কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাতৰ সময়ত জুবিন গাৰ্গ গোচৰত আলোচনা, মুখ্যমন্ত্ৰীয়ে দিলে ডাঙৰ বাৰ্তা…

দেওবাৰে সন্ধিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ সৈতে মুখ্যমন্ত্ৰীৰ এই সাক্ষাতে এক বিশেষ তাৎপৰ্য বহন কৰিছিল। এতিয়া এই সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাতৰ সময়ত জুবিন গাৰ্গ গোচৰত আলোচনা, মুখ্যমন্ত্ৰীয়ে দিলে ডাঙৰ বাৰ্তা...

কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

Published: 

03 Nov 2025 | 06:25 PM

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ। ৰাজ্যবাসীয়ে অব্যাহত ৰাখিছে হিয়াৰ আমঠু শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰৰ সঠিক তদন্ত আৰু তাৎক্ষণিক ন্যায়ৰ দাবী। তাৰ মাজতে দেওবাৰে সন্ধিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ সৈতে মুখ্যমন্ত্ৰীৰ এই সাক্ষাতে এক বিশেষ তাৎপৰ্য বহন কৰিছিল। এতিয়া এই সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক সাক্ষাৎ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজা সামাজিক মাধ্যম যোগে তথ্য প্ৰকাশ কৰিছিল। এই সাক্ষাতৰ সময়ত অমিত শ্বাহৰ সৈতে অসমত চলি থকা বিভিন্ন কল্যাণমূলক পদক্ষেপ আৰু মূল উন্নয়নমূলক বিষয়সমূহৰ ওপৰত আলোচনা কৰা হয় বুলি প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাই।

এক্সত এক পোষ্ট যোগে মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে, “আজি নতুন দিল্লীত মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক অসমৰ সৈতে জড়িত বিভিন্ন কল্যাণমূলক কাম আৰু অন্যান্য বিষয় সম্পৰ্কে অৱগত কৰোঁ। অসমৰ বিকাশৰ গতিপথ শক্তিশালী কৰাৰ বাবে তেখেতৰ নিৰ্দেশনা আৰু নিৰলস প্ৰচেষ্টাৰ বাবে আমি সদায় অত্যন্ত কৃতজ্ঞ।”

পিছে আজি সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে আন কিছু গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰে। বিদেশত সংঘটিত যিকোনো ঘটনাৰ ক্ষেত্ৰত চাৰ্জশ্বীট দাখিলৰ পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অনুমোদনৰ প্ৰয়োজন হয় বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে এই বিষয়তো আলোচনাৰ ইঙ্গিত দিয়ে হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ কয়, “কালি মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ, যাতে আমি অনুমোদন সোনকালে পাব পাৰোঁ।” আগন্তুক তিনি-চাৰিদিনৰ ভিতৰতে জুবিন গাৰ্গৰ গোচৰত SIT- এ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ওচৰত অনুমোদন বিচাৰিব আৰু ইয়াৰ পিছতে ৭ৰ পৰা ৯ ডিচেম্বৰৰ ভিতৰত চাৰ্জশ্বীট দিয়া হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...