BTC নিৰ্বাচনৰ পৰা বিনামূলীয়া ঔষধলৈ, পঢ়ক দিনটোৰ খবৰ…

আজি ঘোষণা হ'ল বিটিচি নিৰ্বাচনৰ দিন। ইফালে মুখ্যমন্ত্ৰীয়ে অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ। প্ৰায় প্ৰতিদিনে বিভিন্ন সভা সম্বোধন কৰি কৈছে মুখ্যমন্ত্ৰী শৰ্মাই।

BTC নিৰ্বাচনৰ পৰা বিনামূলীয়া ঔষধলৈ, পঢ়ক দিনটোৰ খবৰ...

নিৰ্বাচন

Updated On: 

26 Aug 2025 19:59 PM

১. ঘোষণা হ’ল বিটিচি নিৰ্বাচনৰ তাৰিখ। অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি অহা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব বিটিচি নিৰ্বাচন। ২৬ ছেপ্টেম্বৰত হ’ব ভোটগণনা। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ২ ছেপ্টেম্বৰ। বিচিটিৰ মুঠ ৪০ টা পৰিষদীয় সমষ্টিত হ’ব নিৰ্বাচন। মুঠ ভোটাৰৰ সংখ্যা হৈছে ২৬,৫৭,৯২৭ গৰাকী।

২. আজি পৰ্বতঝোৰাত নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিটিচি নিৰ্বাচনত ২৪ খনৰো অধিক আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বিজেপিয়ে। বিটিচিত ৰাইজৰ পৰা বিজেপিয়ে ভবাতকৈও অধিক সঁহাৰি পোৱা বুলি দাবী মুখ্যমন্ত্ৰীৰ। বিটিআৰত এইবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি দৃঢ়তা প্ৰকাশ ডঃ শৰ্মাৰ।

৩. ছৈয়দা হামিদৰ মন্তব্য সন্দৰ্ভত সাংসদ অজিত কুমাৰ ভূঞাক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্য়মন্ত্ৰীয়ে অভিযোগ কৰে যে অজিত ভূঞাই মাতি আনিছিল হামিদক। তেওঁ কয় যে মিঞা মানুহখিনি বাংলাদেশী বনাই থৈ গ’ল হামিদাই। মিঞা মানুহে হামিদাক বিৰোধিতা কৰিব লাগে বুলিও কয় মুখ্যমন্ত্ৰীয়ে।

৪. অজিত ভূঞা, লুৰীণজ্যোতি গগৈ, হীৰেন গোহাঁইহঁতৰ ঘোঁৰাগাড়ীত উঠিলে এক্সিডেণ্ট হ’বই। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে ধুবুৰী, বিলাসীপাৰাত জনগাঁথনি সলনি হৈছে। ১৯৭১ চনৰ আগত অহাখিনিক অসমীয়াই আদৰি লৈছে। এজন এজন মানুহে ২০০/৩০০ বিঘা মাটি দখল কৰি ৰাখিছে বুলিও অভিযোগ কৰে মুখ্যমন্ত্ৰীয়ে।

৫. প্ৰায় দহ বছৰ ধৰি ক্ষমতাত আছে বিজেপি চৰকাৰ। কিন্তু ইয়াৰ পাছতো সীমান্ত পাৰ হৈ বাংলাদেশীয়ে অবৈধভাৱে প্ৰৱেশ কৰিছে কেনেকৈ ? এই প্ৰশ্ন সাংসদ গৌৰৱ গগৈৰ। বৰ্তমানৰ অসম চৰকাৰ অনুপ্ৰৱেশ ৰোধ কৰাত বিফল হোৱাৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। তেওঁ দাবী কৰে যে, এতিয়াও অনুপ্ৰৱেশ চলি আছে ৰাজ্যত।

৬. ছৈয়দা হামিদে বাংলাদেশী সন্দৰ্ভত কৰা মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অজিত ভূঞাই। ব্যক্তিগতভাৱে কৰা মন্তব্যৰ বাবে নাগৰিক সমাজ দায়ী নহয় বুলি কয় ৰাজ্যসভাৰ সাংসদগৰাকীয়ে। সভাৰ বাহিৰত কৰা ছৈয়দা হামিদৰ মন্তব্যত যিটো নেৰেটিভ সৃষ্টি কৰা হৈছে সেয়া দুৰ্ভাগ্যজনক। ছৈয়দা হামিদৰ মন্তব্যক গৰিহণা দিয়া বুলি কয় নাগৰিক সমাজে।

৭. ৰাজ্যৰ প্ৰতিখন চৰকাৰী হাস্পতালত এতিয়াৰে পৰা উপলব্ধ হ’ব ১০০ শতাংশ বিনামূলীয়া ঔষধ। ইয়াৰোপৰি ৰাজ্যৰ ৪৮৭৩ টা আয়ুষ্মান আৰোগ্য মন্দিৰত উপলব্ধ থাকিব ৩০ বিধ অত্যাৱশ্যকীয় ঔষধ। এতিয়াৰে পৰা চৰকাৰী চিকিৎসালত বিনামূলীয়া ঔষধ বিচাৰি নাপালে জনসাধাৰণে হোৱাটছএপযোগে দিব পাৰিব অভিযোগ। এই ঘোষণা কৰিলে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে।

৮. পুনৰ আম আদমী পাৰ্টীৰ নেতাৰ ঘৰত অভিযান ইডিৰ। চিকিৎসালয় নিৰ্মাণৰ নামত কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগত সৌৰভ ভৰদ্বাজৰ ঘৰত চলিল এই অভিযান। প্ৰায় ৫৫৯০ কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ। বিজেপি নেতা বিজেন্দ্ৰ গুপ্তাই এই সন্দৰ্ভত তুলিছিল অভিযোগ।

৯. কালিলৈ গণেশ চতুৰ্থী। অসমৰ লগতে দেশৰ প্ৰান্তে প্ৰান্তে চলিছে বিনায়ক চতুৰ্থীৰ মহা আয়োজন। সজাই-পৰাই তোলা হৈছে মণ্ডপসমূহ। বিভিন্ন আকাৰৰ গণপতিৰ মূৰ্তিৰে বিঘিনি নাশকক পূজা কৰাৰ বাবে সাজু হৈছে ভক্তসকল। আজিৰে পৰাই মন্দপসমূহত ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে।

 

অন্য খবৰ পঢ়কঃ আমি কেৱল অহিংস হ’ব নোৱাৰে, শান্তি বিচাৰিলে যুদ্ধৰ বাবে সাজু হ’বই লাগিবঃ CDS অনিল চৌহান

কিয় ধূমপান হঠাতে ত্যাগ কৰিব নালাগে? হ'ব পাৰে এইসমূহ সমস্যা!
দাঁতৰ বিষত ভুগিছে নেকি ? এই প্ৰাকৃতিক প্ৰতিকাৰৰ দ্বাৰা তৎক্ষণাত সকাহ পাওক
গণেশ চতুৰ্থীত বিৰল কাকতালীয় সংযোগ, এই ৰাশিৰ লোকৰ হাতলৈ আহিব ধন!
নিশা আহিব গভীৰ টোপনি, ঘৰতে থকা এইবিধ সামগ্ৰীয়ে দূৰ কৰিব অনিদ্ৰাৰ সমস্যা