Top9 news: হাগ্ৰামাৰ হাতলৈ BTC ৰ বাঘজৰীৰ পৰা ট্ৰাম্পৰ দাড়ি নিষেধাজ্ঞাৰ সিদ্ধান্তলৈ, দিনটোৰ খবৰসমূহ…

Top9 news: আজি বিটিচি শাসনৰ বাঘজৰী ল'লে হাগ্ৰামা মহিলাৰীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যপাল আদিৰ উপস্থিতিত হাগ্ৰামাই বিটিচিৰ নতুন মুখ্য কাৰ্যবাহী হিচাপে শপত গ্ৰহণ কৰে।

Top9 news: হাগ্ৰামাৰ হাতলৈ BTC ৰ বাঘজৰীৰ পৰা ট্ৰাম্পৰ দাড়ি নিষেধাজ্ঞাৰ সিদ্ধান্তলৈ, দিনটোৰ খবৰসমূহ...

টপ৯

Published: 

05 Oct 2025 16:44 PM

আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ-

১) পুনৰ হাগ্ৰামা মহিলাৰীৰ হাতলৈ বিটিচিৰ বাঘজৰী। ৫ অক্টোবৰত বিটিচিৰ মুখ্য কাৰ্যবাহী হিচাপে শপত গ্ৰহণ কৰে বিপিএফ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে। কোকৰাঝাৰৰ বড়োলেণ্ড সচিবালয় খেলপথাৰত অনুষ্ঠিত হয় শপত গ্ৰহণ অনুষ্ঠান। মহিলাৰীৰ লগতে প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীয়েও উপ-চিইএম হিচাপে শপত গ্ৰহণ কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

২)বিটিচিৰ নতুন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ নেতৃত্বৰ কাৰ্যবাহী সদস্যৰ দলটোলৈ অভিনন্দন জ্ঞাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ এক উজ্জীৱিত বড়োলেণ্ডৰ সপোন পূৰণৰ বাটেৰে তেখেতসকলে উৎসাহেৰে জনসাধাৰণৰ সেৱা কৰিব বুলি আশা প্ৰকাশ কৰিলো। অসম চৰকাৰে জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিবলৈ নতুন বিটিচি চৰকাৰক সম্পূৰ্ণভাৱে সমৰ্থন আগবঢ়াব।

৩) তীব্ৰগতিত চলি আছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত। এই সন্দৰ্ভত বিভিন্নজনক সোধা পোছা কৰিছে তদন্তকাৰী দলে। ইয়াৰ মাজতে লতাশিল থানাত গোচৰ ৰুজু ছিংগাপুৰৰ অসম এছ’চিয়েচনৰ বিৰুদ্ধে। এজাহাৰ দাখিল কৰে হৃদয় শৰ্মা নামৰ এগৰাকী অধিবক্তাই। এজাহাৰত ছিংগাপুৰ অসম এছ’চিয়েচনৰ ১১ গৰাকীৰ নাম উল্লেখ। অতি সোনকালেই ছিংগাপুৰৰ অসম এছ’চিয়েচনৰ লোকসকলক তদন্তৰ আওতালৈ আনিব লাগে বুলি দাবী।

৪) অসমত উপস্থিত মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ। পুৱাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰে মুখ্যমন্ত্ৰী মোহন যাদৱে। কাজিৰঙাৰ সৌন্দৰ্য দেখি অভিভূত মুখ্যমন্ত্ৰীগৰাকী। অভয়াৰণ্যখনত জীপ ছাফাৰীও কৰে মোহন যাদৱে। তেওঁ চাহ শ্ৰমিকসকলৰ সৈতেও বাৰ্তালাপ কৰে। এই সন্দৰ্ভত তেওঁ সামাজিক মাধ্যমত লিখে যে, আজি অসমৰ চিৰসেউজ চাহ বাগিচা পৰিদৰ্শন কৰি মহিলা শ্ৰমিকসকলৰ সৈতে আন্তৰিক বাৰ্তালাপ কৰো। চাহ উদ্যোগ অসমৰ গৌৰৱ আৰু অৰ্থনীতিৰ প্ৰতীক।

৫) দাৰ্জিলিঙত ভয়ংকৰ ভূমিস্খলন। মিৰিক আৰু কুৰ্চেয়ঙক সংযোগ কৰা ডুডিয়া আইৰন দলংখন ভাঙি যোৱাৰ ফলত বৰ্তমানলৈ ৯ জনৰ মৃত্যু হয়। সুখীয়াতো ৪ জনৰ মৃত্যু হয়। বৰ্তমান স্থানীয় প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা দলে সাহায্য- উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। কিন্তু অবিৰত বৰষুণৰ ফলত এই অভিযানত কিছু বাধা আহিছে। এই ঘটনাৰ ওপৰত দুখ ব্যক্ত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিহতসকললৈ সমবেদনা জ্ঞাপন কৰে। লগতে সকলো সহায়ৰ আশ্বাস দিছে।

৬)৫ অক্টোবৰৰ পৰা ৭ অক্টোবৰলৈ স্থগিত কৰা হৈছে মা বৈষ্ণো দেৱীৰ তীৰ্থযাত্ৰা। শ্ৰাইন ব’ৰ্ডৰ তথ্য অনুসৰি বতৰ বিজ্ঞান বিভাগে জাৰি কৰা সতৰ্কবাণীৰ পিছতে ভক্তসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এতেকে তিনিদিনৰ বাবে বন্ধ থাকিব তীৰ্থযাত্ৰা। যদি বতৰ ঠিক নহয় তেন্তে ইয়াৰ সময়সীমা আৰু অধিক বৃদ্ধি কৰা হ’ব।

৭) মধ্যপ্ৰদেশ আৰু ৰাজস্থানত কাহৰ চিৰাপ সেৱন কৰি কেইবাটাও শিশুৰ মৃত্যু। ইয়াৰ পাছতে চিকিৎসক ডাঃ প্ৰবীণ ছোনীক গ্ৰেপ্তাৰ কৰাৰ পিছত নিলম্বন কৰা হয়। তেওঁ দিয়া ঔষধ খাই ১১ টাকৈ শিশুৰ মৃত্যু হৈছিল। ইফালে এই বিষয়টোক লৈ কেন্দ্ৰ কঠোৰ হৈ পৰিছে। সকলো ৰাজ্যৰ লগত এই সন্দৰ্ভত আলোচনা কৰিছে। কাহৰ ঔষধৰ গুণগত মান পৰীক্ষা কৰাত কঠোৰ হ’ব চৰকাৰ।

৮)সামৰিক বাহিনী সন্দৰ্ভত ট্ৰাম্প প্ৰশাসনে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্তই আমেৰিকাৰ শিখ আৰু মুছলমানসকলৰ মাজত উত্তেজনা বৃদ্ধি কৰিছে। আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগছেথে ৩০ ছেপ্টেম্বৰত জাৰি কৰিছে এক নতুন নিৰ্দেশ। এতিয়াৰ পৰা গ্ৰুমিং নীতিৰ অধীনত আমেৰিকাৰ সামৰিক সৈন্যই আৰু দাড়ি দীঘলকৈ ৰাখিব নাৱাৰিব। এই নীতি ৬০ দিনৰ ভিতৰত কাৰ্যকৰী হ’ব।

৯)আমেৰিকাৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ চেষ্টা পাকিস্তানৰ। দেশখনে আৰব সাগৰৰ উপকূলত নতুন বন্দৰ নিৰ্মাণ আৰু পৰিচালনাৰ প্ৰস্তাৱ দিছে। এই বন্দৰে আমেৰিকাক বিশ্বৰ অন্যতম স্পৰ্শকাতৰ অঞ্চলত কৌশলগত প্ৰৱেশৰ সুবিধা প্ৰদান কৰিব পাৰে। পাছনীত হ’বলগীয়া এই  বন্দৰ ইৰাণৰ পৰা প্ৰায় ১৬০ কিলোমিটাৰ আৰু চীন সমৰ্থিত গভাদাৰ বিমান বন্দৰৰ পৰা ১১২ কিলোমিটাৰ দূৰত্বত আছে।

 

অন্য খবৰ পঢ়ক– ট্ৰাম্পৰ নতুন সিদ্ধান্ত! বিপদত শ শ মুছলিম আৰু শিখ ধৰ্মৰ লোক, এতিয়াৰ পৰা এইসকলে ৰাখিব নোৱাৰিব দাড়ি…

ভগৱানৰ আশীৰ্বাদ লাভ কৰিলে কি সংকেত পোৱা যায়? জনালে প্ৰেমানন্দ মহাৰাজে...
হতাশা আৰু ভাগৰৰ ফলত হাৰ্ট এটেক হ’ব পাৰে নেকি?
দূৰ হ'ব আৰ্থিক সমস্যা! পাকঘৰৰ পৰা আজি আঁতৰ কৰক ৫ বস্তু...
আওকাণ নকৰিব, কৰ্কট ৰোগৰ প্ৰথম পৰ্যায়ত দেখা দিয়া ৪ টা সাধাৰণ লক্ষণ জানক