গুৱাহাটীৰ উন্মুক্ত নলাত পৰি মৃত্যু ৩ বছৰীয়া শিশুৰ, প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰীৰ…

পুনৰ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। উন্মুক্ত নলাত পৰি মৃত্যু এটি ৩ বছৰীয়া কনমানিৰ। পৰিয়ালৰ অভিযোগ মতে, একাংশৰ ভুলৰ বাবে এনে ঘটনা সংঘটিত হৈছে।

গুৱাহাটীৰ উন্মুক্ত নলাত পৰি মৃত্যু ৩ বছৰীয়া শিশুৰ, প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰীৰ...

হিমন্ত বিশ্ব শৰ্মা

Updated On: 

04 Sep 2025 | 06:25 PM

স্মাৰ্ট চিটি গুৱাহাটী! শেহতীয়াকৈ মহানগৰীত সংঘটিত হৈছে এক শোকাবহ ঘটনা। উন্মুক্ত নলাত পৰি মৃত্যুক সাৱতি লয় এটি দেৱশিশুয়ে। জানিব পৰা মতে বুধবাৰ (৩ ছেপ্টেম্বৰ)য়ে বিয়লি শিশুটি ৰাস্তাৰ কাষেৰে গৈ আছিল। কিন্তু হঠাতে নলাত পৰি শিশুটিৱে মৃত্যুক সাৱতি লয়। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ নীলাচল নগৰৰ চাইকেল ফেক্টৰীত। মৃত্যু হোৱা শিশুটি ৩ বছৰীয়া সুমিত কুমাৰ বুলি চিনাক্ত হৈছে। শোকাবহ এই ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

বুধবাৰে সংঘটিত হোৱা এই ঘটনাৰ দৃশ্য সেই স্থানত থকা চিচিটিভিত আৱদ্ধ হৈছে। য’ত দেখা গৈছে যে, শিশুটিয়ে খোজ কাঢ়ি ৰাস্তাৰ কাষেৰে গৈ থাকে আৰু হঠাতে নলাটোত বাগৰি পৰে। সেই নলাটোত নাছিল কোনো স্লেব। যাৰ বাবে শিশুটি হঠাতে নলাটোত পৰি যায় আৰু অকাল মৃত্যুক সাৱতি লয়।

এই ঘটনাৰ পাছতে এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিয়নো এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও গুৱাহাটী মহানগৰীত বহু লোকে নলাত পৰি প্ৰাণ হেৰুৱাইছে। কিন্তু তাৰ পাছতো গা লৰা নাই প্ৰশাসন তথা চৰকাৰৰ। এয়াই নহয়, গুৱাহাটীৰ বিভিন্ন স্থানত উন্মুক্ত নলাৰে ভৰি আছে, বহু পথৰ অৱস্থা অতি শোচনীয়া। এনে পৰিস্থিতিত মানুহে মৰনক শৰণ দি মহানগৰীত এক ভয়ানক জীৱন যাপন কৰি আছে।

শেহতীয়াকৈ গুৱাহাটী মহানগৰীত হোৱা এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, “আজি আমাৰ মুখ্য সচিবক কৈছো যে ছেটলাইটৰ জৰিয়তে চাব লাগে ক’ত ক’ত নলা উন্মুক্ত হৈ আছে। তাৰ পাছত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কিন্তু বিভিন্ন ফুটপাথত স্লেব লগোৱাৰ পাছতে একাংশই চুৰি কৰি লৈ যায়। গতিকে এই বিষয়টোত সামাজিক সমস্যাই জড়িত হৈ আছে। এই সকলোবোৰ সমস্যা সকলোৱে মিলি সমাধান কৰিব লাগিব”।

ইফালে পৰিয়াল তথা স্থানীয় ৰাইজে অভিযোগ কৰিছে যে, অনিল দাস কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডৰ ভুলৰ বাবে এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। কিন্তু ইয়াৰ পাছতো প্ৰতিষ্ঠানটোৱে খবৰ লবলৈ অহা নাই দুৰ্ভগীয়া পৰিয়ালটোৰ। আনকি আৰক্ষীয়েও বিষয়টোত গুৰুত্ব আৰোপ কৰা নাই বুলি কয় তেওঁলোকে। এই ঘটনাৰ ন্যায় বিচাৰি আজি পুৱাই পৰিয়াল তথা স্থানীয় ৰাইজে ঘটনাস্থলীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

এই সন্দৰ্ভত প্ৰতিবাদকাৰীসকলে কয় যে, এই স্থানত ফ্লাইঅভাৰ নিৰ্মাণ হৈ আছে। কিন্তু নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ গাফিলতিৰ বাবে এনে ভুল হ’বলৈ পালে। অঞ্চলটোৰ ২০-২২ টা ঠাইত নলাসমূহ উন্মুক্ত হৈ আছে। তেনেস্থলত ঘৰৰ সন্মুখলৈ ওলাই অহাৰ পাছতে প্ৰায় ৩ বছৰীয়া শিশুটি ৭ ফুট দ’ নলাত পৰি যায়। গতিকে এই ঘটনাৰ ন্যায় বিচাৰিছে পৰিয়াল তথা স্থানীয় ৰাইজে।

 

অন্য খবৰ পঢ়কঃ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! এতিয়াৰ পৰা গাখীৰত নাথাকে GST, কিমান সস্তীয়া হ’ব জানক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...