গোৱালপাৰাৰ উচ্ছেদৰ পৰা লৰ্ডছ টেষ্টলৈ…পলকতে পঢ়ক দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ
দিনটোত এনে বহু ঘটনা সংঘটিত হয় যিবোৰে শীৰ্ষস্থান দখল কৰে। আজিৰ দিনটোটো এনে বহু ঘটনা সংঘটিত হৈছে। পঢ়ক দিনটোৰ এনে ৯টা গুৰুত্বপূৰ্ণ খবৰ...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
দিনটোত এনে বহু ঘটনা সংঘটিত হয় যিবোৰে শীৰ্ষস্থান দখল কৰে। আজিৰ দিনটোটো এনে বহু ঘটনা সংঘটিত হৈছে। পঢ়ক দিনটোৰ এনে ৯টা গুৰুত্বপূৰ্ণ খবৰ…
- পুৱা ৫ বজাৰ পৰা আজি গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত প্ৰশাসনে চলাই উচ্ছেদ অভিযান। প্ৰায় ১০৩৮ বিঘা চৰকাৰী ভূমিত বেদখল উচ্ছেদ কৰে প্ৰশাসনে। এই উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গ’ল AIUDF ক। ৰাইজৰ দলৰ নেতা অখিল গগৈয়েও সমালোচনা কৰিছে চৰকাৰক। উচ্ছেদৰ মাজতে চৰম পন্থা অৱলম্বনৰ চেষ্টা চলাই এজন লোকে। ততাতৈয়াকৈ তেওঁক ভৰ্তি কৰোৱা হয় হাস্পতালত।
- উচ্চেদৰ বিৰুদ্ধে আজি ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰসন্থাই। ৰাজ্য চৰকাৰৰ নিৰ্দেশত চলা উচ্ছেদ অভিযানক অমানৱীয় আখ্যা দি প্ৰতিবাদত নামিল আমছু। হাজাৰ হাজাৰ দৰিদ্ৰ সংখালঘু লোকক উচ্ছেদৰ দ্বাৰা গৃহহীন কৰাৰ অভিযোগ তুলিছে আমছুৱে।
- আজি সোণাপুৰত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন Aqua Tech Park উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উচ্ছেদ সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কচুতলীত বেটেলিয়ান কেম্প স্থাপন হ’লে কোনো সন্দেহযুক্ত লোকে বেদখল কৰিব নোৱাৰিব। ইফালে অখিল গগৈৰ মতে আদালত নচলে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।
- গোৱালপাৰাত আজি চলা উচ্ছেদৰ মাজতে প্ৰতিবাদ সাব্যস্ত কৰে AIUDF ৰ বিধায়কসকলে। কিন্তু আৰক্ষীয়ে তেওঁলোকক উচ্ছেদস্থলীত প্ৰৱেশত বাধা প্ৰদান কৰে। ফলত পথতেই প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক সমালোচনা কৰে।
- মহানগৰীৰ এখন ব্যক্তিগত বিদ্যালয়ত ভয়ংকৰ ঘটনা। ৰেগিঙৰ বলি হৈ চিকিৎসালয়ত ভৰ্তি এজন একাদশ শ্ৰেণীৰ ছাত্ৰ। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ ICU ত চিকিৎসাধীন হৈ আছে ছাত্ৰজন। মূৰত আৰু মুখ মণ্ডলত গুৰুতৰ ভাৱে আঘাত পাইছে ছাত্ৰজনে। আজাৰা স্থিত Miles Bronson Residential school ত সংঘটিত হৈছে এই ভয়ানক ঘটনা। দ্বাদশ শ্ৰেণীৰ ছাত্ৰই নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগ ছাত্ৰজনৰ পিতৃৰ।
- আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ প্ৰাৰম্ভিক প্ৰতিবেদন প্ৰকাশ । উৰণৰ ঠিক পাছতেই বিকল হৈছিল বিমানখনৰ দুয়োটা ইঞ্জিন। বন্ধ হৈ গৈছিল ইঞ্জিনলৈ ইন্ধনৰ যোগান। যাৰ ফলত বিমানখন উৰিব পৰা নাছিল। অৱশ্যে এতিয়া তদন্ত সম্পূৰ্ণ হোৱা নাই বুলি জনাইছে বিমান দুৰ্ঘটনা তদন্তকাৰী সংস্থাই।
- অহা ২০২৬ ত বাংলাদেশত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন। অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মঃ ইউনুছে ঘোষণা কৰিছিল এই কথা। কিন্তু নিৰ্বাচনৰ পূৰ্বে পদৰ পৰা আঁতৰিব লাগিব পাৰে ইউনুছো। সংবাদ মাধ্যমৰ তথ্য অনুসৰি কেবাটাও ৰাজনৈতিক দলে এইক্ষেত্ৰত ভূমিকা পালন কৰিব পাৰে।
- প্ৰায় তিনি বছৰ ধৰি চলি থকা ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতে পুনৰ এবাৰ মূৰ দাঙি উঠিছে। শনিবাৰে ৰাছিয়াই ইউক্ৰেইনৰ কেবাখনো চহৰত আক্ৰমণ চলায়। চলিত মাহত এয়া ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ চতুৰ্থটো আক্ৰমণ। প্ৰায় ৬০০ ড্ৰোণ আৰু ২০ টা মিছাইল নিক্ষেপ কৰে ৰাছিয়াই।
- ভাৰত আৰু ইংলেণ্ডৰ মাজত লৰ্ডছত চলি থকা তৃতীয়খন টেষ্টৰ আজি তৃতীয় দিন। প্ৰথম ইনিংছত ইংলেণ্ডে ৩৮৭ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ কে এল ৰাহুলে শতক অৰ্জন কৰাৰ বিপৰীতে পন্টে ৭৪ ৰাণ কৰে।
লগতে পঢ়ক: গুৱাহাটীৰ বিদ্যালয়ত জ্যেষ্ঠ ছাত্ৰৰ নৃশংসতাৰ বলি কনিষ্ঠ…ICUত ভৰ্তি