ব্ৰহ্মপুত্ৰৰ বুকুত অঘটন! নাও ডুবি ৭ জন নিৰুদ্দেশ…

ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। নাও ডুবি নিৰুদ্দেশ প্ৰায় ৭জনকৈ যাত্ৰী। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এতিয়ালৈকে উদ্ধাৰ হোৱা নাই যাত্ৰী। চলি আছে উদ্ধাৰ অভিযান।

ব্ৰহ্মপুত্ৰৰ বুকুত অঘটন! নাও ডুবি ৭ জন নিৰুদ্দেশ...

অসম

Updated On: 

27 Jan 2026 | 03:09 PM

ব্ৰহ্মপুত্ৰৰ বুকুত নিৰুদ্দেশ ৭ গৰাকীকৈ যাত্ৰী। বৰপেটাৰ চেঙা সমষ্টিৰ ৰহমপুৰত ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হৈছে এই ঘটনা। প্ৰাপ্ত খবৰ অনুসৰি, মঙলবাৰে অঞ্চলটোত ব্ৰহ্মপুত্ৰৰ বুকুত এখন যাত্ৰীবাহী নাও ডুব যায়। যাৰ ফলত এতিয়ালৈকে কমেও ৭ জন লোক নিৰুদ্দেশ হৈছে। এতিয়ালৈকে এইসকলৰ কোনো লোকক উদ্ধাৰ কৰা হোৱা নাই। স্থানীয় একাংশ লোকে জনোৱা মতে, নাওখন অতিশয় অসাৱধানতাৰে চলোৱা হৈছিল। যাৰ বাবে এই কাণ্ড সংঘটিত হৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, আজি যাত্ৰীবাহী নাওখনে সকলো নিয়ম উলংঘা কৰি ব্ৰহ্মপুত্ৰৰে গৈ আছিল। এটা ইঞ্জিন চালিত নাৱৰে ২৭ ৰ পৰা ৩২ যাত্ৰী কঢ়িয়াই নিছিল। তেতিয়াই নাওখন ডুবি প্ৰায় ৭জনকৈ যাত্ৰী নিৰুদ্দেশ হৈ পৰে। নিৰুদ্দেশ হোৱাসকলৰ ভিতৰত শিশু আৰু মহিলাও আছে। এই যাত্ৰীসকলক দিয়া হোৱা নাছিল কোনো লাইফ জেকেট। তীব্ৰ পানীৰ সোঁতক আওকাণ কৰি ব্ৰহ্মপুত্ৰৰ মাজেৰে নাও চলোৱা হৈছিল, যাৰ পাছত এই ঘটনা ঘটে। এতিয়ালৈকে যাত্ৰীসকলৰ পৰিচয় উদ্ধাৰ হোৱা নাই।

ইয়াৰ পাছতে স্থানীয় ৰাইজ আৰু মাছমৰীয়াসকলে নদীত উদ্ধাৰ অভিযান চলায়। পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে। ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পাছতে ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান চলায়। কিন্তু এতিয়াও কোনো লোকক উদ্ধাৰ কৰিব পৰা হোৱা নাই।

স্থানীয় লোকে অভিযোগ কৰিছে যে, একাংশৰ বাধাৰ পাছতো নাওৰীয়াসকলে নিয়ম উলংঘা কৰি প্ৰতিদিনে ব্ৰহ্মপুত্ৰৰ মাজেৰে নাও চলায়। যাৰ বাবে এনে ঘটনা সংঘটিত হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত আছে। গতিকে পৰৱৰ্তী সময়ত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

অন্য খবৰ পঢ়কঃ অসাৰ আমেৰিকাৰ হেঁচা! ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা অব্যাহত ৰাখিব ভাৰতে…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...