পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
ৰাজ্যৰ পৰা বিশ্বলৈ প্ৰতিটো দিনতে বহু ঘটনা সংঘটিত হয়। কিন্তু প্ৰতিটো ঘটনাৰ খবৰ ৰখা সহজ নহয়। এনে কেইটামান গুৰুত্বপূৰ্ণ খবৰ এই লেখাটোত উল্লেখ কৰা হ'ল।

পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটীত কৃত্ৰিম বান। এই সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে, মেঘালয়ৰ পাহাৰৰ পৰা নামি অহা পানীয়ে জটিল কৰিছে গুৱাহাটীৰ কৃত্ৰিম বান সমস্যা। USTMকে ধৰি মেঘালয়ত অবাধ হাৰত পাহাৰ ধ্বংসৰ ফলতে গুৱাহাটীৰ কৃত্ৰিম বানে লৈছে ভয়ংকৰ ৰূপ।
- মহানগৰীৰ পৰা অপহৰণ হোৱা দুই ছাত্ৰক উদ্ধাৰ বৰপেটা ৰোডত। এক অভিযান চলাই বশিষ্ঠ আৰক্ষীয়ে দুয়োকে উদ্ধাৰ কৰে। কিছুদিন পূৰ্বে গুৱাহাটীৰ বেলতলাৰ পৰা অপহৃত হৈছিল দুয়ো। ঘটনা সন্দৰ্ভত অব্যাহত তদন্ত।
- গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত চলি থকা বিতৰ্কৰ মাজতে বৃহস্পতিবাৰে চি এম ভিজিলেন্সত হাজিৰ হয় ৰিপুণ বৰা। গৌৰৱ পত্নীয়ে পাকিস্তান চৰকাৰৰ পৰা দৰমহা লয় বুলি মন্তব্য কৰিছিল বৰাই। তথ্য অনুসৰি, SIT ৰ জেৰাত বৰাই নিজৰ ভুল হোৱা বুলি স্বীকাৰ কৰে। লগতে কয় যে, দলৰ ডেমেজ কন্ট্ৰ’লৰ বাবে এনে মন্তব্য কৰিব লগা হয়।
- ভাৰতত বৃদ্ধি পাইছে ক’ভিডৰ প্ৰকোপ। নিতৌ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ক’ভিডত আক্ৰান্তৰ খবৰ পোহৰলৈ আহিছে। এই ক্ষেত্ৰত সজাগ হৈ পৰিছে স্বাস্থ্য বিভাগ।
- অপাৰেশ্যন সেন্দূৰৰ পাছত দুদিনীয়া ভ্ৰমণসূচীৰে জম্মুত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। এই সময়চোৱাত শ্বাহে অমৰনাথ যাত্ৰাৰ নিৰাপত্তাকে ধৰি কেইবাটাও বিষয়ত ৰাজভৱনত এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে।এই বৈঠকত জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাকে ধৰি বহু উচ্চপদস্থ বিষয়া উপস্থিত থাকে।
- আই পি এলৰ ফাইনেলত প্ৰৱেশ ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰুৰ। IPL 2025 ৰ প্ৰথমখন প্লে অফৰ মেচত জয় লাভ কৰে RCB য়ে। এই খেলত দলটোৱে পঞ্জাৱ কিংছৰ বিৰুদ্ধে ৮ উইকেটত জয়লাভ কৰে।
- বাংলাদেশত পুনৰ আৰম্ভ হৈছে ৰাজনৈতিক অস্থিৰতা। দেশখনৰ জনতাই শীঘ্ৰেই নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাইছে। ইয়াৰ মাজতে বৃহস্পতিবাৰে ভাৰতে কয় যে, বাংলাদেশে “শীঘ্ৰে সৰ্বাংগীন, নিকা আৰু মুক্ত নিৰ্বাচন” অনুষ্ঠিত কৰিব লাগে।
- পাকিস্তানত দেখা গ’ল পহলগাম কাণ্ডৰ মাষ্টাৰমাইণ্ড ছাইফুল্লাহ কছুৰীক। এক ৰাজনৈতিক সভাত অংশ গ্ৰহণ কৰি তেওঁ বহু ভাৰত বিৰোধী মন্তব্য দিয়ে। লগতে কয় যে, পহলগাম কাণ্ডই তেওঁক সমগ্ৰ বিশ্বত জনপ্ৰিয় কৰি তুলিছে।
অন্য খবৰ পঢ়কঃ “গৌৰৱৰ পত্নীয়ে পাকিস্তান চৰকাৰৰ পৰা দৰমহা লৈছিল”- চি এম ভিজিলেন্সত হাজিৰ ৰিপুণ বৰা…