দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ কেইটামান মুখ্য খবৰ…

আজি ১০ ডিচেম্বৰ, বুধবাৰ। দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ কেইটামান মুখ্য খবৰ...
Updated On: 

10 Dec 2025 08:16 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

পুৱাৰ শীৰ্ষ খবৰ

  1. আজি শ্বহীদ দিৱস। অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতিত ডিছেম্বৰৰ ১০ তাৰিখে ৰাজ্যজুৰি কৰা হয় শ্বহীদ দিৱস। ১৯৭৯ চনৰ ১০ ডিচেম্বৰত ঐতিহাসিক অসম আন্দোলনৰ প্ৰথম শ্বহীদ হয় খৰ্গেশ্বৰ তালুকদাৰ। বৰপেটা জিলাৰ ভৱানীপুৰত পুলিচৰ গুলীত প্ৰাণত্যাগ দিছিল খৰ্গেশ্বৰ তালুকদাৰে। এই দিনটোতে ৮৬০ গৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হব।
  2. শ্বহীদ দিৱসৰ উপলক্ষে অসম আন্দোলনৰ শ্বহীদৰ সোঁৱৰণ কৰি জিলাই জিলাই পৰিৱেশন কৰা হ’ব শ্বহীদ প্ৰণামো তোমাক গীতটি। ইফালে গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নিৰ্মাণ কৰা শ্বহীদ স্মাৰকো উন্মোচন কৰা হ’ব।
  3. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত তিনিজনীয়া এখন কমিটীৰ বৈঠকত নতুন মুখ্য তথ্য আয়ুক্ত বাছনি আৰু কেন্দ্ৰীয় তথ্য আয়োগত খালী হোৱা ৮টা তথ্য আয়ুক্ত পদৰ নিযুক্তি সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। বিৰোধী দলৰ নেতা ৰাহুল গান্ধীও কমিটীৰ সদস্য।
  4. ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া ত্ৰয়োদশ সাধাৰণ নিৰ্বাচনৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বাংলাদেশ নিৰ্বাচন আয়োগে। আজি ঘোষণা কৰাৰ সম্ভাৱনা আছে নিৰ্বাচনী প্ৰক্ৰিয়া আৰু তাৰিখ।
  5. অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ইণ্ডিগ’ৰ বিমান সেৱা ১০% হ্ৰাস কৰিবলৈ নিৰ্দেশ দিছে। লগতে যাত্ৰীৰ ধন ঘূৰাই দিয়াৰ লগতে যিমান পাৰি সোনকালে লাগেজ ঘূৰাই দিবলৈও নিৰ্দেশ দিয়া হৈছে। ইণ্ডিগ’ৰ সেৱা হ্ৰাস কৰাটো প্ৰয়োজনীয় বুলি বিমান মন্ত্ৰালয়ে উল্লেখ কৰে।
  6. অসমত তদানীন্তন কংগ্ৰেছ চৰকাৰৰ বৰ্বৰতাৰ বাবে ৮৫০ জনতকৈ অধিক যুৱক-যুৱতীয়ে প্ৰাণ হেৰুৱালে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযোগ উত্থাপন কৰে। তেওঁ উল্লেখ কৰে যে, নিৰাপদ অসমৰ দাবী, অবৈধ অনুপ্ৰৱেশ বন্ধ কৰাৰ দাবী উত্থাপন কৰাটোৱে যুৱক-যুৱতীসকলৰ একমাত্ৰ দোষ আছিল । সাংবাদিকৰ আগত এই মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মাই।
কোনবোৰ খাদ্যই শৰীৰত কলেষ্টেৰল বৃদ্ধি কৰে? জানক...
ময়ূৰৰ পাখি কিতাপৰ মাজত ৰাখিলে কি হয় জানেনে? সবিশেষ...
ধনেৰে উপচি পৰিব সকলো! জানক ৫টা সহজ অভ্যাস...
হ'ব সমস্যা! এইসকল লোকে ভুলতো খালী পেটত খাব নালাগে নহৰু...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...