ঐতিহাসিক ক্ষণৰ সাক্ষী, প্ৰধানমন্ত্ৰীৰ সন্মুখত ১০ হাজাৰ শিল্পীয়ে প্ৰদৰ্শন কৰিলে বাগৰুম্বা…
শনিবাৰে সৰুসজাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত প্ৰদৰ্শিত হ'ল বড়ো সম্প্ৰদায়ৰ পৰম্পৰাগত বাগৰুম্বা দ’হৌ নৃত্য। য’ত ১০ হাজাৰৰো অধিক শিল্পীয়ে অংশগ্ৰহণ কৰে। গুৱাহাটীৰ সৰুসজাইত ঐতিহাসিক বাগৰুম্বা নৃত্যৰ সাক্ষী হৈ ৰ'ল সমগ্ৰ বিশ্ব।

প্ৰধানমন্ত্ৰীয়ে সন্মুখত প্ৰদৰ্শিত হ'ল অসমৰ বাগৰুম্বা
শনিবাৰে সৰুসজাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত প্ৰদৰ্শিত হ’ল বড়ো সম্প্ৰদায়ৰ পৰম্পৰাগত বাগৰুম্বা দ’হৌ নৃত্য। য’ত ১০ হাজাৰৰো অধিক শিল্পীয়ে অংশগ্ৰহণ কৰে। গুৱাহাটীৰ সৰুসজাইত ঐতিহাসিক বাগৰুম্বা নৃত্যৰ সাক্ষী হৈ ৰ’ল সমগ্ৰ বিশ্ব।
দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা মোদীয়ে এই কাৰ্যসূচীয়ে বড়ো সংস্কৃতিক উদযাপন কৰা বুলি উল্লেখ কৰি সমাজৰ আকাংক্ষা পূৰণৰ বাবে চৰকাৰৰ দায়বদ্ধতাক পুনৰ দৃঢ়তাৰে কয়। শুকুৰবাৰে এক্সত এক পোষ্টযোগে প্ৰধানমন্ত্ৰীয়ে কৈছিল যে, “এই কাৰ্যসূচীয়ে মহান বড়ো সংস্কৃতিক উদযাপন কৰে। কেন্দ্ৰ আৰু অসমৰ এন ডি এ চৰকাৰে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ দৃষ্টিভংগী পূৰণৰ বাবে ব্যাপকভাৱে কাম কৰি আছে।”
ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি আন নেতা-কৰ্মী আৰু সাধাৰণ জনতা মোদীৰ সৈতে এই অনুষ্ঠানৰ সাক্ষী হয়। মহানগৰীৰ সৰুসজাই অঞ্চলৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ষ্টেডিয়ামত অনুষ্ঠিত হৈছি ‘বাগুৰুম্বা দ’হৌ ২০২৬’ শীৰ্ষক এই অনুষ্ঠানত। ২৩খন জিলাৰ ৮১টা বিধানসভা সমষ্টিৰ প্ৰায় ৮ হাজাৰ নৃত্যশিল্পীকে ধৰি ১০ হাজাৰৰো অধিক শিল্পীয়ে অংশগ্ৰহণ কৰে।
প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত খাম, চিফুং আৰু চেৰজা আদিৰ সুৰ-তালৰ ছন্দৰে নৃত্য পৰিৱেশন কৰি সকলোকে চমকিত কৰি তোলে শিল্পীসকলে। উল্লেখ্য যে, ১২, ১৩, ১৪ আৰু ১৫ জানুৱাৰীৰ পৰা সৰুসজাইত অসমৰ বিভিন্ন প্ৰান্তৰ শিল্পীক জড়িত কৰি আখৰা আয়োজন কৰা হৈছিল। য’ত তেওঁলোকক এক ত্ৰুটিহীন আৰু দৃশ্যগতভাৱে আচৰিত ধৰণৰ নৃত্য আগবঢ়োৱাৰ প্ৰশিক্ষণ দিয়া হৈছিল।
এই অনুষ্ঠানত ভাষণ প্ৰদান কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। বড়ো ভাষাতে ভাষণ আৰম্ভ কৰিলে প্রধানমন্ত্রীয়ে। প্রধানমন্ত্রীয়ে কয়, “আজি মই যেতিয়া ইয়ালৈ আহিছোঁ, মোৰ মনত বহুখিনি কথাই দোলা দি আছে। মই এটা কথা ভাবি ভাবুক হৈ পৰিছোঁ— মোৰ অসম আজি ইমান আগুৱাই গৈছে! এটা সময়ত য’ত প্রায় প্রতিদিনাই ৰক্তপাত হৈছিল, সেই ঠাই আজি সাংস্কৃতিক ৰঙেৰে সজ্জিত হৈ পৰিছে। এসময়ত য’ত গুলীৰ শব্দই কঁপাই গৈছিল; তাত আজি খাম, চিফুঙৰ মধুৰ ধ্বনিয়ে গা কৰি উঠিছে।”
কংগ্রেছক তীব্ৰ সমালোচনা প্রধানমন্ত্রীৰ
ভাষণ প্ৰসংগত কংগ্রেছক তীব্ৰ সমালোচনা প্রধানমন্ত্রীয়ে কয়, “কংগ্রেছে অসমৰ সংস্কৃতি আৰু ঐতিহ্যক অসন্মান কৰাৰ অভিযোগ উত্থাপন কৰি কয়. “দলটোৱে অনুপ্রৱেশকাৰীৰ বাবে ৰঙা দলিচা দিয়াৰ কথা স্পষ্ট হৈ পৰিছে ৷” মোদীয়ে দৃঢ়তাৰে কয়, বিজেপি চৰকাৰে পূৰ্বৰ কংগ্ৰেছে শাসনৰ সময়ত কৰা পাপ পৰিষ্কাৰ কৰি আছে।
তেওঁ কয়, ‘অসম আৰু ইয়াৰ সংস্কৃতিৰ প্ৰতি আমি যেতিয়া সন্মান দেখুৱাওঁ, তেতিয়া একাংশ লোকে ভাল নাপায়। কোনটো দলে সন্মান পালে ভাল নাপায়, সেয়া আপোনালোকে সকলোৱে জানে, আৰু হ’ল সেয়া কংগ্ৰেছ।’ তেওঁ লগতে অভিযোগ কৰে যে কংগ্ৰেছে অসমৰ বডোলেণ্ড মূলসুঁতিৰ পৰা বিচ্ছিন্ন হৈ থকাটো নিশ্চিত কৰিছিল।
লগতে কয়, ‘অসমৰ সন্মুখত প্ৰত্যাহ্বান আছিল। কিন্তু, আলোচনাৰ জৰিয়তে সমাধান বিচাৰি উলিওৱাৰ পৰিৱৰ্তে কংগ্ৰেছে ৰাজ্যখনক হিংসাৰ দিশে ঠেলি দিলে।’ তেওঁ কয় যে, পূৰ্বৰ পাৰ্টিয়ে ভোট বেংকৰ ৰাজনীতিৰ স্বাৰ্থত অনুপ্ৰৱেশকাৰীৰ বাবে অসমৰ দুৱাৰ মুকলি কৰিছিল আৰু এই অবৈধ বসতিপ্ৰধান লোকসকলে সমগ্ৰ ৰাজ্যতে মাটি দখল কৰিছিল।
অসমৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এতিয়া কংগ্ৰেছৰ “পাপ পৰিষ্কাৰ” কৰি আছে, আৰু বেদখল কৰা ভূমি পৰিষ্কাৰ কৰিছে বুলি কয় মোদীয়ে। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখনৰ প্ৰতি থকা সন্মান আৰু প্ৰেমৰ কথা দৃঢ় কৰি মোদীয়ে কয় যে, তেওঁৰ দৰে আন কোনো প্ৰধানমন্ত্ৰীয়ে অসম ভ্ৰমণ কৰা নাছিল। তেওঁ কয়, ‘‘বাগুৰুম্বা দ’হৌ নৃত্য প্ৰদৰ্শন কেৱল উদযাপনতকৈও অধিক, এয়া বড়ো সমাজৰ প্ৰতি সন্মান প্ৰদৰ্শন।”
মোদীয়ে লগতে কয়, ‘‘২০২০ চনৰ বড়ো শান্তি চুক্তিখনে স্থায়ী শান্তি অনাৰ ক্ষেত্ৰত সহায়ক হৈছে আৰু অসমত বন্দুকৰ গুলীৰ শব্দত বাদ্যযন্ত্ৰৰ শব্দই ঠাই লৈছে। মোদীয়ে কয়, মই যদি অসমৰ সংস্কৃতিৰ সৈতে জড়িত সামগ্ৰী পৰিধান কৰোঁ বা গামোচা যদি মোৰ লগত থাকে, কংগ্ৰেছে ঠাট্টা কৰে৷ অসমৰ বিকাশ আৰু স্বীকৃতিত কংগ্রেছৰ গা পোৰে। ড° ভূপেন হাজৰিকাক ভাৰত ৰত্ন প্রদানত আপত্তি কৰাৰ পৰা আৰম্ভ কৰি ছেমিকণ্ডাক্টৰ প্রকল্পৰ বিৰোধিতা কৰালৈ— তেওঁলোকে অসমৰ বিকাশক সহ্য কৰিব নোৱাৰে।”