জুবিন গাৰ্গৰ হত্যাৰ অন্যতম অভিযুক্ত অমৃতপ্রভা মহন্তৰ জামিন নাকচ

আদালতৰ ৰায়দানত সন্তুষ্টি প্ৰকাশ গৰিমা শইকীয়া গাৰ্গৰ। জামিন আবেদনত এনেধৰণৰ ৰায়দানৰ আশা প্ৰকাশ গৰিমাৰ। গৰিমাই কয়, "অসুৰ কেইটাই শাস্তি পাবই লাগিব। জুবিন গাৰ্গৰ ইমান মৰমৰ পিছত এনে বিশ্বাসঘাটক কৰিব বুলি সপোনতো ভৱা নাছিলোঁ।"

জুবিন গাৰ্গৰ হত্যাৰ অন্যতম অভিযুক্ত অমৃতপ্রভা মহন্তৰ জামিন নাকচ
Published: 

30 Jan 2026 | 01:37 PM

জুবিন গাৰ্গৰ হত্যাৰ অন্যতম অভিযুক্ত অমৃতপ্রভা মহন্তৰ জামিন নাকচ । অমৃতপ্ৰভাৰ জামিন আবেদন নাকচ কৰে কামৰূপ মহানগৰ জিলাৰ সত্ৰ আৰু ন্যায়াধীশৰ আদালতে।

ইফালে আন ৩টা অভিযুক্তৰ জামিন নাকচৰ বাবে আদালতত আবেদন কৰিছিল SITয়ে। গৰিমা গাৰ্গেও ৩ অভিযুক্তৰ জামিন নাকচৰ বাবে আবেদন দাখিল কৰিছিল আদালতত। আজি কেইবাখনো আবেদনৰ শুনানি সম্পন্ন কৰে আদালতে । দেহৰক্ষী নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যৰ জামিন আবেদনৰ নাকচ ৰায় দিলে আদালতে।

আদালতৰ ৰায়দানত সন্তুষ্টি প্ৰকাশ গৰিমা শইকীয়া গাৰ্গৰ। জামিন আবেদনত এনেধৰণৰ ৰায়দানৰ আশা প্ৰকাশ গৰিমাৰ। গৰিমাই কয়, “অসুৰ কেইটাই শাস্তি পাবই লাগিব। জুবিন গাৰ্গৰ ইমান মৰমৰ পিছত এনে বিশ্বাসঘাটক কৰিব বুলি সপোনতো ভৱা নাছিলোঁ।”

১৩ ফেব্ৰুৱাৰীত তাৰিখে গোচৰটোৰ পৰবৰ্তী শুনানি, ১৬ফেব্ৰুৱাৰীত মহাবীৰ একুৱা আৰু সিদ্ধাৰ্থৰ ফ্লেট জব্দৰ শুনানিৰ দিন।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব