Morigaon Police: মৰিগাঁও কাৰাগাৰৰ পৰা পলায়ন কৰা কয়দী জীয়াৰুল ইছলামক অন্ধ্ৰপ্ৰদেশত গ্ৰেপ্তাৰ…

অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি জিলাৰ পৰা জীয়াৰুল ইছলামক কৰায়ত্ত কৰে আৰক্ষীয়ে । পালয়ন কৰাৰ পাছৰে পৰা অন্ধ্ৰপ্ৰদেশত আত্মগোপন কৰি আছিল জীয়াৰুল ইছলামে ।

Morigaon Police: মৰিগাঁও কাৰাগাৰৰ পৰা পলায়ন কৰা কয়দী জীয়াৰুল ইছলামক অন্ধ্ৰপ্ৰদেশত গ্ৰেপ্তাৰ...

মৰিগাঁও জিলা কাৰাগাৰৰ পৰা পলায়ন কৰা তৃতীয়টো কয়দীক গ্ৰেপ্তাৰ

Updated On: 

03 Nov 2024 | 03:09 PM

মৰিগাঁও জিলা কাৰাগাৰৰ পৰা পলায়ন কৰা তৃতীয়টো কয়দীক কৰায়ত্ত কৰিছে আৰক্ষীয়ে । দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল জীয়াৰুল ইছলাম নামৰ কয়দীটো। যোৱা ১০ অক্টোবৰ তাৰিখে নিশা মৰিগাঁও জিলা কাৰাগাৰৰ পৰা চিনেমা কায়দাৰে পাঁচটা কয়দী পলায়ন কৰিছিল । এই পাঁচটা কয়দীৰ ভিতৰত আছিল অন্ধ্ৰপ্ৰদেশত কৰায়ত্ত কৰা এই কয়দীটো । POCSO আইনৰ অধীনত মৰিগাওঁ জিলা কাৰাগাৰত বন্দী হৈ আছিল এই পাঁচ কয়দী ।

সূত্ৰ খবৰ অনুসৰি, অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি জিলাৰ পৰা জীয়াৰুল ইছলামক কৰায়ত্ত কৰে আৰক্ষীয়ে । পালয়ন কৰাৰ পাছৰে পৰা অন্ধ্ৰপ্ৰদেশত আত্মগোপন কৰি আছিল জীয়াৰুল ইছলামে । মৰিগাওঁ জিলা কাৰাগাৰৰ পৰা পলায়ন কৰা কয়দী কেইজনৰ নাম হৈছে- চাইফুদ্দিন, জীয়াৰুল ইছলাম, নুৰ ইছলাম, মাফিদুল, আব্দুল ৰচিদ। শেহতীয়াকৈ আৰক্ষীয়ে কৰায়ত্ত কৰিছে জীয়াৰুল ইছলামক।

ইফালে, পলায়ন কৰা আন এটা কয়দী আব্দুল ৰচিদৰ মৃতদেহ কিছুদিন পূৰ্বে লাহোৰিঘাট অঞ্চলৰ মেটেকাই ভৰি থকা এখন বিলত উদ্ধাৰ হৈছিল । উল্লেখ্য যে, এটা কয়দীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে শেহতীয়া আন এটা কয়দীক অন্ধ্ৰপ্ৰদেশৰ পৰা কৰায়ত্ত কৰিছে আৰক্ষীয়ে । ইফালে, আন দুটা কয়দী এতিয়াও পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে ।

সূত্ৰ খবৰ অনুসৰি, POCSO অধীনৰ এটা বিচাৰাধীন গোচৰত মৰিগাঁও জিলা কাৰাগাৰত কাৰাবন্দী হৈ আছিল কয়দী কেইটা । খবৰ অনুসৰি, কয়দী কেইজনে কাৰাগাৰৰ ভিতৰৰ বেৰেকৰ ৰ’ড ভাঙি কাৰাগাৰৰ পৰা ওলায় যায় আৰু ব্যৱহাৰ কৰিবলৈ দিয়া কম্বল, লুঙি, বিচনাৰ চাদৰ আদি জোৰা লগাই কয়দী কেইটাই জে’লৰ প্ৰায় ২০ ফুট উচ্চতাৰ দেৱাল বগাই পলায়ন কৰিছিল।

শেহতীয়াকৈ মৰিগাঁও আৰক্ষীয়ে কৰায়ত্ত কৰা পলাতক তৃতীয়টো কয়দী জিয়াৰুল ইছলামৰ ঘৰ হৈছে মিছামাৰী থানাৰ অধীনস্থ শোণিতপুৰ জিলাৰ কলাকুছি গাঁৱত ।

লগতে পঢ়ক : মৰিগাঁও কাৰাগাৰৰ পৰা পলায়ন কৰা এজন কয়দীৰ মৃতদেহ উদ্ধাৰ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব