শিহৰণকাৰী! ট্ৰাক চালকে মৰিয়াই মৰিয়াই হত্যা কৰিলে কটন বিশ্ববিদ্যালয়ৰ অধীক্ষকক

এটা দুৰ্ঘটনাক লৈ সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড। গুৱাহাটীৰ পৰা তেজপুৰলৈ গৈ আছিল অধীক্ষকগৰাকী। ধ্ৰুৱজ্যোতি বৰ্মনৰ বাহনখনত প্ৰথমে খুন্দা মাৰিছিল ট্ৰাকখনে। দুৰ্ঘটনাক লৈ তৰ্কা-তৰ্কিত লিপ্ত হৈছিল ট্ৰাকখনৰ চালকজন।

শিহৰণকাৰী! ট্ৰাক চালকে মৰিয়াই মৰিয়াই হত্যা কৰিলে কটন বিশ্ববিদ্যালয়ৰ অধীক্ষকক

ট্ৰাক চালকে মৰিয়াই মৰিয়াই হত্যা কৰিলে কটন বিশ্ববিদ্যালয়ৰ অধীক্ষকক

Edited By: 

Barasha Misra | Updated On: 21 Feb 2025 | 11:02 AM

ৰাজ্যত সংঘটিত হৈছে আন এক ভয়ংকৰ কাণ্ড। সামান্য কথাতে ট্ৰাক চালকে প্ৰাণ ল’লে কটন বিশ্ববিদ্যালয়ৰ অধীক্ষকৰ। মৃত অধ্যাপকজনৰ নাম ধ্ৰুৱজ্যোতি বৰ্মন।কটন বিশ্ববিদ্যালয়ৰ প্ৰশাসনীয় অধীক্ষক আছিল ধ্ৰুৱজ্যোতি বৰ্মন। যোৰাবাটত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা।

এটা দুৰ্ঘটনাক লৈ সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড। গুৱাহাটীৰ পৰা তেজপুৰলৈ গৈ আছিল অধীক্ষকগৰাকী। ধ্ৰুৱজ্যোতি বৰ্মনৰ বাহনখনত প্ৰথমে খুন্দা মাৰিছিল ট্ৰাকখনে। দুৰ্ঘটনাক লৈ তৰ্কা-তৰ্কিত লিপ্ত হৈছিল ট্ৰাকখনৰ চালকজন।

অৱশেষত এই কাজিয়াই চূড়ান্ত ৰূপ লয়। ট্ৰাক চালকজনে এডাল ৰডেৰে মৰিয়াই হত্যা কৰে অধীক্ষকগৰাকীক। পুৱা ৭.৩০ বজাত সংঘটিত এই ঘটনা। ৰডেৰে মৰিয়াই হত্যাৰ অভিযোগ পৰিয়ালৰ।

বৰ্তমান তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইছৰ মৰ্গত ৰখা হৈছে। সন্দেহ কৰা অনুসৰি বৰ্মনৰ বাহনত খুন্দা মৰা বালকাৰ ট্ৰাকখনৰ নম্বৰ NL01AH2789। আনহাতে বৰ্মন যোৱা ৰেনল্ট ট্ৰাইবাৰ বাহনখনৰ নম্বৰ As 01FT2170। এই বাহনখনৰ পিছফালে দেখা গৈছিল খুন্দা মৰাৰ এটা দাগ।

ইয়াৰ পাছতে উত্থাপন হৈছে বহু প্ৰশ্নৰ। সামাজিক মাধ্যমত বহুজনে উত্থাপন কৰিছে প্ৰশ্ন। কাৰ ভুলৰ বাবে সংঘটিত হৈছিল এই ঘটনা? সেয়াও এতিয়া ৰহস্যৰ আৱৰ্তত। লগতে পুৱাৰ ভাগত সদ্য ব্যস্ত মহানগৰীৰ ৰাজপথত  কেনেকৈ হ’ব পালে নৃশংস হত্যাকাণ্ড? সেয়াও এক প্ৰকাৰৰ ৰহস্য।

এতিয়ালৈ পোহৰলৈ অহা নাই ট্ৰাক চালকগৰাকীৰ পৰিচয়। কেৱল দুৰ্ঘটনাক লৈ আন কিবা? দুৰ্ঘটনা বাবেই হত্যা কৰা হ’ল নে ধ্ৰুৱজ্যোতি বৰ্মনক?   আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব ঘটনাৰৰ আঁৰৰ সত্যতা। ট্ৰাক চালকজনে মৰিয়াই মৰিয়াই হত্যা কৰাৰ  অভিযোগ পৰিয়ালৰ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...