পাকিস্তানী যুৱকৰ সৈতে বিয়া, একাউন্টত বিদেশৰ লাখ লাখ টকা! গ্ৰেপ্তাৰ তেজপুৰৰ এগৰাকী মহিলাসহ ৩ যুৱক…
পাকিস্তানৰ সৈতে লিংক থকাৰ অভিযোগত শেহতীয়াকৈ তেজপুৰৰ এগৰাকী মহিলা আৰু ৩ যুৱক গ্ৰেপ্তাৰ হৈছে। জানিব পৰা মতে, এইগৰাকী মহিলাই কিছুমাহ পূৰ্বে পাকিস্তানী যুৱকৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। বৰ্তমান ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।

অভিযুক্তসকল
চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ সৈতে সংযোগ থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তেজপুৰৰ জ্যোতিকা কলিতা নামৰ এগৰাকী মহিলাৰ লগতে ৩ যুৱকক। প্ৰাপ্ত খবৰ অনুসৰি পাকিস্তানী নাগৰিকৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল জ্যোতিকা। এইগৰাকী মহিলাৰ একাউন্টত ডুবাইৰ পৰা বৃহৎ পৰিমাণৰ খনৰ লেনদেন হৈছিল। সেই গোচৰতে এতিয়া আৰক্ষীয়ে তেওঁক ৫ ডিচেম্বৰত গ্ৰেপ্তাৰ কৰে। ইয়াৰ পাছতে মহিলাগৰাকীৰ সৈতে পাকিস্তানৰ সম্পৰ্কৰ বিষয়টো পোহৰলৈ আহে।
খবৰ অনুসৰি, তেজপুৰৰ বৰঝাৰ গাঁৱৰ এটা পৰিয়ালৰ বেংক একাউণ্টত লাখে লাখে বিদেশৰ পৰা বৃহৎ পৰিমাণৰ ধন সোমোৱাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছিল। তাৰ পাছতে তেজপুৰ আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ ৩১৬(২)/৩৮০(৪)/৩৪০(২)/৩(৫) ধাৰাৰ অধীনত পঞ্জীয়ন কৰা ৭৭০/২৫ নম্বৰ গোচৰ অনুসৰি তদন্ত চলায়। এই তদন্তৰ সময়ত আৰক্ষীয়ে একেটা পৰিয়ালৰ জ্যোতিকা কলিতা, জিতু কলিতা, চিমু দাস আৰু অভিজিৎ দাসক গ্ৰেপ্তাৰ কৰে। ৫ ডিচেম্বৰত জ্যোতিকাক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰাৰ বিপৰীতে বাকী কেইজনক জেললৈ প্ৰেৰণ কৰে।
আৰক্ষীৰ জিম্মাৰ অন্তত কালি জ্যোতিকা কলিতাক তেজপুৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে সন্ধিয়া তেওঁক তেজপুৰ কাৰাগাৰলৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে। এই সমগ্ৰ ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
উল্লেখ্য যে, এজন পাকিস্তানী নাগৰিকৰ স’তে যোৱা ২৫ ফেব্ৰুৱাৰীত বিবাহপাশত আৱদ্ধ হৈছিল ধৃত জ্যোতিকা। বিবাহৰ দিন ধৰি জ্যোতিকাই ডুবাই, ইউনাইটেড আৰৱ এমিৰেট আদিকে ধৰি কেবাখনো বিদেশী ৰাষ্ট্ৰ ভ্ৰমণ কৰিছিল বুলি আৰক্ষী সুত্ৰই প্ৰকাশ কৰিছে। আৰক্ষীয়ে ধৃত জ্যোতিকা আৰু তেওঁৰ সহযোগীসকলৰ পৰা ৪৪ খন এটিএম কাৰ্ডৰ লগতে ১৭ খন বেংক পাচবুক,চেকবুক আদি জব্দ কৰিবলৈ সক্ষম হৈছে। এই একাউন্টসমূহলৈ বিভিন্ন ৰাষ্ট্ৰৰ পৰা লাখে লাখে টকা সোমাইছিল। সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীৰ তদন্ত অব্যাহত আছে। পৰৱৰ্তী সময়ত অধিক তথ্য পোহৰলৈ আহিব পাৰে।
অন্য খবৰ পঢ়কঃ পাহাৰৰ পৰা বাগৰি পৰিল মানুহ ভৰ্তি বাছ; এতিয়ালৈকে মৃত্যু ৯জনৰ, আছিল ৩৫ গৰাকী তীৰ্থযাত্ৰী…