Top Headlines : পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ…

আজি ইণ্ডিয়া ব্লকে ঘোষণা কৰিলে উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম। একেদৰে আজি এছিয়া কাপৰ বাবে ভাৰতীয় দল ঘোষণা। পলকতে চাওঁ আহক দিনটোৰ শীৰ্ষ খবৰসমূহ।

Top Headlines : পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ...
Published: 

19 Aug 2025 18:54 PM

আজি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। আজি ইণ্ডিয়া ব্লকে ঘোষণা কৰিলে উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম। একেদৰে আজি এছিয়া কাপৰ বাবে ভাৰতীয় দল ঘোষণা। সাংবাদমেল পাতি দল ঘোষণা কৰে মুখ্য নিৰ্বাচক অজিত আগাৰকাৰে। চাওঁ আহক দিনটোৰ শীৰ্ষ খবৰসমূহ।

দিনটোৰ শীৰ্ষ খবৰ

  1. ইণ্ডিয়া ব্লকে ঘোষণা কৰিলে উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম। তেলেংগানাৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ বিৰোধীৰ। ইণ্ডিয়া ব্লকৰ হৈ তেওঁ নাম ঘোষণা কৰে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে। অহা ৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব দেশৰ উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন।
  2. মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে GMCHৰ ১১ জন ট্ৰলী পুলাৰক গ্ৰেপ্তাৰ। পূৰ্বৰ এজাহাৰৰ ভিত্তিত এই লোক কেইজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । আজি আটাইকে হাজিৰ কৰোৱা হয় আদালতত। তেওঁলোকৰ বিৰুদ্ধে আছিল ৰোগীৰ আত্মীয়ক ধন দাবীৰ অভিযোগ।
  3. আজি এছিয়া কাপৰ বাবে ভাৰতীয় দল ঘোষণা। সাংবাদমেল পাতি দল ঘোষণা কৰে মুখ্য নিৰ্বাচক অজিত আগাৰকাৰে। ১৫ জনীয়া ভাৰতীয় দলটোক নেতৃত্ব দিব সূৰ্যকুমাৰ যাদৱে। ইফালে, দলটোৰ নতুন সহ-অধিনায়কৰ দায়িত্ব লাভ শুভমন গিলৰ। স্থান নাপালে যশস্বী জয়ছোৱাল আৰু শ্ৰেয়স আয়াৰে।
  4. দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল ভাৰতীয় সেনাৰ হেলিকপ্টাৰ। তিনিচুকীয়াৰ বৰডুমচাৰ কঠালগুৰি গাঁৱৰ ডিব্ৰুপৰীয়া খেলপথাৰত সেনাৰ হেলিকপ্টাৰৰ জৰুৰী অৱতৰণ। হেলিকপ্টাৰখনত আছি মুঠ ৪ জন যাত্ৰী। যান্ত্ৰিক বিজুতি বাবে জৰুৰী অৱতৰণ কৰা হেলিকপ্টাৰ চাবলৈ ৰাইজৰ ভিৰ।
  5. সন্দেহজনক নাগৰিকক পুনৰ সকীয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কোনোবাই আইন-শৃংখলা বিঘ্নিত কৰাৰ চেষ্টা কৰে তাক সহ্য কৰা নহ’ব । ‘মৌলবাদী দৰে কাৰ্যকলাপ’ত লিপ্ত হ’লেও কৰা হ’ব গ্ৰেপ্তাৰ। কেৰালা, মুম্বাই বা দিল্লীৰ পৰাই হওক স্পৰ্শকাতৰ বিষয়ত কোনো মৌলবাদী কাৰ্যকলাপ বা ৰাজনীতি সহ্য নকৰাৰ সতৰ্কবাণী মুখ্যমন্ত্ৰীৰ।
  6. NCRT ৰ পাঠ্যক্ৰমত ভুল তথ্যৰে ইতিহাস বিকৃতকৰণকলৈ আজি উত্তাল গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদ। প্ৰতিবাদ সাব্যস্ত কৰি পাঠ্যপুথিৰ পৰা ভুল তথ্য আঁতৰাই শুদ্ধ তথ্যৰে পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ আহ্বান NSUI ৰ ছাত্ৰ সমাজৰ। বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে NSUI ৰ ছাত্ৰ সমাজে।
  7. অভিনেত্ৰী নন্দিনী কাশ্যপৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰত চার্জশ্বীট দাখিল আদালতত। দিছপুৰ যান-বাহন শাখাত ৰুজু হোৱা ৬৩০/২৫ গোচৰত দাখিল কৰা হয় চার্জশ্বীট। প্ৰায় ২০০ পৃষ্ঠাজোৰা চার্জশ্বীটত আছে দুৰ্ঘটনাৰ সকলো তথ্য। ২৫ জনকৈ লোকৰ সাক্ষ্য লিপিবদ্ধ আছে এই চার্জশ্বীটত। লগতে চার্জশ্বীটত সন্নিবিষ্ট আছে দুৰ্ঘটনাত পতিত বাহনখনৰ MVI আৰু ফৰেনচিকৰ প্ৰতিবেদন।
  8. গুৱাহাটী ৰে’লৱেৰ মাটিত থকা ২১৭ টা বস্তি অঞ্চলত চলিব উচ্ছেদ। এই কাৰ্য বিৰোধিতাৰে দিছপুৰ প্ৰেছ ক্লাৱত সদৌ গুৱাহাটী বস্তি সমন্বয় সমিতি, SFI আৰু DYFI ৰ যৌথ সংবাদমেল। বিকল্প সংস্থাপন নোহোৱা পৰ্যন্ত উচ্ছেদ বন্ধ ৰাখিবলৈ আহ্বান তিনিওটা সংগঠনৰ।
  9. দুদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ি। উপস্থিত হোৱাৰ পাছতে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ সৈতে বৈঠকত মিলিত হয়। ইয়াৰ পাছতে ৱাং য়িয়ে কয়, দুয়ো পক্ষই ৭৫ বছৰ অভিজ্ঞতাৰ পৰা শিক্ষা লোৱা উচিত। সঠিক ৰণকৌশল অৱলম্বন কৰা উচিত। ইজনে আনজনক প্ৰতিদ্বন্দ্বি হিচাপে গণ্য কৰাৰ বিপৰীতে অংশীদাৰ হিচাপে চোৱা উচিত বুলি কয় চীন মন্ত্ৰীগৰাকীয়ে।
সুস্বাস্থ্যৰ বাবে খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক অমিতা...
শৰীৰত হিমোগ্লোবিনৰ পৰিমাণ বৃদ্ধি কৰে নৰসিংহৰ পাতৰ চাহে! জানক
ঘৰৰ সন্মুখত দেৱদাৰু গছ থকাটো ভাল নে বেয়া? জানক...
সাৱধান হওক, আওকাণ নকৰিব ! হাৰ্ট এটেকৰ পূৰ্বে এই লক্ষণবোৰে দেখা দিয়ে...