বাংলাদেশৰ কুখ্যাত জামাত-ই-ইছলামীৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ শিক্ষক হজৰত আলী…

জামাত-ই-ইছলামীৰ সৈতে জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ পুনৰ এজন শিক্ষক। যোৱা শনিবাৰে গোলকগঞ্জ আৰক্ষীয়ে কোকৰাঝাৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে হজৰত আলীক। বৰ্তমান তদন্ত অব্যাহত আছে।

বাংলাদেশৰ কুখ্যাত জামাত-ই-ইছলামীৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ শিক্ষক হজৰত আলী...

প্ৰতীকি ফটো

Published: 

01 Sep 2025 12:34 PM

পুনৰ পোহৰলৈ আহিছে ৰাজ্যত চলি থকা একাংশৰ কু-অভিসন্ধি।  বাংলাদেশৰ কুখ্যাত জামাত-ই-ইছলামীৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ শিক্ষক হজৰত আলী ওৰফে হজৰত মাষ্টাৰ। কিছুদিন পূৰ্বে শ্বাহ আলম সৰকাৰ নামৰ এজন শিক্ষক গ্ৰেপ্তাৰ হোৱাৰ পাছত গোলকগঞ্জ আৰক্ষীয়ে আন এজন শিক্ষকক গ্ৰেপ্তাৰ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাৰ নেতৃত্বত শনিবাৰে সন্ধিয়া কোকৰাঝাৰ জিলাৰ কাজিগাঁও অঞ্চলত চলা অভিযানত শিক্ষকগৰাকী গ্ৰেপ্তাৰ হয়। বৰ্তমান তেওঁৰ জেৰা অব্যাহত আছে।

সূত্ৰ অনুসৰি, শিক্ষকগৰাকীৰ সন্দেহজনক গতিবিধি আৰু কুখ্যাত সংগঠনটোৰ নেটৱৰ্কৰ সৈতে জড়িত থকাৰ সন্দেহৰ বাবে কিছুদিনৰ পৰা আৰক্ষীৰ নজৰত আছিল। নাম প্ৰকাশ কৰাত অনিচ্ছুক এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই কয় যে, আমি হজৰত আলীৰ সন্দেহজনক গতিবিধি বিশেষকৈ বাংলাদেশৰ জামাত-ই-ইছলামীৰ সৈতে জড়িত হোৱাৰ অতি বিশ্বাসযোগ্য তথ্য লাভ কৰিছিলো।

অভিযোগ অনুসৰি, বাংলাদেশৰ এই সংগনটোৰ লগত আলীয়ে দীৰ্ঘদিন ধৰি সম্পৰ্ক বজাই ৰাখিছিল। লগতে উগ্ৰ মতাদৰ্শ প্ৰচাৰ কৰি গৈছিল। বৰ্তমান আৰক্ষীয়ে আন দিশসমূহৰ ওপৰতো তদন্ত কৰি আছে। গ্ৰেপ্তাৰৰ পাছতে আলীক বৰ্তমান আৰক্ষীয়ে জেৰা চলাই আছে। সূত্ৰ অনুসৰি, জেৰাৰ অন্তত এই ঘটনাত জড়িত অন্য অভিযুক্তও গ্ৰেপ্তাৰ হ’ব পাৰে। এই ঘটনাই পুনৰ এবাৰ অসমৰ সীমান্তৰ নিৰাপত্তাৰ ওপৰত এক ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে আন এগৰাকী শিক্ষকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। বাংলাদেশৰ এই কুখ্যাত সংগঠনটোৰ সৈতে জড়িত অভিযোগত গ্ৰেপ্তাৰ হৈছিল শ্বাহ আলম সৰকাৰ। ধৃত শ্বাহ আলম সৰকাৰ গোলকগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৰ লক্ষীমাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক।

ইয়াৰ পূৰ্বে গ্ৰেপ্তাৰ হৈছিল আলী হুছেইন বেপাৰী নামৰ আন এজন লোক। অভিযোগ অনুসৰি, বাংলাদেশৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠন জামাত-উল-মুজাহিদীন বাংলাদেশৰ অতি ঘনিষ্ঠ আলী হুছেইন বেপাৰী। এইজন আলী হুছেইন বেপাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিতেই গ্ৰেপ্তাৰ হৈছিল শ্বাহ আলম। ইয়াৰ পাছতে জালত পৰিছে আন এজন শিক্ষক।

এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্ত কেইজনৰ পৰা পৰৱৰ্তী সময়ত কোনো ডাঙৰ তথ্য পোহৰলৈ আহিব পাৰে। উল্লেখ্য যে,  বিগত সময়চোৱাত ভাৰত-বাংলাদেশ সীমান্তৰ সমীপৰ একাংশ লোকে ভাবুকি ভৰা পত্ৰ লাভ কৰিছিল। এই সকলোবোৰৰ আঁৰত এইসকল লোক জড়িত থকাৰ সন্দেহ কৰা হৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্য়াহত আছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ আহিব পাৰে।

 

অন্য খবৰ পঢ়কঃ BTC election: বিটিচি নিৰ্বাচনৰ বাবে বিজেপিৰ ২৮ জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ…

কোষ্ঠকাঠিন্যৰ পৰা বমি বন্ধ কৰালৈকে, নহৰু খালে এইবোৰ সমস্যাৰ পৰা পাব উপশম...
ঘৰৰ এইসমূহ স্থানত নাৰাখিব পূৰ্বপুৰুষৰ ফটো! হ'ব অমংগল...
বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ! সাৱধান হৈ থাকিব এই ৰাশিৰ লোক...
এই খাদ্যসমূহে প্ৰাণ সঞ্চাৰ কৰে মগজুত, তালিকাত থকা এবিধ খাদ্যই কৰি তুলিব আচৰিত