কংগ্ৰেছ দলত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কাৰ্যকৰ্তাৰ অভাৱ… কিয় এই মন্তব্য কৰিলে প্রাক্তন সাংসদ পল্লৱ লোচন দাসে?

পঞ্চায়ত নিৰ্বাচনক লৈ শাসক-বিৰোধীৰ তীব্ৰ বাক-বিতণ্ডাৰ মাজতে প্রাক্তন সাংসদ পল্লৱ লোচন দাসে কংগ্ৰছৰ বিৰুদ্ধে কৰিছে বহু মন্তব্য। পল্লৱ লোচন দাসে কয়, কংগ্ৰেছ দলত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কাৰ্যকৰ্তাৰ অভাৱ | কোনোবাই কাৰোবাক ধমকি দিলে প্রার্থিত্ব উঠাই ল'ব এয়া অসম্ভৱ কথা | গণতান্ত্রিক দেশত এনে কার্য সম্ভৱ নহয় |

কংগ্ৰেছ দলত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কাৰ্যকৰ্তাৰ অভাৱ... কিয় এই মন্তব্য কৰিলে প্রাক্তন সাংসদ পল্লৱ লোচন দাসে?

কংগ্ৰেছ দলত প্রতিদ্বন্ধিতা কৰিবলৈ কাৰ্যকৰ্তাৰ অভাৱ!

Updated On: 

18 Apr 2025 | 05:49 PM

সন্মুখত পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনক লৈ যুদ্ধগতিত চলিছে প্ৰস্তুতি পৰ্ব। ৰাজ্যত ২ মে’ আৰু ৭ মে’ত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন । মাজত মাত্র কেইটামান দিন বাকী আছে । পঞ্চায়ত নির্বাচনক লৈ গৰম হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি ।

শাসক-বিৰোধীৰ তীব্ৰ বাক-বিতণ্ডাৰ মাজতে প্রাক্তন সাংসদ পল্লৱ লোচন দাসে কংগ্ৰছৰ বিৰুদ্ধে কৰিছে বহু মন্তব্য। পল্লৱ লোচন দাসে কয়, কংগ্ৰেছ দলত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কাৰ্যকৰ্তাৰ অভাৱ | কোনোবাই কাৰোবাক ধমকি দিলে প্রার্থিত্ব উঠাই ল’ব এয়া অসম্ভৱ কথা | গণতান্ত্রিক দেশত এনে কার্য সম্ভৱ নহয় |

ইফালে পঞ্চায়ত নির্বাচনত কংগ্ৰেছ প্রার্থীক মনোনয়ন উঠাই ল’বলৈ বিজেপি নেতাই ভয় ভাবুকি প্রদান কৰা বুলি কৰা কংগ্ৰছেৰ অভিযোগ নস্যাৎ প্রাক্তন সাংসদ পল্লৱ লোচন দাসৰ | পঞ্চায়ত নির্বাচনত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ’ব বিজেপিয়ে | পূৰ্বতকৈ অধিক আসন লাভ কৰিব বিজেপি দলে | নির্বাচনত জয়ী হৈ গাঁও পঞ্চায়তৰ উন্নয়নৰ যোগেদি অসমৰ উন্নয়ন কৰিব |

উল্লেখ্য যে,  ৫, ৯০০ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত। বিজেপি মিত্ৰজোঁটৰ ৩১৪গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে  জয়ী হৈছে। আৰু ৩৭৮ গৰাকী প্ৰাৰ্থিয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছে। নিৰ্বাচনৰ ১৭৯ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল হৈছে। ৩১ খন জিলা পৰিষদত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী বিজেপি আৰু ২ খন জিলা পৰিষদত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী অগপ। ৰাজ্যত ২ মে’ আৰু ৭ মে’ত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন। পুৱা ৭.৩০ বজাৰ পৰা আবেলি ৩.৩০ বজালৈ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব। এক কথাত, বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বে ৰাজনৈতিক দলসমূহৰ বাবে এয়া এক অগ্নিপৰীক্ষা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...