কংগ্ৰেছৰ ভিতৰচ’ৰাত পুনৰ সমস্যা! বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে নিজকে প্ৰক্ষেপ কৰিলে ৰাণী নৰহে

Rani Narah: সমাগত বিধানসভা নিৰ্বাচন। ইতিমধ্যে প্ৰতিটো দলে নিজৰ ভেটি মজবুত কৰাত ব্যস্ত হৈ পৰিছে। ইয়াৰ মাজতে নিজকে প্ৰাৰ্থী হিচাপে ঘোষণা কৰিলে ৰাণী নৰহে। সংবাদমেল সম্বোধন কৰি তেওঁ ঘোষণা কৰে এই কথা।

কংগ্ৰেছৰ ভিতৰচৰাত পুনৰ সমস্যা! বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে নিজকে প্ৰক্ষেপ কৰিলে ৰাণী নৰহে

ৰাণী নৰহ

Published: 

30 Oct 2025 | 05:10 PM

অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী। ইয়াৰ বাবে ইতিমধ্যে শাসকীয়, বিৰোধী দলসমূহে প্ৰস্তুতি আৰম্ভ কৰিছে। প্ৰতিটো দলে তৃণমূল পৰ্যায়ত ভেটি শক্তিশালী কৰাৰ বাবে ইতিমধ্যে ব্যস্ত হৈ পৰিছে। ইয়াৰ মাজতে নিজকে কংগ্ৰেছ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে ৰাণী নৰহে। বুধবাৰে সংবাদমেল সম্বোধন কৰি আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে নিজকে কংগ্ৰেছৰ প্ৰাৰ্থী বুলি কয় তেওঁ।

লখিমপুৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী বুলি নিজকে ঘোষণা কৰি ৰাণীয়ে কয় যে, আগন্তুক নিৰ্বাচনত তেওঁ বিজেপিৰ মানৱ ডেকাৰ বিৰুদ্ধে নিৰ্বাচন খেলিব। অৱশ্যে দলটোৱে এতিয়ালৈকে এই সন্দৰ্ভত কোনো মত প্ৰকাশ কৰা নাই।

উল্লেখ্য যে, কিছুদিন ধৰি প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁইক পিছ পেলাই দলীয় কাম-কাজত অধিক তৎপৰ হৈ পৰিছে ৰাণী নৰহ। এখনৰ পাছত আনখন দলীত কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। ইয়াৰ মাজতে তেওঁ এতিয়া নিজকে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে। ৰাণীৰ মতে, ২০২৬ চনৰ নিৰ্বাচনত তেওঁ লখিমপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। কালি বগীনদীত সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে ৰাণী নৰহে।

এই সন্দৰ্ভত ৰাণী নৰহে কয় যে, “কেন্দ্ৰীয় নেতৃবৃন্দই জ্যেষ্ঠ নেতা-নেত্ৰীসকলক নিৰ্দেশ দিছে যে নিজৰ নিজৰ ঠাইলৈ গৈ নিৰ্বাচন খেলিব পাৰে। মই ভাবো, সেই জ্যেষ্ঠ নেত্ৰীৰ শাৰীত মইয়ো পৰো। গতিকে মই নিৰ্বাচন খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে”। ইয়াৰ পাছতে এতিয়া লখিমপুৰৰ কংগ্ৰেছ প্ৰাৰ্থীৰ শক্তিশালী দাবীদাৰ প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোঁহাইৰ সমৰ্থনৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। 

মন কৰিবলগীয়া যে, বিগত লোকসভা নিৰ্বাচনত দলীয় প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হৈ এক প্ৰকাৰ দলীয় কাম কাজৰ পৰা নিজকে আঁতৰাই ৰাখিছিল ৰাণী নৰহে। কিন্তু নিৰ্বাচন অহাৰ লগে লগে  পুনৰ তেওঁ এক্টিভ হৈ পৰে। ৰাণীৰ এই ঘোষণাই যে কংগ্ৰেছৰ ভিতৰচ’ৰাত সমস্যাৰ সৃষ্টি কৰিব সেয়া নিশ্চিত। গতিকে কংগ্ৰেছে এই সমস্যাৰ সৈতে কেনেকৈ মোকাবিলা কৰে সেয়া সময়ত হ’ব লক্ষণীয়।

 

অন্য খবৰ পঢ়কঃ আজি অভিশপ্ত ৩০ অক্টোবৰঃ ভয়ংকৰ বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল ৮১ জনে, ঘূণীয় হৈ ৰ’ল বহুতো…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...