সৰ্বানন্দ সোণোৱালৰ ভুৱা পেড-চহী জালিয়াতিৰে দুষ্ট চক্ৰৰ অপপ্ৰচাৰ, এই সন্দৰ্ভত স্পষ্টীকৰণ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভুৱা চৰকাৰী পেড আৰু ভুৱা স্বাক্ষৰ থকা এখন চিঠি ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। ইয়াৰ পাছতে প্ৰতিক্ৰিয়া কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ।

সৰ্বানন্দ সোণোৱালৰ ভুৱা পেড-চহী জালিয়াতিৰে দুষ্ট চক্ৰৰ অপপ্ৰচাৰ, এই সন্দৰ্ভত স্পষ্টীকৰণ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ
Published: 

19 Jan 2026 | 05:47 PM

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভুৱা চৰকাৰী লেটাৰহেড আৰু ভুৱা স্বাক্ষৰ থকা এখন চিঠি ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। এই চিঠিখন ভাইৰেল হোৱাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে। তেওঁ দাবী কৰিছে যে, তেওঁৰ চৰকাৰী লেটাৰহেড আৰু ভুৱা স্বাক্ষৰ থকা এখন চিঠি দুষ্কৃতিকাৰীয়ে কু-অভিপ্ৰায়েৰে প্ৰচাৰ কৰি আছে।

সামাজিক মাধ্যমৰ এটা পোষ্টত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, “মোৰ দৃষ্টিগোচৰ হৈছে যে-মোৰ চৰকাৰী লেটাৰহেড আৰু ভুৱা স্বাক্ষৰ থকা এখন চিঠি দুষ্কৃতিকাৰীয়ে কু-অভিপ্ৰায়েৰে প্ৰচাৰ কৰি আছে। এয়া উদ্দেশ্য প্ৰণোদিতভাৱে কৰা জালিয়াতি আৰু চৰকাৰী পৰিচয়ৰ অপব্যৱহাৰৰ সৈতে জড়িত এক গুৰুতৰ অপৰাধ। ইয়াৰ জৰিয়তে ন্যস্ত স্বাৰ্থজড়িত মহলে ভুল তথ্য বিয়পাই সাংবিধানিক পদমৰ্যাদাক বদনাম কৰিবলৈ পাকে-প্ৰকাৰে প্ৰচেষ্টা চলাইছে।”

“এই বিষয়ত ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে আৰু আইন প্ৰয়োগকাৰী সংস্থাসমূহক অগ্ৰাধিকাৰ ভিত্তিত গোচৰটোৰ তদন্ত আগবঢ়াই দায়ীসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। উক্ত চিঠিখন আৰু ইয়াৰ বিষয়বস্তু সম্পূৰ্ণ ভুৱা আৰু জনমানসত মোক হেয় প্ৰতিপন্ন কৰাৰ উদ্দেশ্যৰে লিখা হৈছে। জনসাধাৰণ আৰু সংবাদ মাধ্যমক এনে প্ৰৱঞ্চনামূলক বিষয়ত ভোল নাযাবলৈ বা প্ৰচাৰ নকৰিবলৈ আৰু কেৱল চৰকাৰী উৎসৰ জৰিয়তেহে তথ্য পৰীক্ষা কৰিবলৈ অনুৰোধ জনালোঁ।” এইদৰে কয় সৰ্বানন্দ সোণোৱালে।

কংগ্ৰেছৰ মিঞা আইটি চেলল জড়িত

ইফালে, এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই। তেওঁ কয়,”কংগ্ৰেছৰ মিঞা আইটি চেলৰ নিকৃষ্ট কাণ্ড উন্মোচন…কংগ্ৰেছৰ মিঞা আইটি চেলৰ এটি গোটে কেনেদৰে ভাৰত চৰকাৰৰ নকল লেটাৰহেড জাল কৰি ভুৱা বাতৰি নিজৰ WhatsApp গোটসমূহত প্ৰচাৰ কৰিছিল, তাৰ অধিক প্ৰমাণ আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ।”

“BNS ধাৰা ২৭৪ আৰু Emblems Act, 1950 অনুসৰি এয়া এক জামিনবিহীন অপৰাধ, যাৰ বাবে সৰ্বোচ্চ ১০ বছৰৰ কঠোৰ কাৰাদণ্ডৰ বিধান আছে। ৰাষ্ট্ৰীয় প্ৰতীক চিহ্ন জড়িত থকাৰ বাবে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহেও এই কাণ্ডৰ তদন্ত কৰিব পাৰে। এই কাণ্ডত জড়িত প্ৰত্যেকজনকে অসম আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ ক্ষিপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।” তেওঁ কয়।

“এই সুযোগতে ক্ৰমান্বয়ে ধ্বংসৰ গৰাহলৈ গৈ থকা কংগ্ৰেছ দলৰ ভুৱা বাতৰি প্ৰচাৰৰ দৰে এই নিকৃষ্ট ষড়যন্ত্ৰ উদ্ঘাটন কৰিবলৈ সক্ষম হোৱা আমাৰ শক্তিশালী কাৰ্যকৰ্তাসকলৰ নেটৱৰ্কক লৈ গৌৰৱ অনুভৱ কৰিছোঁ। কংগ্ৰেছৰ মিঞা আইটি চেলে এনে নিকৃষ্ট কাণ্ডৰ প্ৰত্যুত্তৰ অতিশীঘ্ৰে আইনী প্ৰক্ৰিয়াৰে লাভ কৰিব।” এইদৰে কয় পীযুষ হাজৰিকাই।

ৰাতিপুৱা কিয় ৰ'দ ল'ব লাগে ? ইয়াৰ পাঁচটা বিশেষ উপকাৰিতা জানক
হৃদৰোগৰ পৰা আঁতৰি থাকিব বিচাৰেনে? তৎক্ষণাত ত্যাগ কৰক এই তিনিটা অভ্যাস
জিভাৰ ৰঙে দিব আপোনাৰ দেহত নীৰৱে বাঢ়ি অহা সমস্যাৰ সংকেত! জানিলে হ’ব পাৰিব সাৱধান
আহিব দুখ-দুৰ্দশা! ঘৰৰ সন্মুখত নাৰাখিব এই বস্তু...
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...