আজি মাঘ বিহুঃ মেজিৰ অগ্নিক সেৱা জনাই আশীৰ্বাদ বিচাৰিলে অসমীয়াই…

Magh Bihu 2026: আজি সমূহ অসমীয়াই পালন কৰিছে হেঁপাহৰ মাঘ বিহু। উৰুকাৰ নিশা প্ৰীতি ভোজ খোৱাৰ পাছত আজি মেজি জ্বলাই অগ্নিক সেৱা কৰি আশীৰ্বাদ বিচাৰিছে অসমীয়াই। জ্যেষ্ঠজনৰ আশীৰ্বাদ লৈছে কনিষ্ঠই।

আজি মাঘ বিহুঃ মেজিৰ অগ্নিক সেৱা জনাই আশীৰ্বাদ বিচাৰিলে অসমীয়াই…

মাঘ বিহু

Published: 

14 Jan 2026 | 07:00 AM

আজি অসমীয়াৰ হেঁপাহৰ মাঘ বিহু বা ভোগালী বিহু। পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা বছৰ বছৰ ধৰি অসমীয়াই পালন কৰি আহিছে বাপতিসাহোন মাঘ বিহু। উৰুকাৰ নিশা প্ৰীতি ভোজ খোৱাৰ পাছতে আজি সকলোৱে মেজি জ্বলাই অগ্নিক সেৱা কৰে আৰু কনিষ্ঠজনে জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ লয় । বিশ্বাস অনুসৰি, মেজিৰ জুইত সকলো অপায় অমংগল দূৰ হয় আৰু সমাজলৈ সুখ শান্তি আহে। সেয়ে সকলোৱে বৰ আদৰেৰে পালন কৰিছে হেঁপাহৰ বিহুটি।

পৰম্পৰা

ঠাই ভেদে মাঘ বিহুৰ পৰম্পৰা বেলেগ বেলেগ। কিছুমান ঠাইত নৰা কাটি আৰু কিছুমান ঠাইত কাঠেৰে সজা মেজিত অগ্নিসংযোগ কৰা হয়। দীৰ্ঘদিন ধৰি ডেকাহঁতে পথাৰৰ পৰা নৰা আনি ভেলাঘৰ আৰু মেজি বনায়। উৰুকাৰ নিশা ভোজ ভাত খাই আৰু পুৱা উঠি প্ৰথমে ভেলাঘৰত অগ্নিসংযোগ কৰে। পাছত সকলো ৰাইজৰ উপস্থিতিত মেজিত অগ্নিসংযোগ কৰি সমাজৰ কুশল মংগল কামনা কৰে। এই মেজিত বিভিন্নজনে ফুল, মাহ কৰাই আদি চটিয়াই আশীৰ্বাদ বিচাৰে। মেজিৰ এই জুইত যেন জাহ জাহ সমাজৰ হিংসা বিদ্বেষ আদি। মাঘৰ বিহুত মাহ কৰাই খোৱা এক পৰম্পৰা।

অসমীয়াৰ তিনি বিহুৰ ভিতৰত মাঘ বিহু অন্যতম। আঘোণৰ শস্য চপোৱাৰ পাছত সকলোৰে ওচৰত এই বিহুত খাবলৈ কিবা অলপ থাকে। যাৰ বাবে এই বিহুক ভোগালী বিহু বুলি কয়। সাধ্য অনুসৰি সকলোৱে পিঠা, লাড়ু আদি বনায়। ইয়াৰোপৰি উৰুকাৰ নিশা হেঁপাহ পলুৱাই মাছে মঙহে খায়।

আধুনিকতাৰ গ্ৰাসত কিছু পৰম্পৰা হেৰাই গ’লেও অসমীয়াই এতিয়াও প্ৰতিবছৰে পালন কৰি আহিছে মাঘ বিহু। নগৰতো মানুহে সাধ্য অনুসৰি এই বিহু পালন কৰা দেখা যায়। এই সময়চোৱাত অসমীয়াই তিল পিঠা,চিৰা, বৰা ধানৰ সান্দহ, আখৈ, ভজা চাউল, কোমল চাউল, ভাপত দিয়া পিঠা, নাৰিকলৰ লাডু, তিলৰ লাড়ুকে ধৰি বিভিন্ন ধৰণৰ লাড়ু বনায়। আত্মীয়সকলক বিহু খাবলৈ মাতে।

এই বিহুত ঠাইভেদে বিভিন্ন খেল অনুষ্ঠিত হয়। তাৰ ভিতৰত বুলবুলি চৰাইৰ যুঁজ, মহ যুঁজ, কণী যুঁজ আদি অন্যতম। অসমৰ বিভিন্ন ঠাইত পৰম্পৰা কিছু বেলেগ হ’লেও বিহুক লৈ সকলোৰে আবেগ একেই। বিহুৱে প্ৰতি অসমীয়াক একতাৰ ডোলেৰে বান্ধে। আজিৰ এই শুভ দিনটোত সকলোলৈ হেঁপাহৰ ভোগালীৰ বহুত বহুত শুভেচ্ছা।

 

অন্য খবৰ পঢ়কঃ এনেদৰে আপোনজনলৈ প্ৰেৰণ কৰক হেঁপাহৰ উৰুকাৰ শুভেচ্ছা… 

ব্লাড চুগাৰ নিয়ন্ত্ৰণত সহায় কৰে এইসমূহ খাদ্যই, জানক...
মাঘ বিহুত কিয় মেজি জ্বলোৱা হয়? জানক তাৎপৰ্য আৰু নিয়মৰ বিষয়ে
শীতকালত দিনটোত কিমান পানী খাব লাগে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
১০০ বছৰৰ পাছত মাঘ বিহুত বিৰল সংযোগ, জিলিকি উঠিব ৩ ৰাশিৰ ভাগ্য!
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি