Zubeen garg: অৱশেষত অসম পালেহি সকলোৰে হেঁপাহৰ জুবিন গাৰ্গৰ প্ৰাণহীন শৰীৰ…
Zubeen garg: অৱশেষত অসম আহি পালেহি জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ। আজি পুৱা ৯ বজাৰ পৰা অৰ্জুন ভোগেশ্বৰ বৰুৱা কমপ্লেক্স (সৰুসজাই)ত জুবিনক শেষ শ্ৰদ্ধা জনাব পাৰিব ৰাইজে। ইতিমধ্যে লাখ লাখ অসমীয়াই ভিৰ কৰিছে গুৱাহাটী মহানগৰী।

জুবিন গাৰ্গ
অৱশেষত অসম পালেহি সকলোৰে হেঁপাহৰ, মৰমৰ জুবিন গাৰ্গ। পুৱা ৬ঃ৪০ বজাত গুৱাহাটী বিমান বন্দৰত অৱতৰণ কৰে জুবিনৰ নশ্বৰ দেহ কঢ়িয়াই অনা বিশেষ বিমান। তাৰ পাছতে জুবিনৰ পাৰ্থিৱ শৰীৰ কাহিলীপাৰাৰ বাসগৃহলৈ লৈ যোৱা হয়। কাহিলীপাৰাত পৰিয়ালৰ লোক তথা আত্মীয়ই জুবিনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তাৰ পাছতে আজি পুৱা ৯ বজাৰ পৰা জুবিনৰ গুণমুগ্ধই মৰমৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব। অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ ৰখা হ’ব জুবিনৰ পাৰ্থিৱ শৰীৰ।
১৯ ছেপ্টেম্বৰ দিনটো সমগ্ৰ অসমবাসীৰ বাবে আছিল এটা ক’লা দিন। এই দিনটোতেই দুুপৰীয়া আহিছিল এক অনাকাংক্ষিত খবৰ।ছিংগাপুৰত অকাল মৃত্যুক সাৱতি লয় হেঁপাহৰ শিল্পী জুবিন গাৰ্গে। যি খবৰ পোৱাৰ পাছত কঁপি গৈছিল অসমৰ আকাশ বতাহ, লৰি গৈছিল ধৰনি। জুবিনৰ মৃত্যুৰ পাছতে এতিয়া অসমবাসী শোকৰ বন্যাত বুৰ গৈ আছে।
সকলো মানুহৰে কেৱল এটা অপেক্ষাই আছিল, কেতিয়া অসম পাব জুবিনৰ পাৰ্থিৱ শৰীৰ। সেই সকলো অপেক্ষাৰ অন্ত পেলাই আজি অসম পালে জুবিনৰ নশ্বৰ দেহ। ২০ ছেপ্টেম্বৰৰ সন্ধিয়া ৬ বজাত এয়াৰ ইণ্ডিয়াৰ বিমানেৰে ছিংগাপুৰৰ পৰা দিল্লীলৈ অনা হয় জুবিনৰ পাৰ্থিৱ শৰীৰ। পৰৱৰ্তী সময়ত দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চমজি লয় জুবিন গাৰ্গৰ মৃতেদহ, আৰু পাছত বিশেষ বিমানেৰে লৈ অনা হয় অসমলৈ।
জুবিনক শেষৰবাৰ দেখা কৰিবলৈ ইতিমধ্যে যোৱা ডেৰটা দিন ধৰি অপেক্ষা কৰি আছে লাখ লাখ অনুৰাগীয়ে। শদিয়াৰ পৰা ধুবুৰীলৈ সকলোতে চলিছে কেৱল জুবিন বন্দনা। জুবিনক হেৰুৱাই চকুলো টুকিছে প্ৰতিগৰাকী অসমীয়াই। বন্ধ হৈ পৰিছে সকলো দোকান পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান আদি। জুবিনে যেন লৈ গ’ল অসমৰ সকলো হাঁহি আনন্দ। জুবিনৰ বাবে এতিয়া স্তব্ধ হৈ পৰিছে অসমৰ প্ৰতিটো কোন।
উল্লেখ্য যে, জুবিনৰ মৃত্যুৰ পাছতে ৰাজ্য চৰকাৰে তিনিদিনীয়া ৰাজ্যিত শোক ঘোষণা কৰে। ইতিমধ্যে জুবিনৰ অন্ত্যোষ্টিক্ৰিয়াৰ স্থানৰ আনুষ্ঠানিক ঘোষণা হোৱা নাই যদিও সোণাপুৰ হ’ব পাৰে জুবিনৰ শেষ ঠিকনা। ৰাজ্যৰ প্ৰতিটো প্ৰান্তত এতিয়া কেৱল হাহাকাৰ। জুবিনক হেৰুৱাই মৰ্মাহত হৈ পৰিছে লাখ লাখ অনুৰাগী। মৃত্যু এক চিৰন্তন সত্য। কিন্তু জুবিনৰ মৃত্যু কোনোৱে মানি ল’ব বিচৰা নাই। জুবিন যে প্ৰতিগৰাকী অসমীয়াৰ হিয়াৰ আমঠু, প্ৰতিগৰাকী অসমীয়াৰ প্ৰাণ।
জুবিনবিহীন বিহু, জুবিনবিহীন গান, জুবিনবিহীন অসম কল্পনা কৰিব পৰা নাই কোনোৱে। ৰাজপথত ভিৰ কৰিছে অনুৰাগীয়ে। কাহিলীপাৰাৰ জুবিনৰ বাসগৃহৰ পৰা আৰম্ভ কৰি সৰুসজাইলৈ প্ৰতিটো প্ৰান্ততে জুবিনৰ অনুৰাগী। সকলোৰে কেৱল এটাই আশা, এটাই হেঁপাহ শেষবাৰৰ বাবে মৰমৰ জুবিনক শেষৰবাৰ ওচৰৰ পৰা চোৱা। জুবিন গ’ল। কিন্তু জুবিন থাকিব সদায় আমাৰ লগত, আমাৰ হৃদয়ত, আমাৰ প্ৰতিটো উশাহত এটা মিঠা সুৰা হৈ…
অন্য খবৰ পঢ়কঃ Zubeen garg: ৰাইজলৈ বিশেষ আহ্বান গৰিমাৰ, সিদ্ধাৰ্থ শৰ্মা সন্দৰ্ভতো কৰিলে বিশেষ মন্তব্য…