ঐতিহাসিক দিন! আজি জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন
নগাঁও কাগজ কল চৌহদত ২৭ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব এই প্ৰকল্প। টাটা গ্ৰুপৰ উদ্যোগত স্থাপন কৰা হ’ব স্বদেশী ছেমি কণ্ডাক্টৰ আৰু পৰীক্ষণ প্ৰকল্প। ভূমিপূজনৰ পাছতে ৩ আগষ্টৰ পৰা জাগীৰোডত ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ কাম আৰম্ভ হ’ব বুলি জনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

জাগীৰোড তথা সমগ্ৰ অসমবাসীৰ বাবে আজি এক ঐতিহাসিক দিন৷ লগতে অসমৰ উদ্য়োগ খণ্ডৰ বাবেও আজি এটা বিশেষ দিন। আজি জাগীৰোডত অসমৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠিত হ’ব। দিনৰ ১২ বজাত অনুষ্ঠিত হ’ব ভূমিপূজন কাৰ্যসূচী। জাগীৰোডত অসমৰ প্রথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন,অনুষ্ঠানত অংশগ্ৰহণ কৰিব টাটা ছনছৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰে। মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ভূমি পূজন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে।
নগাঁও কাগজ কল চৌহদত ২৭ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব এই প্ৰকল্প। টাটা গ্ৰুপৰ উদ্যোগত স্থাপন কৰা হ’ব স্বদেশী ছেমি কণ্ডাক্টৰ আৰু পৰীক্ষণ প্ৰকল্প। ভূমিপূজনৰ পাছতে ৩ আগষ্টৰ পৰা জাগীৰোডত ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ কাম আৰম্ভ হ’ব বুলি জনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই সন্দৰ্ভত সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰে মুখ্যমন্ত্ৰীয়ে।
Look forward to being in Jagiroad shortly and initialising work on the Semiconductor facility by performing the Bhumi Pujan of the plant. https://t.co/DVPqxiES6J
— Himanta Biswa Sarma (@himantabiswa) August 3, 2024
অসমক বিশ্বৰ অৰ্থ পৰিবাহী উদ্যোগৰ মূল হোতাৰূপে প্রতিষ্ঠিত কৰাত এই উদ্যোগে বিশেষ ভূমিকা ল’ব বুলি আশা কৰা হৈছে। এই উদ্যোগটোৱে বাজ্যত অত্যাধুনিক প্রযুক্তিৰ বিকাশ ঘটোৱাৰ লগতে নিয়োগৰ অফুৰন্ত সুযোগ সৃষ্টি কৰি অর্থনৈতিক উন্নয়ন ক্ষীপ্ৰ কৰি তুলিব। এই প্রকল্পত মুঠ ২৭ হাজাৰ কোটি টকাৰ ব্যয় নির্ধাৰণ কৰা হৈছে। প্রকল্পটো সম্পূর্ণ হলে ২৭ হাজাৰ কৰ্মসংস্থান সৃষ্টি হ’ব। ৫১৭ বিঘা ২৭ কঠা মাটিত নিৰ্মাণ হ’ব এই প্ৰকল্প। ৪৮ মিলিয়ন চিপ্ছ উৎপাদনৰ সামর্থ থকা এই প্রকল্প ৰাজ্যত প্রযুক্তিগত প্রগতিৰ দিশত মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে, ১৮ মাহৰ ভিতৰত এই প্রকল্পটোৰ নির্মাণ সম্পূর্ণ হোৱাৰ লক্ষ্য স্থিৰ কৰা হৈছে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পূৰ্ণ সহযোগত স্থাপন হ’বলগীয়া এই ছেমি কণ্ডাক্টৰ প্ৰকল্পক লৈ ইতিমধ্যে উৎফুল্লিত হৈ পৰিছে জাগীৰোডৰ স্থানীয় ৰাইজ।