বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক পৰা সাংসদ আৰু এতিয়া ৰাজ্যপাল ! ভাৰতীয় ৰাজনীতিত গুৰু ভূমিকা পালন কৰি আহিছে ৰমেন ডেকাই
Ramen Deka: ভাৰতীয় ৰাজনীতিত এই দীৰ্ঘদিনীয়া অভিজ্ঞতা লাভ কৰি আহিছে নতুনকৈ ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰা অসমৰ ৰমেন ডেকাই । ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী সক্ৰিয় সদস্য হোৱাৰ উপৰিও বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক আৰু বিজেপিৰ অসম প্ৰদেশৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে ডেকাই ।

ৰমেন ডেকা
অসমৰ বিশিষ্ট ৰাজনীতিবিদ ৰমেন ডেকাক ছত্তীশগড়ৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে । ২৭ জুলাই শনিবাৰে নিশা এই কথা আনুষ্ঠানিক ভাৱে ঘোষণা কৰে ৰাষ্ট্ৰপতি কাৰ্যালয়ে । কেৱল ছত্তীশগড়ে নহয় দেশৰ ৯ খন ৰাজ্যৰ নতুন ৰাজ্যপাল নিযুক্তি দিয়া হৈছে । ইফালে, লক্ষ্মণ প্ৰসাদ আচাৰ্যক অসমৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে ।
ভাৰতীয় ৰাজনীতিত এই দীৰ্ঘদিনীয়া অভিজ্ঞতা লাভ কৰি আহিছে নতুনকৈ ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰা অসমৰ ৰমেন ডেকাই । ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী সক্ৰিয় সদস্য হোৱাৰ উপৰিও বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক আৰু বিজেপিৰ অসম প্ৰদেশৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে ডেকাই । বৰ্তমান অসমৰ ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ (SITA) উপাধ্যক্ষ দায়িত্বত আছিল ৰমেন ডেকা ।
ৰমেন ডেকাৰ ৰাজনৈতিক জীৱন
ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী সক্ৰিয় সদস্য আছিল ৰমেন ডেকা । ইয়াৰ পাছত তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ মুখপাত্ৰ, ৰাজ্যিক সাধাৰণ সম্পাদক, ৰাজ্যিক উপ-সভাপতি আৰু ২০০৫ চনৰ পৰা ২০০৯ চনলৈ দলৰ ৰাজ্যিক সভাপতিৰ দায়িত্বত আছিল ডেকা। ইয়াৰ পূৰ্বে ডেকাই ১৯৭৭ চনত জনতা পাৰ্টীৰ অসম শাখাৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে ।
তদুপৰি ৰেমন ডেকা মঙলদৈ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি সংসদৰ সদস্য হিচাপে কাৰ্যনিবাহ কৰিছে । ২০০৯ চন আৰু ২০১৪ চনত মঙলদৈ লোকসভা সমষ্টিৰ পৰা দুবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল ৰমেন ডেকা । মঙলদৈৰ সমষ্টিৰ পৰা লোকসভাৰ সাংসদ হোৱাৰ উপৰিও ডেকাই লোকসভাৰ পেনেল চেয়াৰমেন হিচাপে কেইবাটাও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।
৯ খন ৰাজ্যৰ নতুন ৰাজ্যপাল নিযুক্তি
ৰাষ্ট্ৰপতি ভৱনৰ পৰা লাভ কৰা তথ্য অনুসৰি, লক্ষ্মণ প্ৰসাদ আচাৰ্যক অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। ইয়াৰ উপৰিও তেওঁক মণিপুৰৰ অতিৰিক্ত দায়িত্বও দিয়া হৈছে। গুলাব চান্দ কাটাৰিয়াক পঞ্জাৱৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডীগড়ৰ প্ৰশাসক হিচাপেও নিযুক্তি দিয়া হৈছে কাটাৰিয়াক।
ঝাৰখণ্ডৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনক মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। ঝাৰখণ্ডৰ নতুন ৰাজ্যপাল হ’ব সন্তোষ কুমাৰ গংগৱাৰ। বিবৃতিটোত হৰিভৌ কিষাণৰাও বাগডেক ৰাজস্থানৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে । বিষ্ণু দেৱ ভাৰ্মাক তেলেংগানাৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে আৰু ওম প্ৰকাশ মাথুৰক ছিকিমৰ নতুন ৰাজ্যপালৰ দায়িত্ব দিয়া হৈছে। একেদৰে ৰমেন ডেকাক ছত্তীশগড়ৰ ৰাজ্যপাল আৰু চি এইচ বিজয়শংকৰক মেঘালয়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে।