জুবিনবিহীন জন্মদিন…কাহিলীপাৰাৰ বাসগৃহত প্ৰাণৰ শিল্পীগৰাকীৰ আৱক্ষ মূৰ্তি উন্মোচন

ওপজা দিনত জুবিন গাৰ্গৰ বাসগৃহত স্থাপন হ’ল আৱক্ষ মূৰ্তি। সহস্ৰাধিক অনুৰাগীৰ উপস্থিতিত অশ্ৰুসিক্ত নয়নেৰে স্থাপন হ’ল প্ৰিয় শিল্পীগৰাকীৰ প্ৰতিমূৰ্তি। আৱেগবিহ্বল পৰিৱেশৰ মাজতে পিতৃ কপিল ঠাকুৰ আৰু পত্নী গৰিমা শইকীয়া গাৰ্গে উন্মোচন কৰিলে মূৰ্তিটো। 

জুবিনবিহীন জন্মদিন...কাহিলীপাৰাৰ বাসগৃহত প্ৰাণৰ শিল্পীগৰাকীৰ আৱক্ষ মূৰ্তি উন্মোচন

কাহিলীপাৰৰ বাসগৃহত জুবিন গাৰ্গৰ আৱক্ষ মূৰ্তি উন্মোচন

Updated On: 

18 Nov 2025 13:17 PM

বুকুত একুৰা জুই লৈ অসমীয়াই আজি উদযাপন কৰিছে জুবিনবিহীন প্ৰথমটো জন্মদিন। জুবিন গাৰ্গৰ কাহিলিপাৰাৰ ঘৰত নিশা ১২ বজাৰ লগে লগে কেক কাটি জন্মদিন উদযাপন পিতৃ আৰু পত্নী গৰিমা শইকীয়া গাৰ্গৰ। কাহিলিপাৰাৰ বাসভৱনৰ সন্মুখত জুবিন গাৰ্গৰ জন্মদিন উদযাপন অজস্ৰ অনুৰাগীৰ। অসুস্থ দেহাৰেই অনুৰাগীক দেখা দিবলৈ ওলাই আহিল গৰিমা গাৰ্গ। প্ৰিয় মানুহজন নোহোৱাৰ বেদনা বুকুত লৈ জন্মদিনত উচুপি উঠিছে গৰিমা শইকীয়া গাৰ্গ। ইফালে আজি আয়তীয়ে পৰিৱেশন কৰিছে দিহানাম।

ওপজা দিনত জুবিন গাৰ্গৰ বাসগৃহত স্থাপন হ’ল আৱক্ষ মূৰ্তি। সহস্ৰাধিক অনুৰাগীৰ উপস্থিতিত অশ্ৰুসিক্ত নয়নেৰে স্থাপন হ’ল প্ৰিয় শিল্পীগৰাকীৰ প্ৰতিমূৰ্তি। আৱেগবিহ্বল পৰিৱেশৰ মাজতে পিতৃ কপিল ঠাকুৰ আৰু পত্নী গৰিমা শইকীয়া গাৰ্গে উন্মোচন কৰিলে মূৰ্তিটো।

ইফালে সোণাপুৰৰ জুবিনক্ষেত্ৰত ভিৰ অনুৰাগীৰ। এগছি বন্তি জ্বলাই জনালে জন্মদিনৰ শুভেচ্ছা।  জুবিনক্ষেত্ৰত কেক কাটি উদযাপন কৰিলে প্ৰাণৰ শিল্পীৰ জন্মদিন। জুবিনবিহীন প্ৰথমটো ওপজা দিনত সমস্বৰে আকুল আকুতিৰে পৰিৱেশন কৰিলে ‘মায়াবিনী’। অশ্ৰুসিক্ত নয়নেৰে প্ৰিয় শিল্পীগৰাকীয়ে শ্ৰদ্ধাঞ্জলি জনালে অগণন গুণমুগ্ধই। ‘মায়াবিনী’ গীতেৰে জন্মদিনত জুবিন গাৰ্গক স্মৰণ শিল্পী মানস ৰবিনৰ।

প্ৰাণৰ শিল্পীৰ জন্মদিনত জুবিন ক্ষেত্ৰত মুকলি হ’ল ‘জয় জুবিন দা’ শীৰ্ষক বিশেষ গীত। অজয় ফুকনৰ সৃষ্টিৰে আৰু পলাশ গগৈৰ সংগীত ব্যৱস্থাপনাৰে অসমৰ জনপ্রিয় কণ্ঠশিল্পী নীল আকাশ, ৰাকেশ ৰীয়ান, ভৃগু কাশ্যপ মন্টুমণি শইকীয়া, কুসুম কৈলাশ, নেকিব, স্বৰাজ দাস, পাপৰি গগৈ, নীলাভ নিতা, ৰেবা কে দাস, গিতাৰ্থ গিৰীণ, অনুৰাগ কাশ্যপ, মনোজ মন, হিমগ্নভ, দিব্য দাস আৰু অজয় ফুকনৰ কন্ঠ সমৃদ্ধ গীতটি শুভমুক্তি কৰে শিল্পীৰ দলটিয়ে। জুবিন গাৰ্গৰ পিতৃগৃহৰ গাঁও যোৰহাটৰ তামুলীচিগাৰ পৰা পদব্ৰজে আহি জুবিনক্ষেত্ৰত উপস্থিত হৈছে দুগৰাকী মহিলা।  জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগ উত্থাপন কৰি অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জনালে চুমি শইকীয়া আৰু নিৰ্জুমণি গগৈয়ে।

প্ৰিয় শিল্পী জুবিন গাৰ্গৰ আজি জন্মদিন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বকলীয়াঘাট আঞ্চলিক শাখাৰ নামঘৰত মঞ্চস্থ কৰা হ”ব ৰুক্মিণী সয়ম্বৰ : ৰুক্মবীৰৰ দৰ্পচূৰ্ণ নামৰ শীৰ্ষক মাতৃভাষাৰ এখন ভাওনা । পৰ্বতীয়া কুঁৱৰী আৰু বকলীয়াঘাট মইনা পাৰিজাতৰ উদ্যোগত আৰু বকলীয়াঘাটবাসী ৰাইজৰ সহযোগত প্ৰিয় শিল্পী জুবিন গাৰ্গৰ জন্মদিন উপলক্ষ্যে স্থানীয় শিশু শিল্পী সকলৰ দ্বাৰা মঞ্চস্থ কৰা হ’ব এই ভাওনা। ভাওনা উপভোগ কৰিবলৈ সকলোকে আহবান জনাইছে উদ্যোগতাসকলে।

ঘৰত আহত গছ গজি উঠাটো শুভ নে অশুভ? জানক...
কেৱল সোৱাদতে নহয়, উপকাৰিতাৰ দিশতো অনন্য পিঁয়াজ পাত; জানিবলৈ চাওক...
ভাৰততকৈ ডুবাইত সোণ সস্তা কিয়? জানক...
আপোনাৰো আছে নেকি ডায়েবেটিছৰ সমস্যা, শীতকালত এনে ভুল কৰি নচপাব নিজৰ বিপদ