TV9 ASSAM
শীতকালৰ দৰে গৰমৰ দিনটো হৃদযন্ত্ৰৰ স্বাস্থ্যৰ যত্ন ল'ব লাগে । গ্ৰীষ্মকালত হৃদযন্ত্ৰৰ অত্যধিক কাৰ্যকলাপৰ বাবে বিপদ হ'ব পাৰে।
গ্ৰীষ্মকালত শৰীৰটো শীতল কৰি ৰাখিবলৈ হৃদযন্ত্ৰই অধিক কষ্ট কৰিব লগা হয়। গৰমৰ দিনত নিজকে শীতল কৰি ৰাখিবলৈ চেষ্টা কৰক আৰু হৃদয়ৰ ওপৰত অতিৰিক্ত বোজা নিদিব।
চিকিৎসকৰ মতে, যদি গৰমত শৰীৰটো শীতল কৰি ৰাখিবলৈ হৃদযন্ত্ৰই অধিক জোৰেৰে পাম্প কৰিব লাগে আৰু শৰীৰৰ প্ৰতিটো অংগলৈ তেজ যোগান ধৰিব লাগে। ইয়াৰ বাবে ৰ’দত ওলাই যোৱাৰ পৰা বিৰত থাকিব লাগে।
হৃদৰোগীৰ হিট ষ্ট্ৰ’ক, ডিহাইড্ৰেচন, এঞ্জাইনা আৰু হাৰ্ট এটেকৰ আশংকা বেছি। গতিকে অত্যধিক ব্যায়াম পৰিহাৰ কৰি নিজকে শীতল কৰি ৰাখিবলৈ চেষ্টা কৰক।
গ্ৰীষ্মকালত হৃদৰোগীয়ে নিজকে হাইড্ৰেটেড কৰি ৰাখক। সুষম আহাৰ গ্ৰহণ কৰক আৰু মদ্যপান আৰু ধূমপান পৰিহাৰ কৰক।
শীতল ঠাইত থাকক। ফেন, কুলাৰ আৰু এচি ব্যৱহাৰ কৰক। পাতল কাপোৰ পিন্ধক। দিনটোত দুবাৰ গা ধুবলৈ চেষ্টা কৰক।
মানসিক চাপৰ পৰা আঁতৰি থাকক। ইয়াৰ লগতে জাংক ফুড আৰু মছলাযুক্ত খাদ্য পৰিহাৰ কৰক।
চাবলৈ ক্লিক কৰক