অসমত NRC পুনৰীক্ষণৰ বাবে কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ত, জাৰি কৰিলে জাননী…
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পুনৰীক্ষণৰ বাবে প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাই কৰা আবেদন গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে এই আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মতি প্ৰকাশ কৰি জাননী জাৰি কৰে।

উচ্চতম ন্যায়ালয়
এনআৰচিৰ পুনৰীক্ষণৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব দেশৰ শীৰ্ষ আদালতে! ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পুনৰীক্ষণৰ বাবে প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাই কৰা আবেদন গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে এই আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মতি প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰৰ উপৰিও অসম চৰকাৰ, এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক আৰু ভাৰত চৰকাৰৰ মহাপঞ্জীয়কলৈ জাননি জাৰি কৰিছে।
পুনৰীক্ষণৰ বাবে কৰা আবেদন গ্ৰহণ কৰে ন্যায়াধীশ পি এছ নৰসিংহ আৰু ন্যায়াধীশ অতুল চন্দুৰকাৰৰ দ্বাৰা গঠিত যুটীয়া বিচাৰপীঠে। বৃহৎ পৰিসৰৰ অনিয়মৰ বাবে চূড়ান্ত তালিকাখনত বিসংগতিৰ ৰৈ যোৱা বুলি যুক্তি দি অসমত এন আৰ চি প্ৰক্ৰিয়াৰ পুনৰীক্ষণৰ আহ্বান জনোৱা হৈছে আবেদনখনত। উচ্চতম ন্যায়ালয়ে এই আবেদন গ্ৰহণ কৰাৰ সিদ্ধান্তই পুনৰবাৰ ৰাজনৈতিকভাৱে স্পৰ্শকাতৰ এন আৰ চি বিষয়টোক দৃষ্টিগোচৰ কৰিছে।
আদালতে এই কথাও জনাইছে যে, সংশ্লিষ্ট পক্ষই সঁহাৰি দাখিল কৰাৰ পিছত বিষয়টোৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰা হ’ব। আদালতৰ নিৰ্দেশ সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা মনীষ গোস্বামীয়ে কয়, “এন আৰ চিত বহু ভুল ৰৈ যোৱা আৰু শুদ্ধ নহয় বুলি উদ্বেগ সৃষ্টি হৈছিল। এই সন্দৰ্ভত অসম এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাই উচ্চতম ন্যায়ালয়ত ৰিট আবেদন দাখিল কৰিছিল।”
“আমি উচ্চতম ন্যায়ালয়ৰ সন্মুখত চকুত পৰা অমিলসমূহৰ ওপৰত আলোকপাত কৰিছিলো। আমাৰ আবেদন কাৰো বিৰুদ্ধে নহয়। অসম এখন সীমান্তৱৰ্তী ৰাজ্য। ৰাজ্যখনত অবৈধ বিদেশীৰ সমস্যা আছে। গতিকে আমাৰ একমাত্ৰ দাবী হৈছে ভুলমুক্ত এন আৰ চি, যিটো ৰাষ্ট্ৰীয় দৃষ্টিকোণৰ পৰাও গুৰুত্বপূৰ্ণ। এই কথা মানি লৈছে আদালতে।” এইদৰে কয় অধিবক্তাগৰাকীয়ে।