পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
ৰাজ্যৰ পৰা বিশ্বলৈ প্ৰতিটো দিনতে বিভিন্ন ধৰণৰ ঘটনা-পৰিঘটনা সংঘটিত হয়। ইয়াৰে কিছুমান গুৰুত্বপূৰ্ণ বাতৰি এই লেখাটোত উল্লেখ কৰা হ'ল।

পুৱাৰ খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- আবকাৰী বিভাগৰ আন এক হঠকাৰী সিদ্ধান্ত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপত সুৰাৰ বিপণি খোলাৰ অনুমতি। বিশ্ববিদ্যালয়ৰ গাতে লাগি থকা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ON SHOPৰ অনুজ্ঞাপত্ৰ প্ৰদান। এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা বিশ্ববিদ্যালয় কৰ্তৃপক্ষ, স্থানীয় ৰাইজৰ।
- বিতৰ্কিত যুৱতী তনু শ্বাহীক তলব কৰে দুলীয়াজান আৰক্ষীয়ে। বি.এন.সিং পেট্ৰ’ল পাম্প চাৰ্ভিচ ষ্টেচনৰ সৈতে নাম সাঙোৰ খাই পৰিছিল তনু শ্বাহীৰ। এইগৰাকী যুৱতীয়ে অসমীয়াত চৰম অপমান কৰিছিল, যাৰ বাবে বহু দল-সংগঠনে এজাহাৰ দাখিল কৰিছিল।
- অৱশেষত জেলৰ পৰা ওলাই আহিল ৰাজ্য জোকাৰি যোৱা ট্ৰেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত চুমি বৰা। প্ৰায় ৮ টা মাহ ধৰি জেলত আছিল চুমি বৰা। অৱশ্যে তেওঁৰ কেইজনমান সহযোগী এতিয়াও জেলতে আছে।
- বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আবেদন দাখিল কৰে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। উল্লেখ্য যে, বি.এন.সিং পেট্ৰ’ল পাম্প চাৰ্ভিচ ষ্টেচনৰ মাৰপিটৰ ঘটনাত গ্ৰেপ্তাৰ হৈছিল বৰুৱা। বৰ্তমান ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দিত্বৰ জীৱন কটাইছে তেওঁ।
- দুলীয়াজান থানাৰ OCৰ বিৰুদ্ধে ভাবুকিৰ অভিযোগ।হোৱাটছ এপৰ যোগেদি বীৰ লাচিত সেনাৰ শৃংখল চলিহাক ভাবুকিৰ অভিযোগ। এই সন্দৰ্ভত সামাজিক মাধ্যমত পোষ্ট কৰিছে চলিহাই লগতে গ্ৰেপ্তাৰৰ আশংকা ব্যক্ত কৰিছে।
- নিয়াৰ ডাঙৰ সফলতা। ২০২৫ চনৰ মাৰ্চ মাহত পঞ্জাৱৰ অমৃতসৰ জিলাত সংঘটিত মন্দিৰ গ্ৰেনেড আক্ৰমণৰ সৈতে জড়িত খালিস্তান মুক্তি বাহিনীৰ আন এজন গুৰুত্বপূৰ্ণ সহযোগীক গ্ৰেপ্তাৰ কৰিছে ৰাষ্ট্ৰীয় তদন্ত সংস্থাই।অভিযুক্তৰ নাম ভগৱন্ত সিং ওৰফে মন্না ভট্টী।
- বুধবাৰে সন্ধিয়া দিল্লীৰ পৰা শ্ৰীনগৰ অভিমুখী ইণ্ডিগোৰ এখন বিমান জৰুৰী অৱতৰণ কৰিবলগীয়া হয়। বিমান সংস্থাটোৰ মতে, ভয়াৱহ অস্থিৰতাৰ মাজতো বিমানখনৰ ২২৭ জন যাত্ৰী আৰু ক্ৰু মেম্বাৰ সকলোকে নিৰাপদে শ্ৰীনগৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰা হয়। জানিব পৰা মতে, জৰুৰীকালীন অৱস্থাত আবদ্ধ হৈ পৰাত পাইলটে পাকিস্তানক নিজৰ আকাশমাৰ্গ ব্যৱহাৰৰ অনুমতি বিচাৰিছিল। কিন্তু পাকিস্তানে অনুমতি দিয়া নাছিল।
- আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প প্ৰশাসনৰ ডাঙৰ পদক্ষেপ । হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত বিদেশী ছাত্ৰ-ছাত্ৰীক নামভৰ্তি কৰাত নিষেধাজ্ঞা আৰোপ। এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰি হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰিছে গৃহ নিৰাপত্তা বিভাগৰ সচিব ক্ৰীষ্টি ন’মে।
অন্য খবৰ পঢ়কঃ পাকিস্তানলৈ যোৱা অপৰাধ নহয়, গৌৰৱ গগৈ হাবি-জংঘল পাৰ হৈ অন্য দেশলৈ যোৱা নাইঃ দেবব্ৰত শইকীয়া