আজি গৰু বিহু, ৰঙালীৰ ৰঙত ৰঙীণ চহা অসমীয়া…

কৃষিজীৱী চহা অসমীয়াই আজি পালন কৰিছে গৰু বিহু । পুৱা ভাগতে প্ৰচলিত পৰম্পৰা পালন কৰি গৰুক মাহ-হালধিৰে নোৱাইছে-ধুৱাইছে অসমীয়া কৃষক ৰাইজে ।

আজি গৰু বিহু, ৰঙালীৰ ৰঙত ৰঙীণ চহা অসমীয়া...

আজি গৰু বিহু

Published: 

14 Apr 2025 09:14 AM

“লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা,
মাৰে সৰু, বাপেৰ সৰু, তই হ’বি বৰ গৰু।”

ৰঙালীৰ ৰঙত ৰঙীণ হৈ পৰিছে ৰাজ্যবাসী । আজিৰ হেঁপাহৰ ৰঙালী বিহুৰ প্ৰথমটো দিন । কৃষিজীৱী চহা অসমীয়াই পালন কৰিছে গৰু বিহু । পুৱা ভাগতে প্ৰচলিত পৰম্পৰা পালন কৰি গৰুক মাহ-হালধিৰে নোৱাইছে-ধুৱাইছে অসমীয়া কৃষক ৰাইজে । নিয়ম আৰু প্ৰচলিত পৰম্পৰা অনুসৰি, চ’ত আৰু বহাগ মাহৰ সংক্ৰান্তিৰ দিনটোত চহা অসমীয়া কৃষক ৰাইজে পালন কৰে গৰু বিহু । গো-ধনৰ শ্ৰীবৃদ্ধি কামনাৰে অতি আনন্দৰে কৃষকে পালন কৰে এই গৰু বিহু ।

ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে আজি কৃষকসকলে ঘৰৰ গৰুকেইটাক ওচৰৰ নৈ অথবা জান-জুৰিৰ ঘাটলৈ লৈ গৈ নোৱাইছে-ধুৱাইছে। দীঘলতি, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খুৱাই গো-ধনৰ শ্ৰীবৃদ্ধিৰ কামনা কৰিছে কৃষসকলে । ইয়াৰ মাজতে কৃষক ৰাইজৰ মাজত দেখা গৈছে ৰঙালীৰ ৰং । উল্লেখ্য় যে, অসমীয়া কৃষিভিত্তিক সমাজ ব্যৱস্থাত গৰুৱে উল্লেখনীয় ভূমিকা পালন কৰে ।

গৰু বিহু পৰম্পৰা

আজি গৰু বিহুৰ দিনটোত ৰাতিপুৱাই কৃষকসকলে নিজৰ গৰুকেইটাক নদীৰ পাৰলৈ লৈ যায় । গৰুৰ গাত মাহ-হালধি সানে আৰু গৰুৰ গা ঘঁহিবৰ বাবে খেৰৰ নুৰা ব্যৱহাৰ কৰে কৃষকসকলে । একেদৰে আজিৰ দিনটোত গৰুৰ গাত লাও-বেঙেনা আদি ছটিয়াবলৈ ছাট সজাৰ পৰম্পৰা আছে । গৰু বিহু দিনটোৰ এই কাৰ্যসূচীত গাঁৱৰ ডেকা-গাভৰু, শিশু-মহিলা সকলো উপস্থিত থাকে আৰু তেওঁলোকৰ মাজত ৰঙালীৰ ৰং প্ৰতিফলিত হয় ।

ইফালে, ছাটত থকা সকলো লাও-বেঙেনা গৰুলৈ নামাৰি কিছু অংশ ছাটত ৰখা হয়। এই ছাট ঘৰলৈ ওভোটাই নানি ওচৰ-চুবুৰীয়াৰ সৈতে ছাট, পঘা আৰু থেকেৰা সলনি কৰাৰো গৰু বিহুৰ নিয়ম। গোহালিৰ কোনোবা এক কোণত এই ছাট ৰখা হয়। লোক বিশ্বাস অনুসৰি, গৰুৰ গাত সানিবলৈ তৈয়াৰ মাহ-হালধিৰে আজিৰ দিনটোত গা ধুলে বহুখিনি বেমাৰৰ পৰা হাত সাৰিব পাৰি বুলি কোৱা হয় । আজিৰ দিনটোত গাঁৱৰ নামঘৰত ৰাজহুৱাকৈ শৰাই আগবঢ়োৱাৰ নিয়মো আছে ।

একেদৰে গৰু বিহুৰ দিনা নাহৰ পাতত মন্ত্ৰ লিখি ঘৰৰ দুৱাৰ-খিৰিকীৰ কোণত ৰখাৰো এটা নিয়ম আছে । ইফালে যেতিয়া ঘৰৰ গৰু কেইটা ঘৰলৈ ঘূৰি আহে তেতিয়া গোহালিত ‘জাগ দিয়া’ হয়। ঘৰৰ গৰু কেইটাক নতুন মৰাপাটৰ পঘাৰে বন্ধা হয় । আজিৰ দিনটোত অসমীয়া লোকসকলে এশ এবিধ শাক খোৱাৰো পৰম্পৰা আছে । এই সকলোবোৰ পৰম্পৰাৰ মাজেৰে আজি কৃষিজীৱী অসমীয়াই পালন কৰিছে গৰু বিহু । এই আপাহতে সকলো অসমবাসীলৈ আমাৰ তৰফৰ পৰাও জনাইছোঁ গৰু বিহুৰ অলেখ শুভ কামনা…

ভগৱান শিৱৰ প্ৰিয় ভোগ কি জানেনে? শাওণ মাহত এই ভোগ আগবঢ়াই লাভ কৰিব পাৰিব ভোলানাথৰ আশীৰ্বাদ
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে শিশুক কেনেধৰণৰ খাদ্য খুৱাব লাগে?
সুস্থ জীৱন-যাপনৰ বাবে পুৰুষসকলে এই ৫ টা অভ্যাস কৰক
পূজা-পাঠ কৰা লোকসকলৰ জীৱনত বেছি সমস্যা কিয় আহে? ক'লে প্ৰেমানন্দ মহাৰাজে...