Republic Day 2025: গণৰাজ্য দিৱসত ৰাজ্যৰ কোন মন্ত্রীয়ে ক’ত উৰুৱাব পতাকা?

গণৰাজ্য দিৱসক লৈ অসমৰ প্ৰতিখন জিলাতো আৰক্ষী আৰু জিলা প্ৰশাসনৰ মাজত বৃদ্ধি পাইছে তৎপৰতা। ভিন্ন প্ৰান্তত চলিছে গণৰাজ্যৰ দিৱসৰ প্ৰস্তুতি। পেৰেডৰ চূড়ান্ত অনুশীলনত ব্যস্ত হৈ পৰিছে কেডেটসকল। মহানগৰীটো চলিছে প্ৰশাসনৰ গণৰাজ্য দিৱসৰ ব্যাপক আয়োজন।

Republic Day 2025:  গণৰাজ্য দিৱসত ৰাজ্যৰ কোন মন্ত্রীয়ে কত উৰুৱাব পতাকা?

কোন মন্ত্রীয়ে ক'ত উৰুৱাব পতাকা?

Updated On: 

26 Jan 2025 08:50 AM

প্ৰতি বছৰে ২৬ জানুৱাৰীৰ দিনটো সমগ্ৰ দেশতে গণৰাজ্য দিৱস হিচাপে উদযাপন কৰা হয়। এই দিনটোতে গৃহীত হৈছিল ভাৰতীয় সংবিধান। যাৰ ফলত ভাৰত এখন গণতান্ত্ৰিক গণৰাজ্য হৈ পৰে। গণৰাজ্য দিৱসে সেই দিনটো চিহ্নিত কৰে যিদিনা ভাৰতীয় সংবিধান কাৰ্যকৰী কৰা হৈছিল। প্ৰথম গণৰাজ্য দিৱসৰ অনুষ্ঠান ১৯৫০ চনৰ ২৬ জানুৱাৰীত অনুষ্ঠিত হৈছিল। প্ৰতি বছৰে ২৬ জানুৱাৰীত  নতুন দিল্লীৰ কৰ্তব্য পথত গণৰাজ্য দিৱসৰ কুচকাৱাজ অনুষ্ঠিত হয়।

গণৰাজ্য দিৱস উদযাপনত প্ৰতি বছৰে এক সুন্দৰ সাংস্কৃতিক কুচকাৱাজ অনুষ্ঠিত হয়, যিয়ে ভাৰতৰ বৈচিত্ৰ্য প্ৰদৰ্শন কৰে। এই বছৰৰ বিষয়বস্তু হৈছে স্বৰ্নিম ভাৰত – “বিৰাছত আৰু বিকাশ’ (সোণালী ভাৰত – ঐতিহ্য আৰু উন্নয়ন)। এই বিষয়বস্তুৱে ভাৰতৰ জীৱন্ত সাংস্কৃতিক ঐতিহ্য আৰু ইয়াৰ নিৰন্তৰ প্ৰগতি যাত্ৰাৰ ওপৰত আলোকপাত কৰিছে।

প্ৰতি বছৰে গণৰাজ্য দিৱসত এজন মুখ্য অতিথি উপস্থিত থাকে। যিগৰাকী কোন এখন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি বা প্ৰধানমন্ত্ৰী। এই বছৰ, গণৰাজ্য দিৱসৰ মুখ্য অতিথি হৈছে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবোও চুবিয়েনটো। গণৰাজ্য দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকিবলৈ তেওঁ ইতিমধ্যে ভাৰতত উপস্থিত হৈছে।

ইফালে গণৰাজ্য দিৱসক লৈ অসমৰ প্ৰতিখন জিলাতো আৰক্ষী আৰু জিলা প্ৰশাসনৰ মাজত বৃদ্ধি পাইছে তৎপৰতা। ভিন্ন প্ৰান্তত চলিছে গণৰাজ্যৰ দিৱসৰ প্ৰস্তুতি। পেৰেডৰ চূড়ান্ত অনুশীলনত ব্যস্ত হৈ পৰিছে কেডেটসকল। মহানগৰীটো চলিছে প্ৰশাসনৰ গণৰাজ্য দিৱসৰ ব্যাপক আয়োজন। গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত  উদযাপন কৰা হ’ব গণৰাজ্য দিৱস। খানাপাৰা খেলপথাৰত গণৰাজ্য দিৱসৰ পতাকা উৰুৱাব ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্যই। পেৰেডত অংশগ্ৰহণ কৰিব ২৩ টাকৈ প্লাটুনে। জানো আহক এইবাৰ গণৰাজ্য দিৱসক ৰাজ্যৰ কোন মন্ত্রীয়ে ক’ত পতাকা উৰুৱাব ?

কামৰূপ জিলাত পতাকা উৰুৱাব চন্দ্রমোহন পাটোৱাৰীয়ে।  ধেমাজিত ৰণোজ পেগু, নগাঁৱত অশোক সিংঘল, গোৱালপাৰা নোমল মমিন,  সম-জিলা মাহমৰাত যোগেন মহন,  গোলাঘাটত অজন্তা নেওগ, ওদালগুৰিত গোবিন্দ চন্দ্ৰ বসুমতাৰী, শোণিতপুৰত পীযূষ হাজৰিকা, যোৰহাটত বিমল বৰা, নলবাৰীত জয়ন্ত মল্ল বৰুৱা, বৰপেটাত নন্দিতা গার্লোছা, তিনিচুকীয়াত প্রশান্ত ফুকনে উৰুৱাব পতাকা।

গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰা মন্ত্রীৰ নাম

ইফালে লখিমপুৰত ৰূপেশ গোৱালা, কোকৰাঝাৰত প্ৰমোদ বড়ো, ডিফু তুলিৰাম ৰংহাং, হাফলঙত দেবুলাল গার্লোছা, শ্রীভূমিত কৃষ্ণেন্দু পাল, দৰঙত মন্ত্ৰী ৰণজিৎ দাস, শিৱসাগৰত মন্ত্ৰী অতুল বৰা, বঙাইগাঁৱত কেশৱ মহন্ত,  চিৰাঙত উৰ্খাও গৌড়া ব্রহ্মই উৰুৱাব পতাকা। ইয়াৰ বাবে ইতিমধ্যে সম্পূৰ্ণ হৈছে সকলো ব্যৱস্থা।

প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় গণৰাজ্য দিৱস উদযাপনৰ বাবে সাজু হৈছে ডিব্ৰুগড়। গণৰাজ্যৰ মূল অনুভূতিক উদযাপন কৰিবলৈ সজাই-পৰাই তোলা হৈছে চহৰখন। ডিব্ৰুগড়ত অনুষ্ঠিত  গণৰাজ্য দিৱসৰ কাৰ্যসূচীত পতাকা উৰুৱাব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

 

 

পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension
গৰমত চুলি সৰা সমস্যা কিয় বাঢ়ে? ই কি কি ৰোগৰ লক্ষণ?
বৰষুণৰ দিনত কেনেকৈ নিজৰ স্বাস্থ্যৰ যতন ল'ব?