ঐতিহাসিক টেষ্টৰ সাক্ষী হ’ব সৰ্থেবাৰীৰ কাঁহ শিল্পঃ বৰ্ষাপাৰা টেষ্টত ধ্বনিত হ’ব সৰ্থেবাৰীত নিৰ্মিত ঘণ্টা

বৰ্ষাপাৰা ষ্টেডিয়ামত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ দ্বিতীয় খন টেষ্ট মেচ। প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ'ব এই আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচ।

ঐতিহাসিক টেষ্টৰ সাক্ষী হ’ব সৰ্থেবাৰীৰ কাঁহ শিল্পঃ বৰ্ষাপাৰা টেষ্টত ধ্বনিত হ’ব সৰ্থেবাৰীত নিৰ্মিত ঘণ্টা

Cricket Sarthebari (2)

Updated On: 

20 Nov 2025 20:43 PM

২২ নৱেম্বৰত তাৰিখে গুৱাহাটীত ইতিহাস সৃষ্টি কৰিবলৈ সাজু টীম ইণ্ডিয়া। ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে ভাৰতীয় ক্ৰিকেট দল আৰু দক্ষিণ আফ্ৰিকাৰ খেলুৱৈসকল। বৰ্ষাপাৰা ষ্টেডিয়ামত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ দ্বিতীয় খন টেষ্ট মেচ। প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ’ব এই আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচ।

দ‌্য আসাম ট্রিবিউনৰ তথ্যনুসৰি, এই মেচত সৰ্থেবাৰীত নিৰ্মাণ কৰা ৩২ কেজি ওজনৰ কাঁহৰ ঘণ্টা বজাই আৰম্ভ হ’ব প্ৰতিদিনৰ খেল। এয়া সৰ্থেবাৰীবাসীৰ বাবে অত্যন্ত গৌৰৱৰ বিষয়। গুৱাহাটীৰ এচিএ ষ্টেডিয়ামে আগুৱাই নিব টেষ্ট ক্ৰিকেটৰ অন্যতম পৰম্পৰাক। খেল আৰম্ভ হোৱাৰ পূৰ্বে বাজিব সৰ্থেবাৰীত নিৰ্মিত ঘণ্টা। ২২ নৱেম্বৰত গুৱাহাটী বিশ্বৰ নতুন টেষ্ট ক্ৰিকেটৰ স্থান হিচাপে পৰিগণিত হ’ব।

বিচিচিআইৰ সম্পাদক দেৱজিৎ শইকীয়াই কয় যে ‘অনুৰাগীসকলক প্ৰকৃত টেষ্ট ক্ৰিকেট অভিজ্ঞতা প্ৰদানৰ প্ৰচেষ্টাৰ অংশ হিচাপে এচিএ ষ্টেডিয়ামত এই পৰম্পৰা পালন কৰিব। ‘এচিএ ষ্টেডিয়ামত পৰম্পৰা অব্যাহত ৰখাৰ লগতে ই অনুৰাগীৰ বাবে এক অভিজ্ঞতা হ’ব।’

সৰ্থেবাৰীত নিৰ্মিত এই ঘণ্টাটোৰ ওজন প্ৰায় ৩৫ কিলোগ্ৰাম। মেঘালয়ৰ পৰা অনা কাঠত ব্যৱহাৰ কৰা হ’ব। প্ৰতিদিনে খেল আৰম্ভ হোৱাৰ আগতেই ইয়াক বজোৱা হ’ব।

উল্লেখ্য যে, এই মেচখনৰ বাবেও কিছু নিয়ম পৰিৱৰ্তন হোৱাৰ কথা কয় দেৱজিৎ শইকীয়াই। গুৱাহাটীত সোনকালে সূৰ্যাস্ত হোৱাৰ বাবে মেচখনত ‘লাঞ্চৰ আগতে টি’ (tea before lunch) ফৰ্মেট ব্যৱহাৰ কৰা হ’ব। পাঁচদিনীয়া খেলখন পুৱা ৯ বজাত আৰম্ভ হ’ব, প্ৰথম চেছন পুৱা ৯ বজাৰ পৰা ১১ বজালৈকে হ’ব, তাৰ পিছত ১১ বাজি ২০ মিনিটলৈকে ২০ মিনিটৰ টি ব্ৰেক (20-minute tea break) হ’ব। দ্বিতীয় চেছন ১১ বাজি ২০ মিনিটৰ পৰা দুপৰীয়া ১ বাজি ২০ বজালৈকে চলিব, তাৰ পিছত খেলুৱৈসকলে ৪০ মিনিটৰ লাঞ্চ ব্ৰেক (lunch break) ল’ব।

 

 

বৃক্কৰ পাথৰ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি? জানক এই উপায়
ছালত দেখা দিছে নেকি এনে সমস্যাই? সাৱধান! নকৰিব আওকাণ, হ’ব পাৰে হৃদৰোগৰ ইঙ্গিত
সাৱধান! পাকঘৰৰ এইসমূহ বস্তু হ'ব পাৰে হাৰ্ট এটেকৰ কাৰণ, জানক...
কেৱল সুৰা নহয়! এই ৫ বিধ পানীয়ই নষ্ট কৰিব পাৰে আপোনাৰ যকৃত, জানক...