উত্তপ্ত পৰিস্থিতি। SRB ছাত্রাবাসৰ এজন ছাত্ৰক প্ৰহাৰ কোঠাৰ ভিতৰত আবদ্ধ কৰি মাৰপিট কৰাৰ অভিযোগ। SNBC ছাত্রাবাসৰ ছাত্ৰৰ বিৰুদ্ধে মাৰপিট কৰাৰ অভিযোগ। ঘটনা সন্দৰ্ভত পাণবজাৰ থানাত এজাহাৰ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়ন কৰা হয় আৰক্ষী।
  7. বুধবাৰে সন্ধিয়া এয়াৰ ইণ্ডিয়াৰ ছিংগাপুৰ অভিমুখী বিমান এ আই ২৩৮০ বিমানখনত থকা ২০০ৰো অধিক যাত্ৰীক কাৰিকৰী বিজুতিৰ বাবে দিল্লী বিমানবন্দৰত নমাই দিয়া হয়। এয়াৰ কণ্ডিচনাৰ ব্যৱস্থা আৰু বিদ্যুৎ যোগানৰ বিজুতিৰ বাবে প্ৰায় দুঘণ্টামান বিমানত বহি থকাৰ পিছত যাত্ৰীসকলক টাৰ্মিনেল বিল্ডিঙলৈ লৈ যোৱা হয়। এই সময়ছোৱাত কৰ্মচাৰীসকলে যাত্ৰীসকলক ডিবৰ্ড কৰাৰ আঁৰৰ কোনো স্পষ্ট কাৰণ উল্লেখ কৰা নাছিল, যাৰ বাবে যাত্ৰীসকলে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল।
  8. এছিয়া কাপ ২০২৫ৰ গ্ৰুপ এৰ প্ৰথমখন খেল ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰ দলৰ মাজত অনুষ্ঠিত হয়। এই মেচখনত ভাৰতীয় দলটোৱে নিজৰ উজ্জ্বল বেটিং আৰু বলিঙেৰে ৯ উইকেটত ইউ এ ইক পৰাস্ত কৰি জয়েৰে প্ৰতিযোগিতাখন আৰম্ভ কৰে। এই মেচখনত জয়ী হ’বলৈ মাত্ৰ ৫২ ৰানৰ লক্ষ্য লাভ কৰিছিল টীম ইণ্ডিয়াই।
  9. বুধবাৰে অৰেমৰ ইউটা ভেলী বিশ্ববিদ্যালয়ত গুলীবিদ্ধ হৈছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ঘনিষ্ঠ সহায়ক চাৰ্লি কাৰ্কক।  চাৰ্লি কাৰ্কে ভেলী বিশ্ববিদ্যালয়ত ৰক্ষণশীল ছাত্ৰ-ছাত্ৰীৰ সমাৱেশত ভাষণ দি থকাৰ সময়তে এই ঘটনা সংঘটিত হৈছে। এই গুলীচালনাৰ মৃত্যু হয় টাৰ্নিং পইণ্ট ইউ এছ এৰ প্ৰতিষ্ঠাপক চাৰ্লি কাৰ্কৰ। এই কথা নিশ্চিত কৰি ট্ৰাম্পে কয় যে, ইউটা ভেলী বিশ্ববিদ্যালয়ৰ এক কাৰ্যসূচীত বন্দুকৰ গুলীত চাৰ্লি কাৰ্কৰ মৃত্যু হৈছে।

লগতে পঢ়ক: বৃহস্পতিবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…

বৃক্কৰ সমস্যা হ'লে প্ৰাৰম্ভিক অৱস্থাত চকুত কি কি লক্ষণে দেখা দিয়ে? জানক...
ধনতেৰাচত মহাপুৰুষ ৰাজযোগ! অত্যন্ত শুভ এই ৩ ৰাশিৰ লোকৰ বাবে...
জিভাত বাৰে বাৰে ঘাঁ হয় নেকি? কাৰণ জানক..
চতুৰ্গ্ৰহী যোগ, এই ৩ ৰাশিৰ লোকৰ দূৰ হ'ব আৰ্থিক সমস্যা!