জুবিনৰ মৃত্যুৰ আঁৰত কোন? জুবিন গাৰ্গৰ মৃত্যুত অভিযুক্তসকলৰ গোচৰ নলয় অধিবক্তাসকলে

Zubin Garg Death Case: ৰহস্যৰ আৱৰ্তত জুবিন গাৰ্গৰ মৃত্যু। মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পিছতে দোষী বিচাৰি SITৰ অভিযান। বৃহস্পতিবাৰে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু শ্যামকানু মহন্তৰ বাসগৃহত SITৰ অভিযান চলে। সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহ আৰু শ্যামকানু মহন্তৰ কাৰ্যালয় ছীল কৰি দিয়ে।

জুবিনৰ মৃত্যুৰ আঁৰত কোন? জুবিন গাৰ্গৰ মৃত্যুত অভিযুক্তসকলৰ গোচৰ নলয় অধিবক্তাসকলে
Updated On: 

26 Sep 2025 | 03:57 PM

চিৰ নিদ্ৰাত জুবিন গাৰ্গ। জুবিন গাৰ্গৰ মৃত্যুত শোকত ভাগি পৰিছে অসমবাসী। শিল্পীগৰাকীৰ আকস্মিক বিয়োগক মানি ল’ব পৰা নাই সংগীতপ্ৰেমীসকলে। ইয়াৰ মাজতে পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে ACTION MODEত SIT। সঁচাকৈ জুবিনৰ মৃত্যু হৈছিল নে হত্যা কৰা হৈছিল সেয়া এক নুবুজা সাঁথৰ!

২৫ ছেপ্টেম্বৰ বৃহস্পতিবাৰে স্পেচিয়েল ইনভেস্টিগেশন টিমে জুবিনৰ বাদ্যযন্ত্ৰী শেখৰ জ্যোতি গোস্বামীৰ বাসগৃহত অভিযান চলায়। মৃত্যুৰ দিনটোত জুবিনৰ লগত আছিল শেখৰ। লাহে লাহে জুবিনৰ মৃত্যুৰ ৰহস্য ঘন হৈ পৰিছে। জুবিনৰ মৃত্যুৰ আঁৰত কোনোবা আছে নেকি?

ইফালে বৃহস্পতিবাৰৰ দিনটোত SIT এ জুবিনৰ সৈতে ছিংগাপুৰলৈ যোৱা আন দুজন ব্যক্তি মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ বাসগৃহত তালাচী চলায়। গীতানগৰৰ শ্যামকানু মহন্তৰ ঘৰত দুজন কাম কৰা ব্যক্তিৰ বাহিৰে আন কাকো পোৱা নগ’ল। জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থৰ ধীৰেনপাৰাৰ বাসগৃহত তলা ভাঙি দণ্ডাধীশৰ উপস্থিতিত ঘৰটোত প্ৰৱেশ কৰি তালাচী চলায়। চুবুৰীয়াই দাবী কৰে যে জুবিনৰ মৃত্যুৰ পিছত শ্যামকানু বা তেওঁৰ পৰিয়ালৰ কোনো লোকক দেখা পোৱা নাই। তাৰ মাজতে ধীৰেণপাৰাৰ সিদ্ধাৰ্থৰ ঘৰৰ সন্মুখত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰাৰ অভিযোগত ভিক্টৰ দাস আৰু অজয় ফুকনক গ্ৰেপ্তাৰ কৰাৰ খবৰ পোৱা যায়।

SITৰ অভিযানৰ পিছত মেনেজাৰৰ বাসগৃহৰ পৰা জব্দ বহু চুক্তিৰ নথি-পত্ৰ আৰু এটা লেপটপ জব্দ কৰে। আনহাতে শেখৰৰ ঘৰৰ পৰা জব্দ ৭টা হাৰ্ডডিক্স, ৯টা পেনড্ৰাইভ, ৩টা কম্পিউটাৰ CPU জব্দ কৰে।

উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰে জড়িত কোনো ব্যক্তিৰ গোচৰ নলয় বুলি আজি সদৌ অসম উকীল সন্থাই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়। ইয়াৰোপৰি জুবিন গাৰ্গৰ ন্যায় বিচাৰি CID অফিচত উপস্থিত হয় শিল্পী সমাজ। সিদ্ধাৰ্থ আৰু শ্যামকানুৰ বিৰুদ্ধে দাখিল এজাহাৰ দিয়ে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে কোন কোন জগৰীয়া? সেয়া স্বাভাৱিক মৃত্যু নে আন কিবা সময়ত লক্ষণীয় হ’ব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...