নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক মুকুল ভূঞাক নিলম্বন, গুৰুতৰ অভিযোগ…

২৯ আগষ্ট, শুকুৰবাৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আকস্মিকভাৱে পৰিদৰ্শন কৰিছিল নগাঁও কেন্দ্ৰীয় কাৰাগাৰ। নগাঁও জিলাৰ আয়ুক্তৰ পৰিদৰ্শন কালত ফাদিল হৈছিল ভয়ংকৰ তথ্য। এই পৰিদৰ্শন কালতে স্পষ্ট হয় কাৰাগাৰখনত কিদৰে সৰবাহৰ হয় ড্ৰাগছৰ দৰে নিচাযুক্ত সামগ্ৰী। 

নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক মুকুল ভূঞাক নিলম্বন, গুৰুতৰ অভিযোগ...

নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক মুকুল ভূঞাক নিলম্বন

Updated On: 

30 Aug 2025 22:49 PM

বহু জল্পনা-কল্পনাৰ অন্তত অৱশেষত নিলম্বিত হ’ল নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক মুকুল ভূঞা।  অসম চৰকাৰে নগাঁৱৰ কেন্দ্ৰীয় কাৰাগাৰ অধীক্ষক শ্ৰী মুকুল ভূঞাক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বিত কৰিছে। কাৰাগাৰ অধীক্ষকৰ ছত্ৰছায়াতেই জেলৰ ভিতৰত অবৈধ বেহা চলাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছিল।

২৯ আগষ্ট, শুকুৰবাৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আকস্মিকভাৱে পৰিদৰ্শন কৰিছিল নগাঁও কেন্দ্ৰীয় কাৰাগাৰ। নগাঁও জিলাৰ আয়ুক্তৰ পৰিদৰ্শন কালত ফাদিল হৈছিল ভয়ংকৰ তথ্য। এই পৰিদৰ্শন কালতে স্পষ্ট হয় কাৰাগাৰখনত কিদৰে সৰবাহৰ হয় ড্ৰাগছৰ দৰে নিচাযুক্ত সামগ্ৰী।

অসম সেৱা (Discipline & Appeal) Rules, 1964 ৰ Rule 6 (1)(a) অনুসৰি, আৰু জনসেৱাত অনুশাসন বজাই ৰখাৰ স্বাৰ্থত মুকুল ভূঞাক পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে নিলম্বন কৰা হৈছে। উল্লেখ্য যে, নিলম্বনৰ সময়ছোৱাত তেওঁ এফ আৰ ৫৩ৰ অধীনত গ্ৰহণযোগ্যভাৱে জীৱিকাৰ ভাট্টা লাভ কৰিব আৰু অসম সেৱা (আচৰণ) নিয়ম, ১৯৬৫ৰ বিধানৰ অধীনত থাকিব। অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে  জাৰি কৰিছে এই নিৰ্দেশ। বৰ্তমান নগাঁৱৰ কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক মুকুল ভূঞাক সোধ পোচৰ বাবে নগাঁও সদৰ থানলৈ তলব কৰা হৈছে।

উল্লেখ্য যে, পতংগীয়া আৰু হাজৰিকা উপাধিৰ দুই নিৰাপত্তাৰক্ষীয়ে কাৰাগাৰৰ ভিতৰত নিষিদ্ধ ড্ৰাগছ যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছিল। কোৱা হৈছে যে, চেলিম নামৰ এজন কয়দীয়ে কাৰাগাৰৰ ভিতৰত চলাই আহিছে ড্ৰাগছৰ বেহা। একে সময়তে নগাঁও কেন্দ্ৰীয় কাৰাগাৰত কয়দীয়ে বিলাসী জীৱন উপভোগ কৰাৰো অভিযোগ উত্থাপন হৈছে।

ইয়াৰ লগতে কাৰাগাৰখনত ভাং, শীতল পানীয়ৰ পৰা আৰম্ভ কৰি সকলো সমগ্ৰী উপলব্ধ হোৱাৰো অভিযোগ উত্থাপন হৈছে। কাৰাগাৰ অধীক্ষক মুকুল ভূঞাৰ সন্মুখতে কেন্দ্ৰীয় কাৰাগাৰত এই ধৰণৰ সকলো সমাগ্ৰীৰ ব্যৱসায় চলাৰ অভিযোগ। কাৰাগাৰখন প্ৰত্যক্ষ কৰি এই সমগ্ৰ বিষয়টো বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। জিলা আৰক্ষী অধীক্ষকে এই সমগ্ৰ বিষয়টোত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰাৰ কথা সদৰী কৰে। তাৰ পিছতে গ্ৰহণ কৰা হৈছে এই ব্যৱস্থা।

লগতে পঢ়ক: অমিত শ্বাহৰ মুখত হিমন্ত বিশ্ব শৰ্মাৰ গুণ-গৰিমা শুনি আশ্চৰ্যচকিত ৰিপুন বৰা!

মানুহক ধনবান কৰে এই ৫টা অভ্যাসে, জানক সকলো...
ইউৰিক এচিড বৃদ্ধি পালে কি কি লক্ষণ দেখা দিয়ে ? জানি লওক...
চন্দ্ৰগ্ৰহণত বিৰল সংযোগ, এই ৩ ৰাশিয়ে পাব শুভ ফল!
এছিয়া কাপৰ বাবে ভাৰতীয় দলত ঘটিব নেকি পৰিৱৰ্তন? ইউ এ ইলৈ নাযায় এই ৫গৰাকী খেলুৱৈ